|

বৰপেটাত সাংসদ আব্দুল খালেকৰ সাংসদ পুঁজিৰ পৰা আৱণ্টিত ধনেৰে গণ অধিকাৰ ছ’চিয়েল চাৰ্কুলৰ এম্বুলেন্স সেৱা

বৰপেটা : বৰপেটাত আজি আনুষ্ঠানিকভাৱে উদ্বোধন হয় এখন এম্বুলেঞ্চ সেৱা। এম্বুলেঞ্চখন উদ্বোধন কৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে।এই এম্বুলেঞ্চ সেৱা উদ্বোধন উপলক্ষে বৰপেটা প্ৰেছ ক্লাৱত এখন মুকলি সভা অনুষ্ঠিত কৰা হয়।  সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই ভাষণত গণ অধিকাৰ ছো’চিয়েল চাৰ্কলৰ এই সমাজসেৱা মনোবৃত্তিৰ সলাগ লয়। তাৰ পিছতে তেওঁ সমাজৰ পৰা বিস্বাস, সততা, প্ৰেম নিৰ্বাপিত হৈ আছে বুলি কৈ সমাজত বিভৎস কাণ্ড সংঘটিত হৈ আছে বুলি কয়। ভায়েক ভায়েকক, বন্ধুৱে বন্ধুক, পুত্ৰই পিতৃ-মাতৃক, পিতৃ-মাতৃয়ে সন্তানক নিৰ্মমভাৱে অত্যাচাৰ, হত্যা কৰাৰ এখন সমাজত আমি বসবাস কৰি আছো বুলি কৈ এই ক্ষেত্ৰত সাংবাদিকৰ দ্বায়িত্ব গধুৰ আৰু ব্যাপক হৈ পৰিছে। মাত্ৰ আমি আশা পালি জীয়াই আছো বুলি কৈ বিশিষ্ট