Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 9:04 am

Home » আঞ্চলিক » অসম » পুনৰ আনুষ্ঠানিকভাৱে কয়লা ব্যৱসায়ে লাভ কৰিলে বৈধতা

পুনৰ আনুষ্ঠানিকভাৱে কয়লা ব্যৱসায়ে লাভ কৰিলে বৈধতা

কয়লাৰ ছিণ্ডিকেট, অবৈধ বেহাক লৈ সৃষ্টি হৈ থকা বিতর্কৰ মাজতে আজি ৰাজ্য চৰকাৰে কয়লাৰ ব্যৱসায়ক বৈধতা প্রদান কৰিলে৷ জি এছ টিৰ অধীনত এতিয়াৰে পৰা কয়লাৰ ব্যৱসায় কৰাৰ অনুমতি লাভ কৰিব ব্যৱসায়ীয়ে৷ উল্লেখ্য যে বিগত দীর্ঘদিন ধৰি কয়লাক লৈ চলি থকা ছিণ্ডিকেটৰ লগতে অবৈধ বেহাৰ বাবে চৰকাৰে হেৰুৱাব লগা হৈছিল বৃহৎ পৰিমাণৰ ৰাজহ৷ কোনো নীতি–নিয়ম নমনাকৈ একাংশ ব্যৱসায়ীয়ে চলাই থকা এই বেহাৰ ফলত ৰাজহ লোকচান হোৱাই নহয়, কয়লাৰ বেহাক লৈ গঢ়ি উঠিছিল বৃহৎ ছিণ্ডিকেট৷ সমান্তৰালভাৱে এই ছিণ্ডিকেটত জড়িত হৈ পৰিছিল আৰক্ষী, প্রশাসন আৰু একাংশ ৰাজনৈতিক নেতা৷ মুখ্যতঃ কয়লা ব্যৱসায়ক লৈ ৰাজ্যত সৃষ্টি হৈছিল এক বৃহৎ নেক্সাছ৷ এনে বিতর্ক আৰু প্রতিক্রিয়াৰ মাজতে আজি আনুষ্ঠানিকভাৱে কয়লাৰ ব্যৱসায়ক বৈধতা প্রদানেই নহয়, ভূতত্ত্ব–খনিজ সঞ্চালকালয়ে আনুষ্ঠানিকভাৱে ২৫জন কয়লা ব্যৱসায়ীক অনুজ্ঞা–পত্র প্রদান কৰিলে৷
ভূতত্ত্ব–খনিজ বিভাগৰ মন্ত্রী যোগেন মহনে আজি আনুষ্ঠানিকভাৱে এই ২৫জন কয়লা ব্যৱসায়ীক অনুজ্ঞা–পত্র প্রদান কৰি কয় যে এতিয়াৰে পৰা জি এছ টি আদায় দি কয়লাৰ ব্যৱসায় চলাই যাব পাৰিব অনুজ্ঞা–পত্র লাভ কৰাসকলে৷ চৰকাৰৰ অনুজ্ঞা–পত্র অবিহনে কোনেও এই ব্যৱসায় চলাব নোৱাৰে৷ খানাপাৰাস্থিত প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এই উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত ২৫জন ব্যৱসায়ীক অনুজ্ঞা–পত্র প্রদান কৰি মন্ত্রী যোগেন মহনে ইয়াকো উল্লেখ কৰে যে এই অনুজ্ঞা–পত্রৰ জৰিয়তে কয়লা জমা কৰা, ব্যৱসায় আৰু কঢ়িওৱাৰ ক্ষেত্রত কোনো বাধা নাথাকিব৷ কার্যতঃ এই অনুজ্ঞা–পত্রৰ জৰিয়তে অবৈধ কয়লাৰ বেহা বন্ধ কৰাৰ লক্ষ্য বান্ধি লোৱাৰ লগতে ৰাজহ আদায়ৰো লক্ষ্য বান্ধি লোৱা হৈছে৷ উল্লেখ্য যে আনুষ্ঠানিকভাৱে কয়লা ব্যৱসায়ক বৈধতা প্রদান কৰা ভূতত্ত্ব–খনিজ সঞ্চালকালয়ে অচিৰেই জি এছ টিৰ অধীনত ২ হাজাৰজন ব্যৱসায়ীক অনুজ্ঞা–পত্র প্রদান কৰিব৷ অনুজ্ঞা–পত্র প্রদানৰ পাছতে সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মন্ত্রী যোগেন মহনে কয়– কয়লাৰ অবৈধ বেহা ৰোধ কৰাৰ বাবে এই অনুজ্ঞা–পত্র প্রদান কৰা হৈছে৷ আজি যিসকল ব্যৱসায়ীয়ে অনুজ্ঞা–পত্র লাভ কৰিছে, তেওঁলোকে ইতিমধ্যে জি এছ টি আদায় দি আহিছে৷ সঞ্চালকালয়ে মাত্র আনুষ্ঠানিকভাৱে তেওঁলোকক কয়লা ব্যৱসায় কৰাৰ ক্ষেত্রত একোখন ট্রেড লাইচেঞ্চ প্রদান কৰিলে৷ ইয়াৰ জৰিয়তে কয়লাৰ আমদানি, ৰপ্তানি আৰু মজুতকৰণৰ ক্ষেত্রত ব্যৱসায়ীসকলে কোনো বাধাৰ সন্মুখীন নহয়৷ মন্ত্রীগৰাকীয়ে আজি ইয়াকো স্পষ্ট কৰে যে অচিৰেই শিল আৰু বালি ভূতত্ত্ব–খনিজ বিভাগৰ অধীনলৈ আহিব৷
আনহাতে, ৫০০ মেট্রিকটন বেছি উৎপাদন কৰা চাহ বাগান, ইটাৰ ভাতায়ো ল’ব লাগিব অনুজ্ঞা–পত্র৷ আছাম মিনাৰেল্ছ ৰেগুলেচন এণ্ড ডীলার্ছ ৰুল–২০২০ৰ অধীনত আজি প্রদান কৰা অনুজ্ঞা–পত্রৰ জৰিয়তে খনিজ পদার্থৰ বিক্রী অথবা ব্যৱহাৰৰ ক্ষেত্রত এক নির্দিষ্ট হিচাপ অনাত সুবিধা হ’ব বুলিও মন্ত্রী যোগেন মহনে জানিবলৈ দিয়ে৷ এই ব্যৱসায়ৰ বাবে অনলাইন আৰু অফলাইনযোগে অনুজ্ঞা–পত্র ল’বলৈও আজি মন্ত্রীগৰাকীয়ে আহ্বান জনায়৷ উল্লেখ্য যে কয়লাৰ ব্যৱসায়ৰ বাবে আজি আনুষ্ঠানিক বৈধতা প্রদানৰ বিপৰীতে কিন্তু এতিয়াও বন্ধ হৈ আছে মার্ঘেৰিটাৰ কয়লাৰ খনন৷ আজি বিষয়টো মন্ত্রী যোগেন মহনৰ দৃষ্টিগোচৰ কৰাত মন্ত্রীগৰাকীয়ে কয় যে কয়লাৰ জৰিয়তে ৰাজহ আদায়ৰ যি লক্ষ্য, সেই লক্ষ্য আগত ৰাখিয়েই অচিৰেই মার্ঘেৰিটাৰ কয়লা খনি মুকলি কৰা হ’ব৷ কেন্দ্রীয় চৰকাৰৰ ওচৰত ইতিমধ্যে বিষয়টো দাখিল কৰা হৈছে৷ কেন্দ্রই অনুমতি দিলেই খোল খাব মার্ঘেৰিটা কয়লাৰ খনি৷ ইফালে আজি অনুজ্ঞা–পত্র লাভ কৰি ব্যৱসায়ীসকলে কয় যে এতিয়াৰে পৰা তেওঁলোকক কয়লা মাফিয়া বুলি কোনেও অভিযোগ অথবা বদনাম কৰিব নোৱাৰে৷ কয়লাৰ ব্যৱসায়ক আনুষ্ঠানিকভাৱে বৈধতা প্রদান নকৰাত যথেষ্ট বাধাৰ সন্মুখীন হ’ব লগা হৈছিল৷ এই অনুজ্ঞা–পত্র লাভ কৰাৰ পাছত কয়লাৰ ব্যৱসায়ক আগুৱাই নিয়াত সহায় হোৱাৰ লগতে অযথা প্রশাসন–আৰক্ষীৰ হাৰাশাস্তিৰ পৰাও মুক্ত হ’ব৷ আজিৰ অনুষ্ঠানত ভূতত্ত্ব–খনি বিভাগৰ প্রধান সচিব কে কে দ্বিবেদী, সচিব নন্দিতা দত্তৰ লগতে কেইবাজনো জ্যেষ্ঠ বিষয়া উপস্থিত থাকে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি