গৰুখুঁটিয়ে কর্মসংস্কৃতিৰ নতুন ইতিহাস ৰচিব
‘গৰুখুঁটি কৃষি প্রকল্পহ অসমত কর্মসংস্কৃতিৰ এক নতুন ইতিহাস ৰচনা কৰিব৷ অসমক আত্মনির্ভৰশীল কৰি গঢ়ি তোলাৰ ক্ষেত্রত প্রেৰণা দিব গৰুখুঁটিয়ে৷ অসমীয়া জাতিক নতুন প্রাণ দিব গৰুখুঁটিয়ে৷’– এহ আত্মবিশ্বাস ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ ছিপাঝাৰৰ গৰুখুঁটি বহুমুখী কৃষি প্রকল্পত দিনজোৰা মাৰাথন কার্যসূচীত অংশ লৈ প্রকল্পত নিয়োজিত যুৱক–যুৱতীৰ কর্মস্পৃহা দেখি এহদৰে কয় মুখ্যমন্ত্রীগৰাকীয়ে৷অসমীয়া জাতিৰ বর্তমানৰ অৱস্থাৰ কথা উদ্বেগেৰে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাহ আৰু কয়– ‘অসমীয়া জাতিটোৱে যোৱা কেহটামান দশকত কর্মসংস্কৃতিৰ পৰা আঁতৰি থকাৰ বাবেহ হেৰুৱাব লগা হৈছিল ভূমিৰ লগতে ৰাজনৈতিক, সামাজিক আৰু অর্থনৈতিক অধিকাৰ৷ যাৰ বাবে বিভিন্ন দিশত পিছপৰি থাকিবলগীয়া হৈছিল জাতিটো৷ সেয়েহে এতিয়া জাতিটোৱে আত্মসমালোচনা কৰাৰ সময় আহি পৰিছে৷ জাতিটো সাৰ পাবৰ হ’ল, জাতিটোৱে নতুনকৈ চিন্তা কৰিবৰ হ’ল৷ এটা সময়ত