Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:11 pm

অসম ভূমিতেই ‘চিৰ চেনেহী মোৰ ভাষা জননী’ অসমীয়াৰ প্রতি চৰম স্পর্ধা৷ একাংশ উগ্র জাত্যাভিমানী বাঙালীৰ কুটিল ষড়যন্ত্রত অসমৰ অংগ বৰাক উপত্যকাত পদে পদে লাঞ্ছিত–পমানিত হৈছে অসমীয়া ভাষা৷ ‘অসমৰ চৰকাৰী ভাষা (সংশোধনী) আইন–১৯৬১’ৰ দোহাই দি বৰাকৰ পৰা অসমীয়া ভাষা উৎখাতৰ বাবে ৰচনা কৰা ঘৃণনীয় ব্লু–প্রিণ্টৰ আকৌ এবাৰ সাক্ষী হৈ ৰ’ল কাছাৰ জিলাৰ সদৰ শিলচৰ৷ অসমীয়া ভাষাবিৰোধী এই চক্রটোক বৰাক ডেমক্রেটিক ফ্রণ্ট, চমুকৈ বি ডি এফ নামৰ সংগঠনটোৰ মুখ্য আহ্বায়ক তথা বহু বিতর্কিত বাঙালী নেতা প্রদীপ দত্ত ৰয়ে নেতৃত্ব দিয়াটো ইতিমধ্যে জলজল–পটপট হৈ পৰিছে৷ প্রায় এমাহ পূর্বে ক’লা চিয়াঁহী সনাৰ নিকৃষ্ট কাণ্ডৰ প্রতিক্রিয়া মাৰ নৌযাওঁতেই এইবাৰ ৰাজহুৱা স্থানৰ পৰা নমাই দিয়া হ’ল এখন অসমীয়া ভাষাৰ বেনাৰ৷ এই কার্য সমগ্র অসমীয়া জাতিৰ প্রতি চৰম অপমানজনক ৰূপে চিহ্ণিত হৈছে৷ শিলচৰ চহৰৰ মেহেৰপুৰস্থিত গোস্বামী ফিলিং ষ্টেচন নামৰ পেট্র’ল পাম্পটোত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আলোকচিত্র সম্বলিত মহামাৰী ক’ভিড–১৯ প্রতিষেধক অভিযানৰ সজাগতা সম্পর্কীয় অসমীয়া ভাষাত এই বেনাৰখন অৰা হৈছিল৷ বেনাৰখন অঁৰাৰ পাছতে কালি বি ডি এফৰ মুখ্য আহ্বায়ক প্রদীপ দত্ত ৰয়ে অসমীয়া ভাষাবিৰোধী স্থিতি গ্রহণ কৰে৷ অকল সেয়াই নহয়, ‘অসমৰ চৰকাৰী ভাষা (সংশোধনী) আইন–১৯৬১’ উলংঘা কৰাৰ অভিযোগ তুলি বেনাৰখন আঁতৰাবলৈ কাছাৰ জিলা প্রশাসনক ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিয়ে বহু বিতর্কিত বাঙালী নেতাজনে৷ তাতেই ক্ষান্ত নাথাকি জিলা প্রশাসনে এইক্ষেত্রত ব্যৱস্থা গ্রহণ নকৰিলে বি ডি এফে নিজাববীয়াকৈ পদক্ষেপ লোৱাৰো প্রদীপ দত্ত ৰয়ে হুংকাৰ দিছিল৷

অসমীয়া ভাষাৰ প্রতি চৰম অপমানজনক এই হুংকাৰ তথা নির্ধাৰিত ৪৮ ঘণ্টাৰ কথা বাদেই, ২৪ ঘণ্টা নৌহওঁতেই গোস্বামী ফিলিং ষ্টেচনত সকলোৰে দৃষ্টিগোচৰ হোৱাকৈ জিলিকি থকা বেনাৰখন আজি পুৱাৰ ভাগত আঁতৰাই দিয়া হ’ল৷ পিছে আশ্চর্যজনক কথাটো হৈছে– প্রধানমন্ত্রী মোদীৰ ফটো সম্বলিত তথা ক’ভিড–১৯ৰ প্রতিষেধকৰ সজাগতা গঢ়াৰ বাবে অঁৰা অসমীয়া ভাষাৰ এই বেনাৰখন আঁতৰোৱা বিষয়টো নাজানিলে কাছাৰ জিলা প্রশাসনে৷ অসমীয়া ভাষাবিৰোধী প্রদীপ দত্ত ৰয়ৰ হুংকাৰত সেও মানি উদয় শংকৰ গোস্বামী নামৰ ব্যক্তিজনৰ মালিকানাধীন গোস্বামী ফিলিং ষ্টেচন কর্তৃপক্ষই নিজাববীয়াকৈ নমাই দিয়ে চৰকাৰী বেনাৰখন৷ এইক্ষেত্রত কাছাৰ জিলা প্রশাসনে ৰহস্যজনক ভূমিকা গ্রহণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি অসমীয়া ভাষাৰ বিৰুদ্ধে প্রদীপ দত্ত ৰয়ৰ দৰে বিতর্কিত ব্যক্তিজনে দিয়া হুংকাৰক লৈ আজি সংবাদ মাধ্যমত গুৰুত্ব সহকাৰে প্রকাশ পাইছিল বাতৰি৷ পিছে এই স্পর্শকাতৰ বিষয়টো সন্দর্ভত কাছাৰ জিলা প্রশাসনে প্রয়োজনীয় কার্যব্যৱস্থা গ্রহণ নকৰিলে৷ যাৰ বাবে গোস্বামী ফিলিং ষ্টেচন কর্তৃপক্ষই কার্যতঃ নিজাববীয়া সিদ্ধান্তৰে নমাই দিলে প্রধানমন্ত্রী মোদীৰ আলোকচিত্র সম্বলিত বেনাৰখন৷ এই কথা গোস্বামী ফিলিং ষ্টেচনৰ মেনেজাৰ ৰত্নজ্যোতি চক্রৱর্তীৰ ভাষ্যতে স্পষ্ট হৈ পৰিছে৷ চক্রৱর্তীয়ে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা অনুসৰি বেনাৰখনৰ বিষয়ত গোস্বামী ফিলিং ষ্টেচনৰ তৰফৰ পৰা কাছাৰ জিলাৰ উপায়ুক্ত কীর্তি জল্লীৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰা হৈছিল৷ কিন্তু যোগাযোগ কৰাটো সম্ভৱ হৈ নুঠিল৷ সেয়েহে নিৰাপত্তাৰ দিশটোৰ প্রতি লক্ষ্য ৰাখিয়েই গোস্বামী ফিলিং ষ্টেচন কর্তৃপক্ষই বেনাৰখন আঁতৰাই পেলোৱাৰ সিদ্ধান্ত লয়৷ উগ্র বাঙালী জাতীয়তাবাদী প্রদীপ দত্ত ৰয়ে পেট্র’ল পাম্পটোৰ স্বত্বাধিকাৰ উদয় শংকৰ গোস্বামীক লগ কৰা বুলিও মেনেজাৰজনে জানিবলৈ দিয়ে৷
লক্ষণীয়ভাৱে বেনাৰখন আঁতৰোৱাৰ পাছতহে শিলচৰ আৰক্ষীৰ এটা দল পেট্র’ল পাম্পটোত উপস্থিত হয়৷ আৰক্ষীয়ে বেনাৰখন আঁতৰোৱাৰ সময়ত ফাটিছিল নেকি বুলি পেট্র’ল পাম্পটোৰ কর্মচাৰীক প্রশ্ণ সুধিয়েই একপ্রকাৰ দায় সামৰে৷ মুঠৰ ওপৰত এইদৰেই এতিয়া বৰাক উপত্যকাত চলিছে অসমীয়া ভাষাবিৰোধী নিকৃষ্ট ষড়যন্ত্র৷ এই কাণ্ডক লৈ ইতিমধ্যে ৰাজ্যজুৰি ক্ষোভৰ জুই জ্বলি উঠিছে৷ সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, বীৰ লাচিত সেনা, অসমীয়া যুৱ মঞ্চ আদিকে ধৰি বিভিন্ন দল–সংগঠনে একমুখে গৰজি উঠাৰ লগতে অসমীয়া ভাষাবিৰোধী চক্রটোৰ মূল নায়ক প্রদীপ দত্ত ৰয়ক গ্রেপ্তাৰৰ বাবে আহ্বান জনাইছে৷ আনকি ঠায়ে ঠায়ে ৰূপায়ণ কৰা হৈছে প্রতিবাদী কার্যসূচী৷ অসমীয়া ভাষাবিৰোধী ষড়যন্ত্র প্রতিহত কৰাৰ হকে সৰৱ হৈ পৰা দল–সংগঠনসমূহ মতে, এনেধৰণৰ বিভেদকামী কার্যকলাপেৰে উগ্র বাঙালী জাত্যাভিমানীসকলে ১৯৬০ চনৰ ভাষা আন্দোলনৰ পুনৰাবৃত্তি ঘটাব বিচাৰিছে৷
উল্লেখ্য যে বৰাক উপত্যকাত সময়ে সময়ে অব্যাহত আছে অসমীয়া ভাষাক নস্যাতৰ নিকৃষ্ট অভিসন্ধি৷ শেহতীয়াকৈ যোৱা ১৭ অক্টোবৰত শিলচৰ ৰে’ল ষ্টেচন চৌহদত অঁৰা জল জীৱন মিছনৰ এখন বেনাৰত থকা অসমীয়া ভাষাৰ ওপৰত ক’লা ৰং সানি দিয়া হৈছিল৷ এই কু–কার্যৰ আঁৰত আছিল বি ডি এফৰ যুৱ সংগঠন বৰাক ডেমক্রেটিক য়ুথ ফ্রণ্টৰ লগতে অল বেংগলী ষ্টুডেণ্ট–য়ুথছ ফ্রণ্ট৷ এই ঘটনাক কেন্দ্র কৰি ৰাজ্যজুৰি প্রতিক্রিয়া সৃষ্টি হোৱাৰ সময়তেই জিলা প্রশাসনে উক্ত দুয়োটা বাঙালী সংগঠনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ বাধ্য হৈছিল৷ পিছে ইয়াৰ পাছতো বৰাকৰ মাটিত অসমীয়া ভাষাৰ চিন–মোকাম নাইকিয়া কৰাৰ তৎপৰতা অব্যাহত আছে৷ এনে প্রেক্ষাপটত প্রশ্ণ উঠিছে– কাৰ শক্তিৰে বলীয়ান হৈ আছে বিডিএফৰ দৰে স্বল্পখ্যাত সংগঠন তথা প্রদীপ দত্ত ৰয়ৰ নিচিনা অসমীয়াবিদ্বেষী বাঙালী নেতাসকল?
লখিমপুৰত জ্বলিল প্রদীপ দত্ত ৰয়ৰ পুত্তলিকা
বৰাকত অসমীয়া ভাষাবিৰোধী চক্রক নেতৃত্ব দিয়া প্রদীপ দত্ত ৰয়ৰ আজি লখিমপুৰত পুত্তলিকা দাহ কৰে অসমীয়া যুৱ মঞ্চই৷ লখিমপুৰ নগৰৰ আদালত ভৱনৰ সন্মুখত প্রদীপ দত্ত ৰয়ৰ পুত্তলিকা দাহ কৰি প্রতিবাদকাৰীসকলে ২৪ ঘণ্টাৰ ভিতৰত বহু বিতর্কিত বাঙালী নেতাজনক গ্রেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক দাবী জনায়৷ প্রদীপ দত্ত ৰয় হুচিয়াৰ, অসমত বাঙালীৰ দপদপনি নচলিব আদি শ্লোগানেৰে প্রতিবাদকাৰীসকলে লখিমপুৰ নগৰৰ আকাশ–বতাহ মুখৰিত কৰি তোলে৷ অসমীয়া যুৱ মঞ্চৰ নেতৃবৃন্দই কয়– অসমতে থাকি অসমৰে বায়ু–পানী সেৱন কৰি জীয়াই থকা প্রদীপ দত্ত ৰয়ৰ চক্রান্তৰ যোগ্য প্রত্যুত্তৰ দিয়া হ’ব৷ অসমত কোনো কাৰণতে অসমীয়া ভাষাৰ মর্যাদা হানি হ’বলৈ দিয়া নহয়৷
বিশ্বনাথত প্রতিবাদ, ২৪ ঘণ্টাৰ ভিতৰত প্রদীপ দত্ত ৰয়ক গ্রেপ্তাৰৰ দাবী
বিশেষ বার্তা, বিশ্বনাথ ঃ অসমীয়া ভাষাৰ বিৰুদ্ধে বাৰম্বাৰ ষড়যন্ত্রত লিপ্ত হোৱা প্রদীপ দত্ত ৰয়ৰ বিৰুদ্ধে গৰজি উঠিছে বিশ্বনাথ আছু৷ আজি বিশ্বনাথ আছুৱে প্রদীপ দত্ত ৰয়ৰ পুত্তলিকা দাহ কৰাৰ ল

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি