Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 9:37 am

Home » Uncategorized » সজাগ হওক সুৰক্ষিত থাককঃ মোদী

সজাগ হওক সুৰক্ষিত থাককঃ মোদী

ক’ভিড–১৯ৰ নতুন প্রকৰণ অমিক্রনে বিশ্বজুৰি শংকাময় পৰিৱেশ সৃষ্টি কৰাৰ সময়তে এই নতুন প্রকৰণক লৈ দেশবাসীক সকীয়নি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ সংসদৰ শীতকালীন অধিৱেশন আৰম্ভৰ পূর্বে সাংবাদিকক সম্বোধন কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কয় যে নতুন প্রকৰণ অমিক্রনে বিশ্বব্যাপী শংকাৰ সৃষ্টি কৰিছে৷ এই নতুন প্রকৰণটোক লৈ দেশবাসী সজাগ হৈ থাকিব লাগিব, তেতিয়াহে দেশবাসী সুৰক্ষিত হৈ থাকিব৷ তদুপৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে মহামাৰীৰ প্রত্যাহ্বানৰ সময়ত ১০০ কোটি ভেকচিনৰ ড’জ প্রদানেৰে দেশে অভিলেখ গঢ়াৰ পাছত এতিয়া ডেৰশ কোটি ভেকচিন ড’জৰ দিশে আগবাঢ়ি আছে৷ নতুন ক’ৰোনা ভাইৰাছ প্রকৰণক লৈ সৃষ্ট পৰিস্থিতি সন্দর্ভত প্রধানমন্ত্রীগৰাকীয়্ পুনৰ কয়– ক’ভিড–১৯ৰ নতুন প্রকৰণক লৈ আমি সকলোৱে সজাগ হৈ থকা উচিত৷
উল্লেখ্য যে নতুন প্রকৰণ চিনাক্ত হোৱাৰ পাছতে যোৱা শনিবাৰে প্রধানমন্ত্রী মোদীয়ে ক’ভিড–১৯ পৰিস্থিতিক লৈ উচ্চ পর্যায়ৰ বৈঠকত মিলিত হৈ এই সন্দর্ভত ৰাজ্য–কেন্দ্রীয়শাসিত চৰকাৰসমূহক ক’ভিড–১৯ পৰীক্ষণ কৰাৰ লগতে সূক্ষ্ম দৃষ্টি ৰাখিবলৈ পৰামর্শ আগবঢ়াইছে৷ ইপিনে দক্ষিণ আফ্রিকাত নতুন প্রকৰণ অমিক্রন চিনাক্ত হোৱাৰ পাছত ই আফ্রিকাৰ দেশ বটছৱানাৰ পাছত হংকঙতো ক’ভিডৰ নতুন প্রকৰণত আক্রান্ত ৰোগী চিনাক্ত হৈছে৷ দ্রুতগতিত সংক্রমিত এই নতুন প্রকৰণটো অষ্ট্রেলিয়া, গ্রেট ব্রিটেইন, অষ্ট্রিয়া, নেদাৰলেণ্ড, ইটালী আৰু বাভাৰিয়াতো আক্রান্ত ৰোগী চিনাক্ত হৈছে৷ দ্রুতগতিত সংক্রমিত ক’ভিডৰ নতুন প্রকৰণ অমিক্রনক লৈ বিশ্বৰ দেশসমূহত সতর্কবাণী দিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ গোলকীয় ৰূপত অমিক্রন অতি বিপজ্জনক হোৱাৰ সম্ভাৱনাক বিশ্বৰ দেশসমূহক সকীয়াই দি বিশ্ব স্বাস্থ্য সংস্থাই এই নতুন প্রকৰণটোৰ সংক্রমণত বিশ্ব ভয়াৱহ পৰিণামৰ সন্মুখীন হ’ব পাৰে বুলিও সতর্কবাণী দিছে৷ অৱশ্যে অমিক্রন সন্দর্ভত এতিয়াও সঠিক তথ্য অর্থাৎ নতুন প্রকৰণটো কিমান ভয়াৱহ হ’ব পাৰে, তাক লৈ অনিশ্চিয়তা আছে বুলি উল্লেখ কৰি বিশ্ব স্বাস্থ্য সংস্থাই এতিয়ালৈকে অমিক্রনৰ সংক্রমণত কোনো লোকৰ মৃত্যুৰ বাতৰি লাভ কৰা নাই বুলিও প্রকাশ কৰিছ৷
ক’ভিডৰ নতুন এছ’পি প্রকাশ কেন্দ্রীয় চৰকাৰৰ
দক্ষিণ আফ্রিকাত নতুনকৈ চিনাক্ত ক’ভিডৰ প্রকৰণ অমিক্রনক লৈ বিশ্বজুৰি শংকাৰ পৰিৱেশ সৃষ্টি হোৱাক লৈ ভাৰতেও এই নতুন প্রকৰণক লৈ সংশোধিত কঠোৰ নির্দেশনা জাৰি কৰিছে৷ বিশেষকৈ আন্তর্জাতিক যাত্রীসকলৰ ক্ষেত্রত ক’ভিড প্রট’কল কঠোৰভাৱে মানি চলাৰ নির্দেশনা জাৰি কৰিছে কেন্দ্রীয় চৰকাৰে৷ বিদেশৰ পৰা ভাৰতলৈ অহা যাত্রীসকলৰ ক্ষেত্রত জাৰি কৰা কঠোৰ নির্দেশনা অহা ১ ডিচেম্বৰৰ পৰা বলৱৎ হ’ব৷ বিশ্বৰ আন দেশৰ তুলনাত ক’ভিডৰ নতুন প্রকৰণ অমিক্রনৰ আক্রান্ত ৰোগী চিনাক্ত হোৱা বিপজ্জনক দেশ বিশেষকৈ দক্ষিণ আফ্রিকা, ব্রাজিল, গ্রেট ব্রিটেইনসহ ইউৰোপৰ দেশ, বটছৱানা, চীন, মৰিছাছ, নিউজিলেণ্ড, জিম্বাব’ৱে, ছিগাংপুৰ, হংকং, ইজৰাইল আৰু বাংলাদেশৰ পৰা অহা যাত্রীৰ ক্ষেত্রত অতিৰিক্ত নির্দেশনা জাৰি কৰা হৈছে৷ ভাৰতলৈ অহা বিদেশী যাত্রীসকলে এছ ডি এফ (ছেলফ ডিকলাৰেচন ফর্ম) পূৰণ কৰাটো বাধ্যতামূলক৷
আন্তর্জাতিক সকলো যাত্রীয়ে আৰ পি পি চি আৰৰ নিগেটিভ ৰিপ’ট অনলাইনত আপলোড কৰিব লাগিব৷ এই আৰ টি পি চি আৰৰ নিগেটিভ ৰিপ’ট ৭২ ঘণ্টাৰ ভিতৰত হ’ব লাগিব৷ বিমানত উঠাৰ পূর্বেই কর্তৃপক্ষই যাত্রীসকলৰ আৰ টি পি চি আৰ নিগেটিভ ৰিপ’ট নিশ্চিত কৰিব লাগিব৷ দেশৰ সকলো বিমানবন্দৰ আৰু বন্দৰত আন্তর্জাতিক যাত্রীৰ যিসকলৰ অনলাইনত ক’ভিড পৰীক্ষণৰ নিগেটিভ ৰিপ’ট নাই, সেইসকলৰ ক’ভিড পৰীক্ষণ বাধ্যতামূলক৷ বিপজ্জনক হিচাপে তালিকাভুক্ত কৰা উল্লিখিত দেশসমূহৰ পৰা অহা যাত্রীৰ আৰ টি পি চি আৰ ফলাফল নিগেটিভ হ’লেও সাত দিনৰ কাৰণে হোম কোৱাৰেণ্টাইনত থাকিব লাগিব৷ অষ্টম দিনা পৰীক্ষাত নিগেটিভ ওলালে তেনে লোকে পুনৰ সাত দিন নিজৰ স্বাস্থ্যৰ নিৰীক্ষণত থাকিব লাগিব৷ যদি আৰ টি পি চি আৰৰ ফলাফল পজিটিভ হয়, তেতিয়াহ’লে তেনে যাত্রীৰ নমুনা জেন’মিক পৰীক্ষণলৈ প্রেৰণ কৰা হ’ব৷ তদুপৰি পৃথক আইচলেচনত ৰখা হ’ব৷ ক’ভিড–১৯ৰ প্রট’কল অনুসৰি চিকিৎসা চলোৱা হ’ব৷ যদি এই ৰোগীৰ জেন’মিক পৰীক্ষণৰ ফলাফল নিগেটিভ তথা অমিক্রন নিগেটিভ হয়, তেতিয়াহ’লে তেনে যাত্রীক যাবলৈ দিয়া হ’ব৷
আনহাতে, যদি নতুন প্রকৰণত আক্রান্ত হোৱা বুলি চিনাক্ত হয়, তেতিয়াহ’লে তেনে যাত্রীক নিগেটিভ নোহোৱালৈকে পৃথকে ৰখা হ’ব৷ বিপজ্জনক তালিকাত অন্তর্ভুক্ত নোহোৱা দেশসমূহৰ পৰা অহা যাত্রীৰ ক্ষেত্রত ৰেণ্ডম পৰীক্ষা কৰাৰ লগতে আৰ টি পি চি আৰ পৰীক্ষা কৰা হ’ব৷ যদি এই পৰীক্ষাৰ ফলাফল নিগেটিভ হয়, তেনেহ’লে তেনে যাত্রীক ১৪ দিনৰ কাৰণে স্বয়ং স্বাস্থ্য নিৰীক্ষণত ৰখা হ’ব৷ আনপিনে যদি উল্লিখিত পৰীক্ষাত পজিটিভ হয়, তেতিয়াহ’লে তেনে যাত্রীৰ নমুনা জেন’মিক পৰীক্ষণৰ বাবে প্রেৰণ কৰা হ’ব আৰু ক’ভিড প্রট’কল অনুসৰি চিকিৎসা কৰা হ’ব৷ উল্লেখ্য যে ৫ বছৰ বয়সৰ তলৰ শিশুক সকলো পৰীক্ষাৰ পৰা ৰেহাই দিয়া হ’ব৷ যদি আগমনৰ সময়ত ক’ভিড–১৯ৰ কোনো উপসর্গ পোৱা যায়, তেতিয়াহ’লে তেনে শিশু যাত্রীক হোম কোৱাৰেণ্টাইনত ৰখা হ’ব আৰু ক’ভিড প্রট’কল অনুসৰি চিকিৎসা চলোৱা হ’ব৷ লক্ষণীয় যে বিমানবন্দৰ আৰু বন্দৰত আৰ টি পি চি আৰৰ ফলাফল নোলোৱালৈকে যাত্রীসকলে বন্দৰ এৰিব নোৱাৰিব৷ বিমানত সকলো যাত্রীয়ে আৰোগ্য সেতু এপ ম’বাইলত ডাউনলোড কৰিব লাগিব৷ যাত্রাৰ সময়ত ক’ভিড–১৯ প্রট’কল বিশেষকৈ সামাজিক দূৰত্ব বর্তাই ৰাখিব লাগিব৷ বিমান কর্তৃপক্ষই কেন্দ্রীয় চৰকাৰে জাৰি কৰা সকলো ক’ভিড প্রট’কল যাত্রীৰ ক্ষেত্রত মানিব লাগিব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি