বৰপেটা সদৰ কপাই তোলে নিৰ্মাণ শ্ৰমিক সকলে ৷ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি কপাই তোলে বৰপেটাৰ ৰাজপথ ৷ হাতত নিৰ্মাণ শ্ৰমিকৰ পতাকা লৈ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে শ্ৰমিক সকলে ৷সমাজ নিৰ্মাণৰ ক্ষেত্ৰত এই শ্ৰমিক সকলৰ অৱদান অপৰিসীম ৷ অথচ এই শ্ৰমিক সকলেই নিৰাপত্তাহীনতাত ভুগি আছে ৷ সেয়ে ভাৰতৰ নিৰ্মাণ শ্ৰমিক ফেডাৰেচনে আহ্বান দিয়া দুদিনীয়া দেশজোৰা ধৰ্মঘটৰ অংশ হিচাবে নিৰ্মাণ শ্ৰমিক কল্যাণ আইন ৰক্ষাকে ধৰি বিভিন্ন দাবী সমূহ পূৰণ কৰিবলৈ সদৌ অসম নিৰ্মাণ শ্ৰম ইউনিয়ন বৰপেটা জিলা কমিটিয়ে দাবী উস্থাপন কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰে ৷ এই দাবী সমূহৰ ভিতৰত অন্যতম ১৷ নিৰ্মাণ শ্ৰমিক কল্যাণ আইন ৰক্ষা কৰা ২৷নিৰ্মাণ শ্ৰমিক কল্যাণৰ ধন নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ হকে খৰচ কৰা ৩৷নিৰ্মাণ শ্ৰমিক হিতলাভৰ পৰিমাণ বৃদ্ধি কৰা আৰু সময়তে আদায় দিয়া ৪৷ ভুৱা নিৰ্মাণ শ্ৰমিক পঞ্জীয়ন বন্ধ কৰা ৫৷ নিত্য ব্যৱহাৰৰ সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা ৬৷ দেশৰ নিৰ্মাণ খণ্ডকে ধৰি ৰাজহুৱা সম্পদ বিক্ৰী বন্ধ কৰা আৰু ৭৷ নিৰ্মাণ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা ৷ প্ৰতিবাদ কাৰী সকলে চহৰৰ মাজেৰে আহি উপায়ুক্তৰ কাৰ্যালয় কাষত উপস্থিত হয় আৰু শ্লোগান দি থাকে ৷ উপায়ুক্তৰ হৈ অতিৰিক্ত উপায়ুক্তই নিৰ্মাণ শ্ৰমিকৰ জিলা সম্পাদক সৰৎ চন্দ্ৰ ৰয়ৰ পৰা স্মাৰকপত্ৰ গ্ৰহণ কৰে আৰু উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ পঠোৱা হ’ব বুলি কথা দিয়ে ৷