Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 9:23 am

Home » আঞ্চলিক » অসম » ২০২২ৰ নৱেম্বৰত মুকলি হ’ব নলবাৰী মেডিকেলৰ বহিঃবিভাগ

২০২২ৰ নৱেম্বৰত মুকলি হ’ব নলবাৰী মেডিকেলৰ বহিঃবিভাগ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাহ বুধবাৰে নলবাৰী জিলাৰ দক্ষিণগাঁৱত নির্মাণ কৰি থকা নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ নির্মাণকার্যৰ অগ্রগতিৰ বুজ লয়৷ পাছত তেওঁ সাংবাদিকৰ আগত কয় যে ২০২৩ চনৰ পৰা উক্ত চিকিৎসা মহাবিদ্যালয়খনৰ পাঠদান আৰম্ভ কৰা হ’ব৷ চিকিৎসা মহাবিদ্যালয়খনত এশজন ছাত্র–ছাত্রীয়ে অধ্যয়নৰ সুযোগ লাভ কৰিব৷ ইয়াৰ পূর্বে ২০২২ চনৰ নৱেম্বৰ মাহত চিকিৎসালয়খনৰ বহিঃবিভাগ মুকলি কৰা হ’ব৷ প্রথম অৱস্থাত চিকিৎসালয়খনত ছশ ৰোগী ৰখাৰ ব্যৱস্থা কৰা হ’ব৷ বর্তমান হয়াত এশখন আহ চি হউ বেডৰ সুবিধা থাকিব৷ তেওঁ পুনৰ কয় যে এহ চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদতে এখন কর্কট হাস্পতাল নির্মাণ কৰা হ’ব৷

মুখ্যমন্ত্রীগৰাকীয়ে পুনৰ কয় যে অহা পাঁচ ডিচেম্বৰৰ ভিতৰত ক’ভিডৰ প্রথম পালি ভেকচিন দিয়া সম্পূর্ণ হ’ব আৰু দহ ডিচেম্বৰত ৰাজ্যখনক প্রথম পালি ভেকচিন সম্পূর্ণ কৰা ৰাজ্য হিচাপে ঘোষণা কৰা হ’ব৷ সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাহ কয় যে নলবাৰী মেডিকেল কলেজৰ বাবে চিকিৎসকৰ কোনো অসুবিধা নহ’ব৷ প্রয়োজনীয় চিকিৎসক গুৱাহাটীৰ পৰা অনা হ’ব বুলিও কয়৷ অহা ডেৰ বছৰৰ ভিতৰত মেডিকেল কলেজৰ কাম সম্পূর্ণ হ’ব বুলি মুখ্যমন্ত্রীগৰাকীয়ে সাংবাদিকৰ আগত কয়৷ মুখ্যমন্ত্রীগৰাকীৰ পৰিদর্শনৰ সময়ত নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, নলবাৰী জিলা উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, জিলা স্বাস্থ্য বিভাগৰ বিষয়া–কর্মচাৰীসক সংগ দিয়ে৷ নলবাৰী মেডিকেল কলেজ পৰিদর্শন কৰাৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মাই লাটিমাস্থিত পিতৃগৃহত উপস্থিত হৈ গাঁওবাসীৰ খা–খবৰ লয়৷ মুখ্যমন্ত্রীগৰাকীক ওচৰতে পাই গাঁওবাসী উৎফুল্লিত হৈ পৰে৷ তেওঁ অতি শীঘ্রে পিতৃৰ জন্মভূমিত এনিশা কটোৱাৰ পৰিকল্পনা কৰিছে বুলি গাঁওবাসীক জানিবলৈ দিয়ে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি