Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 10:10 am

Home » আঞ্চলিক » অসম » আজি অভিলাষী গৰুখুঁটি কৃষি প্রকল্পলৈ মুখ্যমন্ত্রী

আজি অভিলাষী গৰুখুঁটি কৃষি প্রকল্পলৈ মুখ্যমন্ত্রী

ছিপাঝাৰৰ গৰুখুঁটি কৃষি প্রকল্পত উপস্থিত হৈ আজি পঞ্চায়ত, গ্রামোন্নয়ন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰঞ্জিত দাসে প্রকল্পস্থলীত গ্রামোন্নয়ন বিভাগৰ জৰিয়তে নির্মাণ কৰা মৎস্য উৎপাদন প্রকল্পৰ পুখুৰী খনন আঁচনিৰ শুভাৰম্ভ কৰে৷ মহাত্মা গান্ধী ৰাষ্ট্রীয় নিয়োগ নিশ্চিত আঞ্চৰ অধীনত ৩২ লক্ষ ৫৫ হাজাৰ টকা ব্যয় সাপেক্ষ ‘মীন পালনৰ বাবে পুখুৰী খনন’ শীর্ষক এই আঁচনিৰ শুভাৰম্ভ কৰে মন্ত্রীগৰাকীয়ে৷ আনহাতে গ্রামোন্নয়ন বিভাগৰ জৰিয়তে গৰুখুঁটি প্রকল্পত স্থাপন কৰা গোশালা, গাহৰি গঁৰাল, দুগ্ধ উৎপাদন কেন্দ্রৰ ওখ ভেটি, কৃষি বান্ধ নির্মাণ, বয়ন শিল্প কেন্দ্র নির্মাণ আদি আঁচনিসমূহো পর্যবেক্ষণ কৰে মন্ত্রীগৰাকীয়ে৷ ইফালে প্রকল্পস্থলীত জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ জৰিয়তে গোবৰৰ পৰা গেছ প্রস্তুত কৰা ‘গোবর্ধন’ শীর্ষক এখন আঁচনি ৰূপায়ণ কৰা হ’ব বুলিও তেওঁ মন্তব্য কৰে৷ বিশেষকৈ গৰুখুঁটি কৃষি প্রকল্পৰ গোশালাৰ গৰুৰ গোবৰৰ জৰিয়তে গেছ আহৰণ কৰি সেই গেছ প্রকল্পৰ বিভিন্ন কাম–কাজত ব্যৱহাৰ কৰিব পাৰিব বুলিও মন্ত্রীগৰাকীয়ে প্রকাশ কৰে৷ মুখ্যমন্ত্রীৰ ভ্রমণৰ পিছৰে পৰা প্রকল্পৰ কাম–কাজ আৰু ক্ষিপ্রগতিত আগবাঢ়িব বুলিও আশা কৰে মন্ত্রীগৰাকীয়ে৷
আনহাতে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা গৰুখুঁটি কৃষি প্রকল্পত উপস্থিত হোৱাৰ পিছত প্রকল্পই এটা নতুন গতি ল’ব বুলিও প্রকাশ কৰে মন্ত্রী দাসে৷ মন্ত্রীগৰাকীৰ আজিৰ কার্যসূচীত উপস্থিত থাকে ছিপাঝাৰ সমষ্টিৰ বিধায়ক তথা প্রকল্পৰ কৃষি সমিতিৰ সদস্য ড০ পৰমানন্দ ৰাজবংশী৷ ইফালে মুখ্যমন্ত্রীৰ আগমনক কেন্দ্র কৰি গৰুখুঁটি কৃষি প্রকল্পত দেখা গৈছে ব্যাপক তৎপৰতা৷ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে মুখ্যমন্ত্রীয়ে শুভাৰম্ভ কৰিবলগীয়া আঁচনিসমূহৰ বাবেও বিভাগে বিভাগে প্রস্তুতি অব্যাহত ৰাখিছে৷ সমান্তৰালভাৱে মুখ্যমন্ত্রীৰ আগমনক কেন্দ্র কৰি উৎসাহিত হৈ পৰিছে প্রকল্পত নিয়োজিত যুৱক–যুৱতীসকল৷
মুখ্যমন্ত্রীগৰাকীয়ে প্রথমেই ঐতিহাসিক ধলপুৰ শিৱ মন্দিৰত আশিস লৈহে প্রকল্পস্থলীত উপস্থিত হ’ব৷ প্রকল্পস্থলীত অস্থায়ীভাৱে নির্মাণ কৰা নামঘৰৰ গৃহ নির্মাণৰ শুভাৰম্ভ কৰি সমীপতে নির্মাণ কৰিব লগা শ্বহীদ স্মৃতি উদ্যানৰো নির্মাণৰ শুভাৰম্ভ কৰিব৷ পৰৱর্তী সময়ত গোশালা, বয়ন শিল্প কেন্দ্র, কৃষি বিভাগৰ কার্যালয়, প্রকল্প সংযোগী পকী পথ নির্মাণৰ শুভাৰম্ভকে ধৰি কেইবাটাও কার্যসূচীত অংশ ল’ব৷ এই মাৰাথন কার্যসূচীৰ মাজতে মুখ্যমন্ত্রীগৰাকীয়ে প্রকল্পত নিয়োজিত প্রায় সাতশ যুৱক–যুৱতীৰ সৈতে একেলগে বহি পুৱা জলপান গ্রহণ কৰাৰ লগতে প্রকল্পস্থলীতে দুপৰীয়াৰ আহাৰো গ্রহণ কৰিব৷ তদুপৰি ৰাইজক সম্বোধন কৰাৰ পূর্বেই সম্পূর্ণ আছুতীয়াকৈ প্রকল্পৰ যুৱক–যুৱতীসকলৰ্ লগত এক অন্তৰংগ আলাপ অনুষ্ঠানতো অংশ ল’ব৷ যাৰ বাবে মুখ্যমন্ত্রীগৰাকীক একেবাৰে ওচৰতে লগ পোৱাৰ আশাৰে উৎসুক হৈ পৰিছে প্রকল্পৰ লগত জড়িত লোকসকল৷ মুখ্যমন্ত্রীগৰাকীক কেৱল অসমীয়া পিঠা–পনাৰে আপ্যায়ন কৰাৰ লগতে দুপৰীয়াৰ নিৰামিষ ভাতসাঁজত প্রকল্পত উৎপাদিত জৈৱিক শাক–পাচলিৰ উপৰি অসমীয়া খাৰলি, ভেদাইলতাৰ চাটনি আদিও থাকিব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি