আজি অভিলাষী গৰুখুঁটি কৃষি প্রকল্পলৈ মুখ্যমন্ত্রী
ছিপাঝাৰৰ গৰুখুঁটি কৃষি প্রকল্পত উপস্থিত হৈ আজি পঞ্চায়ত, গ্রামোন্নয়ন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰঞ্জিত দাসে প্রকল্পস্থলীত গ্রামোন্নয়ন বিভাগৰ জৰিয়তে নির্মাণ কৰা মৎস্য উৎপাদন প্রকল্পৰ পুখুৰী খনন আঁচনিৰ শুভাৰম্ভ কৰে৷ মহাত্মা গান্ধী ৰাষ্ট্রীয় নিয়োগ নিশ্চিত আঞ্চৰ অধীনত ৩২ লক্ষ ৫৫ হাজাৰ টকা ব্যয় সাপেক্ষ ‘মীন পালনৰ বাবে পুখুৰী খনন’ শীর্ষক এই আঁচনিৰ শুভাৰম্ভ কৰে মন্ত্রীগৰাকীয়ে৷ আনহাতে গ্রামোন্নয়ন বিভাগৰ জৰিয়তে গৰুখুঁটি প্রকল্পত স্থাপন কৰা গোশালা, গাহৰি গঁৰাল, দুগ্ধ উৎপাদন কেন্দ্রৰ ওখ ভেটি, কৃষি বান্ধ নির্মাণ, বয়ন শিল্প কেন্দ্র নির্মাণ আদি আঁচনিসমূহো পর্যবেক্ষণ কৰে মন্ত্রীগৰাকীয়ে৷ ইফালে প্রকল্পস্থলীত জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ জৰিয়তে গোবৰৰ পৰা গেছ প্রস্তুত কৰা ‘গোবর্ধন’ শীর্ষক এখন আঁচনি ৰূপায়ণ কৰা হ’ব বুলিও তেওঁ মন্তব্য কৰে৷ বিশেষকৈ গৰুখুঁটি কৃষি প্রকল্পৰ