Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 1:49 pm

Home » আঞ্চলিক » অসম » গৰুখুঁটিয়ে কর্মসংস্কৃতিৰ নতুন ইতিহাস ৰচিব

গৰুখুঁটিয়ে কর্মসংস্কৃতিৰ নতুন ইতিহাস ৰচিব

‘গৰুখুঁটি কৃষি প্রকল্পহ অসমত কর্মসংস্কৃতিৰ এক নতুন ইতিহাস ৰচনা কৰিব৷ অসমক আত্মনির্ভৰশীল কৰি গঢ়ি তোলাৰ ক্ষেত্রত প্রেৰণা দিব গৰুখুঁটিয়ে৷ অসমীয়া জাতিক নতুন প্রাণ দিব গৰুখুঁটিয়ে৷’– এহ আত্মবিশ্বাস ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ ছিপাঝাৰৰ গৰুখুঁটি বহুমুখী কৃষি প্রকল্পত দিনজোৰা মাৰাথন কার্যসূচীত অংশ লৈ প্রকল্পত নিয়োজিত যুৱক–যুৱতীৰ কর্মস্পৃহা দেখি এহদৰে কয় মুখ্যমন্ত্রীগৰাকীয়ে৷অসমীয়া জাতিৰ বর্তমানৰ অৱস্থাৰ কথা উদ্বেগেৰে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাহ আৰু কয়– ‘অসমীয়া জাতিটোৱে যোৱা কেহটামান দশকত কর্মসংস্কৃতিৰ পৰা আঁতৰি থকাৰ বাবেহ হেৰুৱাব লগা হৈছিল ভূমিৰ লগতে ৰাজনৈতিক, সামাজিক আৰু অর্থনৈতিক অধিকাৰ৷ যাৰ বাবে বিভিন্ন দিশত পিছপৰি থাকিবলগীয়া হৈছিল জাতিটো৷ সেয়েহে এতিয়া জাতিটোৱে আত্মসমালোচনা কৰাৰ সময় আহি পৰিছে৷ জাতিটো সাৰ পাবৰ হ’ল, জাতিটোৱে নতুনকৈ চিন্তা কৰিবৰ হ’ল৷ এটা সময়ত শংকৰদেৱ–মাধৱদে আশীর্বাদ লৈ অসমীয়া জাতিয়ে কর্মসংস্কৃতিৰে আগবাঢ়ি গৈছিল৷ অসমীয়া জাতিয়ে একে নিশাতে গড় বান্ধি মোগলক পৰাভূত কৰিছিল৷ সেয়েহে মানসিকতাৰ পৰিৱর্তন সাধন কৰি আগবাঢ়ি যাব লাগিব৷ এতিয়া ৰাজপথত কেৱল জয় আহ অসমৰ আন্দোলন কৰিলে নহ’ব৷ আধুনিক যুগৰ আন্দোলন হ’ব লাগিব কেৱল ডৎপাদনমুখী আন্দোলন৷সেয়ে ডৎপাদন অর্থাৎ কৃষি কর্মৰে গৰুখুঁটিত নতুন হতিহাস লিখা হ’ব৷ ৰাসায়নিক সাৰ প্রয়োগেৰে নহয়, গৰুখুঁটিত কেৱল জৈৱিক পদ্ধতিৰে খেতি কৰি দাঙি ধৰা হ’ব নতুন পৰিচয়৷’

উল্লেখ্য যে প্রকল্পস্থলীত কেইবাখনো ডন্নয়নমুখী আঁচনিৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাহ এতিয়াও ধলপুৰৰ চৰকাৰী ভূমি বেদখল কৰি থকা লোকসকলক নিজেহ আঁতৰি যাবলৈও আহ্বান জনায়৷ হয়াত কোনোৱে আৰু ঘৰ বান্ধি থাকিবলৈ নাহে বুলি মন্তব্য কৰি হয়াত সাম্প্রদায়িকতা কিম্বা ৰাজনীতি নাই বুলিও স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্রী ড০ শর্মাই৷ গৰুখুঁটিত ডৎপাদিত পাচলি হিন্দু, মুছলমান সকলোৱে খাব আৰু আত্মনির্ভৰশীলতাৰ বিপ্লৱ আগবাঢ়ি যাব বুলিও ডল্লেখ কৰে৷ লক্ষণীয় যে ঐতিহাসিক ধলপুৰৰ শিৱ মন্দিৰৰ সমীপত আকাশমার্গেৰে আহি ডপস্থিত হৈয়ে প্রথমে মুখ্যমন্ত্রী ড০ শর্মাই মন্দিৰত আশিস গ্রহণ কৰে৷ তাৰ পিছতে মন্দিৰৰ সমীপৰ ব্রহ্মপুত্র সংলগ্ণ মৰানৈৰ খহনীয়া প্রতিৰোধ আঁচনিৰ ডদ্বোধন কৰে৷ তাৰ পৰা পোনে পোনে কৃষি প্রকল্পৰ কৃষিকার্য পৰিদর্শন কৰে৷ বিস্তীর্ণ হালধীয়া সৰিয়হৰ মাজত কিছু সময় অতিবাহিত কৰি অভিভূত হৈ পৰা মুখ্যমন্ত্রী ড০ শর্মাই প্রকল্পৰ গাহৰি পাম আঁচনিৰ শুভাৰম্ভ কৰে৷ হয়াৰ পিছতে মুখ্যমন্ত্রী ড০ শর্মা ডপস্থিত হয় প্রকল্পস্থলীত অস্থায়ীভাৱে নির্মাণ কৰা নামঘৰ প্রাংগণত৷ উক্ত ঠাহত স্থায়ী নামঘৰৰ নির্মাণ কার্যৰ শুভাৰম্ভ আৰু অসম আন্দোলনৰ শ্বহীদ স্মৃতিত নির্মাণ হ’বলগীয়া শ্বহীদ উদ্যানৰ আধাৰশিলা স্থাপন কৰে৷ এই কার্যসূচীৰ পিছতে মুখ্যমন্ত্রী ড০ শর্মাই গৰুখুঁটি কৃষি প্রকল্পত নিয়োজিত কৃষকসকলৰ স’তে এক মত বিনিময় অনুষ্ঠানত ভাগ লয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি