Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:01 am

Home » আঞ্চলিক » অসম » এপিএছচিত অসমীয়া ভাষা আছে, বাতিল কোৱালিফায়িং পৰীক্ষাহে

এপিএছচিত অসমীয়া ভাষা আছে, বাতিল কোৱালিফায়িং পৰীক্ষাহে

এ পি এছ চি পৰীক্ষাত অসমীয়া উঠাহ দিয়া হৈছে বুলি অসমত বিভ্রান্তি বিয়পাহ থকা হৈছে৷ দিল্লী ভ্রমণৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাহ আজি হয়াৰ বাবে সাংবাদিকৰ আগত ক্ষোভ ব্যক্ত কৰে৷ বিৰোধীক কটাক্ষ কৰি ড০ শর্মাৰ বক্তব্য– বুজি নোপোৱা বিষয়ক লৈ কোনো মন্তব্য কৰিব নালাগে৷ তেওঁ কয় যে প্রথম কথাটো হৈছে এ পি এছ চিত অসমীয়া ভাষা আছে৷ কোনোবাহ এ পি এছ চিৰ পৰীক্ষা অসমীয়া ভাষাত দিব বিচাৰিলে এতিয়াও দিব পাৰিব৷ পূর্বৰ সোণোৱাল চৰকাৰৰ দিনত এখন জাননী জাৰি কৰা হৈছিল, য’ত কোৱা হৈছিল যে এ পি এছ চিৰ মূল পৰীক্ষাৰ উপৰি অসমীয়া আৰু হংৰাজী ভাষাৰ ওপৰত ৩০ নম্বৰকৈ দুটা কোৱালিফায়িং পৰীক্ষা দিব লাগিব৷ বৰাক উপত্যকাৰ বাবে এয়া প্রযোজ্য নাছিল৷ কেৱল ব্রহ্মপুত্র উপত্যকাৰ বাবেহ প্রযোজ্য আছিল৷ সেয়েহে বৰাক উপত্যকাৰ ছাত্র–ছাত্রীয়ে যেতিয়া ৭খন বহীত পৰীক্ষা দিব লাগিছিল, ব্রহ্মপুত্র উপত্যকাৰ ছাত্র–ছাত্রীয়ে দিব লাগিছিল ৯খন বহীৰ পৰীক্ষা৷ যোৱা কেবিনেটত উক্ত কোৱালিফায়িং পৰীক্ষা দুটা বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ হয়াত আপত্তি কি থাকিব পাৰে বুলি মুখ্যমন্ত্রীয়ে প্রশ্ণ উত্থাপন কৰি কয় যে সমগ্র বিষয়টো উচ্চ ন্যায়ালয়ত বিবেচনাধীন হৈ আছিল তথা অমীমাংসিতভাৱে পৰি আছিল৷ অসমীয়া ছাত্র–ছাত্রীয়েই কোৱালিফায়িং পৰীক্ষাৰ বিৰোধিতা কৰি ন্যায়ালয়ৰ কাষ চাপিছিল৷
মুখ্যমন্ত্রীৰ মতে, অসমত ২০–২৫ লাখ অসমীয়া ছাত্র–ছাত্রী আছে, যিসকলে জৱাহৰ নৱোদয়া বিদ্যালয় কিম্বা কেন্দ্রীয় বিদ্যালয়ত চি বি এছ ইত পঢ়ে, য’ত অসমীয়া কোনো বিষয় নাথাকে৷ এতিয়া এহ ছাত্র–ছাত্রীসকলে কেনেকৈ অসমীয়াত কোৱালিফায়িং পৰীক্ষা দিব পাৰে৷ –প্রশ্ণ মুখ্যমন্ত্রীৰ৷ তেওঁ কয় যে এই দুটা পৰীক্ষা বাতিল কৰি আমি অতিৰিক্ত তিনিটা চর্ত আৰোপ কৰিছোঁ যে কোনো এ পি এছ চি পৰীক্ষাত বহিব পাৰে৷ প্রথম কথাটো হৈছে এ পি এছ চিত বহাৰ বাবে সংশ্লিষ্ট ছাত্র–ছাত্রী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব৷ দ্বিতীয়তে অসমীয়া কিম্বা আন কোনোবা জনজাতীয় ভাষাত সলসলীয়াকৈ কথা পাতিব লাগিব৷ তৃতীয়তে সংশ্লিষ্ট ছাত্র–ছাত্রীৰ নাম এমপ্লয়মেণ্ট এক্সচেঞ্জত থাকিব লাগিব৷ অর্থাৎ একমাত্র অসমৰ ছাত্র–ছাত্রীয়েহ এ পি এছ চিৰ পৰীক্ষা দিব পাৰিব৷ হয়াত হিন্দীভাষী মানুহক লৈ অনা কিম্বা বহিৰাগতৰ বাবে বাট মুকলি কৰি দিয়াৰ প্রশ্ণ ক’ৰ পৰা আহে৷ –মুখ্যমন্ত্রীয়ে সাংবাদিকৰ আগত এহ প্রশ্ণৰ উদ্রেক কৰি বিৰোধীক কটাক্ষ কৰি পুনৰ কয় যে বুজি নোপোৱা বস্তুক লৈ কোনো কমেণ্ট কৰিব নালাগে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি