Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:58 am

Home » আঞ্চলিক » অসম » পৌৰ নির্বাচনত বিজেপিয়ে মিত্রতা নকৰে কোনো দলৰে

পৌৰ নির্বাচনত বিজেপিয়ে মিত্রতা নকৰে কোনো দলৰে

অহা বছৰ ফেব্রুৱাৰী মাহত হ’বলগীয়া পৌৰ নির্বাচনত বিজেপিয়ে কোনো দলৰ সৈতে ৰাজ্যিক পর্যায়ত মিত্রতা নকৰে৷ –এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ৷ ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় বাজপেয়ী ভৱনত বুধবাৰে সংবাদ মাধ্যমৰ আগত সভাপতি কলিতাই কয় যে জিলা পর্যায়ত বা পৌৰসভা পর্যায়ত কোনোবাই মিত্রতা কৰিলে কৰিব পাৰে৷ কিন্তু ৰাজ্যিক পর্যায়ত কোনো মিত্রতা নাথাকে৷ আসন্ন পৌৰ নির্বাচনক লৈ বিজেপিৰ তৎপৰতা আৰম্ভ হোৱাৰ বিষয়ে জানিবলৈ দি সভাপতি কলিতাই কয় যে অহা ১১ ডিচেম্বৰত দলীয় বৈঠক এখন অনুষ্ঠিত হ’ব৷ ইয়াৰ পাছত অহা জানুৱাৰী মাহত পৌৰ নির্বাচনৰ প্রার্থী তালিকা প্রকাশ পাব৷
ইপিনে, উপ–নির্বাচনৰ প্রসংগত সভাপতি কলিতাই কয় যে মাজুলীৰ উপ–নির্বাচন হ’বই৷ পাছত দুই–এটা সমষ্টিত উপ–নির্বাচন হ’ব৷ তেওঁ আৰু কয় যে দুধনৈ বা তিতাবৰেই হওক বহু বিধায়কে বর্তমান তেওঁলোকৰ লগত যোগাযোগ কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বর্তমান যিদৰে চৰকাৰ চলাই আছে, কাম কৰিছে, তাৰ বাবে বিৰোধী বিধায়ক বিজেপিৰ প্রতি আকৃষ্ট হৈছে৷ মাইক্র’ ফাইনেঞ্চৰ ধন ৰেহাই, ১ লাখ নিবনুৱাক চাকৰি, মিছন বসুন্ধৰাকে ধৰি চৰকাৰখনৰ সংস্কাৰমুখী যাত্রা দেখি বিৰোধী বিধায়কেও এই সংগ্রামৰ সহযোগী হ’ব বিচাৰিছে বুলি সভাপতি কলিতাই মন্তব্য কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি