Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:04 am

Home » আঞ্চলিক » অসম » ৰূপালী জয়ন্তী বর্ষৰ পৰাগ কুমাৰ দাস সোঁৱৰণী তর্ক প্রতিযোগিতাঃ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ দল শ্রেষ্ঠ তার্কিক

ৰূপালী জয়ন্তী বর্ষৰ পৰাগ কুমাৰ দাস সোঁৱৰণী তর্ক প্রতিযোগিতাঃ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ দল শ্রেষ্ঠ তার্কিক

‘দুখন ৰাজ্যৰ সীমা বিবাদে সংশ্লিষ্ট দুয়োখন ৰাজ্যৰ নাগৰিকসকলৰ মাজত তিক্ততা সৃষ্টি কৰাৰ আশংকা থাকে৷ সকলো ৰাজ্যত বসবাস কৰা মানুহৰ স্বার্থ আৰু সুৰক্ষাৰ অভিভাৱক হিচাপে এনেধৰণৰ ঘটনা ঘটিলে তৎকালে কেন্দ্রীয় চৰকাৰে সাংবিধানিক ব্যৱস্থা গ্রহণ কৰাটো জৰুৰী৷ কেন্দ্রীয় চৰকাৰে কোনো পদক্ষেপ গ্রহণ নকৰা বাবে কোনো নাগৰিক ক্ষুব্ধ হ’লে তেওঁ সংবিধানৰ ৩২ নম্বৰ অনুচ্ছেদ অনুসৰি উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব পাৰে আৰু কেন্দ্রক ব্যৱস্থা গ্রহণ কৰিবলৈ বাধ্য কৰাব পাৰে৷’ –এই মন্তব্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ প্রশান্ত কুমাৰ ডেকাৰ৷

ৰবীন্দ্র ভৱনত অনুষ্ঠিত পৰাগ কুমাৰ দাস সোঁৱৰণী সদৌ অসম আন্তঃমহাবিদ্যালয় তর্ক প্রতিযোগিতাৰ অধ্যক্ষৰ দায়িত্ব পালন কৰি দিয়া ভাষণত প্রাক্তন ন্যায়াধীশগৰাকীয়ে কয় যে অসম–মিজোৰাম সীমান্তত কেইমাহমান পূর্বে সংঘটিত ঘটনাৰ পৰিপ্রেক্ষিতত আজি তর্ক প্রতিযোগিতাৰ বিষয়ৰ বিশেষ গুৰুত্ব আছে৷ সীমান্তৱর্তী এটুকুৰা ভূমি বেদখলক কেন্দ্র কৰি সংঘটিত হোৱা এই ঘটনাত মিজোৰাম চৰকাৰৰ অধীনস্থ আৰক্ষীৰ গুলীত অসম আৰক্ষীৰ ৭জনকৈ জোৱানে প্রাণ হেৰুৱাইছিল৷
প্রকৃততে দুখন বা ততোধিক ৰাজ্যৰ সীমা বিবাদ দেৱানী বিবাদ বুলি উল্লেখ কৰি তেওঁ কয়– ‘এখন বিশেষ ৰাজ্যৰ আৰক্ষীৰ লোকৰ দ্বাৰা আন এখন ৰাজ্যৰ আৰক্ষীলৈ গুলী চলোৱাৰ প্রশ্ণই উত্থাপন নহয়৷ এয়া ভাৰতৰ অন্তর্ভুক্ত দুখন ৰাজ্যৰ মাজত হোৱা যুদ্ধসদৃশ এক বিষয়৷ ভাৰতবর্ষৰ নাগৰিক হিচাপে আমি আমাৰ ৰাজ্যৰ চৰকাৰক সীমান্তৱর্তী এখন ৰাজ্যৰ নাগৰিকৰ বিৰুদ্ধে অস্ত্র তুলি ল’বলৈ আহ্বান জনাব নোৱাৰোঁ৷ পূর্বপুৰুষৰ দিনৰ পৰা ভোগ দখল কৰি অহা ভূমিৰ অধিকাৰৰ বিষয়ে চিন্তা কৰাটো অত্যন্ত জৰুৰী৷ আমাৰ অধিকাৰত থকা ভূমিৰ সঠিক সীমা নির্ধাৰণ হোৱাটো এই কাৰণেই বিচাৰোঁ যাতে আমি বাধাহীনভাৱে এই ভূমি নিজৰ দখলত ৰাখিব পাৰোঁ আৰু তাৰ পৰা উপকৃত হ’ব পাৰোঁ৷ ওচৰ–চুবুৰীয়াৰ লগত যদিহে সীমা বিবাদ হৈছে, তেন্তে তেনে বিবাদ নিৰসনৰ বাবে আইনৰ দ্বাৰা প্রতিষ্ঠিত উপযুক্ত মঞ্চ হৈছে দেৱানী আদালত৷ কাৰণ এয়া এক দেৱানী বিবাদ৷ আইনী প্রক্রিয়াৰ মাজত মধ্যস্থতাৰো ব্যৱস্থা আছে৷ যাৰ জৰিয়তে এক বুজাবুজিত উপনীত হৈ ব্যক্তিগত সম্পত্তিৰ ক্ষেত্রত সীমা বিবাদ মীমাংসা কৰিব পৰা যায়৷ ৰাজ্যসমূহৰ মাজত হোৱা সীমা বিবাদৰ ক্ষেত্রতো এয়া প্রযোজ্য৷ এনে দৃষ্টিকোণেৰে সীমা বিবাদক লক্ষ্য কৰাটো বিবাদী ৰাজ্যসমূহৰ দায়িত্ব৷’
সেয়েহে দুখন অথবা ততোধিক ৰাজ্যৰ সীমা বিবাদ অত্যন্ত স্পর্শকাতৰ বিষয় বুলি মন্তব্য কৰি প্রাক্তন ন্যায়াধীশগৰাকীয়ে এইবুলিও কয় যে এনে বিষয়ৰ সঠিক পৰিচালনাৰ অভাৱে কিধৰণৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে, তাৰ উদাহৰণ হৈছে অসম–মিজোৰাম সীমান্তত সংঘটিত ঘটনাৱলী৷ সংশ্লিষ্ট কর্তৃপক্ষৰ সঠিক পৰিচালনাৰ অভাৱৰ বাবেই এনে ঘটনা সংঘটিত হ’ল আৰু দেশৰ কেইবাজনো নিৰীহ নাগৰিকে প্রাণ হেৰুৱালে৷ উল্লেখ্য যে ৰূপালী জয়ন্তীত পদার্পণ কৰা পৰাগ কুমাৰ দাস সোঁৱৰণী সদৌ অসম আন্তঃমহাবিদ্যালয় তর্ক প্রতিযোগিতা এই বছৰৰ পৰা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে আয়োজক পৰাগ কুমাৰ দাস স্মৃতি ৰক্ষা সমিতিয়ে৷ আজি ৰবীন্দ্র ভৱনত অনুষ্ঠিত অন্তিমখন তর্ক প্রতিযোগিতাত ভট্টদেৱ বিশ্ববিদ্যালয়ে প্রথম শ্রেষ্ঠ দল, গুৱাহাটীৰ অসম অভিযান্ত্রিক মহাবিদ্যালয়ে দ্বিতীয় শ্রেষ্ঠ দল আৰু যোৰহাটৰ জে বি কলেজে তৃতীয় শ্রেষ্ঠ দলৰ সন্মান লাভ কৰে৷
ইফালে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গুঞ্জন ৰাজবংশীয়ে ব্যক্তিগতভাৱে শ্রেষ্ঠ তার্কিকৰ খিতাপ লাভ কৰে৷ এই শাখাত ৰাষ্ট্রীয় আইন বিশ্ববিদ্যালয়ৰ তৌহিদ আলমে দ্বিতীয় স্থান আৰু দৰং কলেজৰ মনোজ কুমাৰ বৰুৱাই তৃতীয় স্থান দখল কৰে৷ উদগনিমূলক বঁটা লাভ কৰে বাহনা কলেজৰ সুদীপ্ত শইকীয়াই৷ ৰাজ্যৰ ভিন্ন প্রান্তৰ ২৩খন শিক্ষানুষ্ঠানৰ ৪৬গৰাকী তার্কিকে এই প্রতিযোগিতাখনত অংশগ্রহণ কৰে৷ প্রতিযোগিতাৰ অন্তত অনুষ্ঠিত এখন সভাত বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়৷
অন্তিম বর্ষৰ তর্কৰ বিষয় আছিল– কেৱল অধিক ক্ষমতা কেন্দ্রীভূত কৰাৰ স্বার্থতে কেন্দ্রীয় চৰকাৰ উত্তৰ–পূব ভাৰতৰ আন্তঃৰাজ্যিক সীমা বিবাদ সমাধানত আগ্রহী নহয়৷ এই তর্ক প্রতিযোগিতাখনৰ ২৫ বছৰীয়া যাত্রাত আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে পৰাগ কুমাৰ দাস স্মৃতিৰক্ষা সমিতিৰ সভাপতি উদয়াদিত্য ভৰালীক এখন শৰাই, এৰী চাদৰ আৰু গামোচাৰে সম্বর্ধনা জ্ঞাপন কৰা হয়৷ প্রাক্তন ন্যায়াধীশ প্রশান্ত কুমাৰ ডেকাৰ উপৰি বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, জি এন আৰ চিৰ সঞ্চালক ডাঃ নোমল বৰাও বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে৷ আনহাতে, স্মৃতিৰক্ষা সমিতিৰ সম্পাদক পৰমপ্রকাশ গগৈয়ে প্রকাশ কৰা অনুসৰি অহা বর্ষৰ পৰা তর্ক প্রতিযোগিতাৰ পৰিৱর্তে পৰাগ কুমাৰ দাস সেঁৱৰণী বার্ষিক স্মাৰক বত্তৃণতা অনুষ্ঠান অনুষ্ঠিত কৰিব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি