Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 11:59 am

Home » আঞ্চলিক » অসম » ছাঁ চেৰিটেবল ট্ৰাষ্টৰ উদ্যোগ : ২৪ গৰাকীলৈ বঁটা-সম্বৰ্ধনা প্ৰদান

ছাঁ চেৰিটেবল ট্ৰাষ্টৰ উদ্যোগ : ২৪ গৰাকীলৈ বঁটা-সম্বৰ্ধনা প্ৰদান

এন হক জানৰ ‘গৰু’ আৰু আব্দুৰ ৰহিম আহমেদৰ প্ৰজ্ঞাময়’ উন্মোচন


গোৱালপাৰা : আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা ‘ছাঁ চেৰিটেবল ট্ৰাষ্ট’ৰ উদ্যোগত বঁটা -সম্বৰ্ধনা প্ৰদান আৰু গ্ৰন্থ উন্মোচন সভা অনুষ্ঠিত হয়৷ গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত দেওবাৰে অনুষ্ঠিত হোৱা সভাত বিশিষ্ট কবি এন হক জানৰ ‘গৰু’ আৰু আব্দুৰ ৰহিম আহমেদৰ ‘প্ৰজ্ঞাময়’ শীৰ্ষক দুখনকৈ কাব্য গ্ৰন্থ উন্মোচন কৰে ক্ৰমে বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কেৰামত আলী সেখ আৰু অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ছজিমুদ্দিন আহমেদে। 

সভাত জিলাখনৰ পাহাৰসিংপাৰা এম ই মাদ্ৰাছা নামৰ ভেঞ্চাৰ স্কুলৰ প্ৰধান শিক্ষক ছাইদুৰ ৰহমান, সহকাৰী শিক্ষক জয়নাল আবেদিন চৌধূৰী, আবু শামা মোল্লা, মনোৱাৰ হুছেইন, বাহাৰুল ইছলাম আৰু এচ এম ফজলুল হকক আদৰ্শ শিক্ষক বটাঁ প্ৰদান কৰা হয়। তাৰোপৰি গোৱালপাৰা জিলাৰ আঠ গৰাকীকৈ সাংবাদিকক আদৰ্শ সাংবাদিকতা বটা প্ৰদান কৰা হয়। গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ সভাপতি তথা প্ৰতিদিন কাকতৰ গোৱালপাৰাৰ সংবাদদাতা আব্দুছ ছোবাহান, প্ৰাগ নিউজৰ সাংবাদিক যোগেন সূত্ৰধৰ, এন কে টিভিৰ সাংবাদিক ৰছিদুল হুছেইন, নিউজ লাইভৰ সাংবাদিক উদিত নাৰায়ণ কলিতা, প্ৰতিদিন টাইমৰ সাংবাদিক বিশ্বজিৎ দাস, নিউজ টাইম অসমৰ ৰাফতাৰুল ইছলাম, ডি ৱাই ৩৬৫ৰ সাংবাদিক মনোজ দাস আৰু গোৱালপাৰা জিলা ডিজিটেল মিডিয়া সন্থাৰ সভাপতি জাকিৰ হুছেইনক আদৰ্শ সাংবাদিকতা বটাঁ প্ৰদান কৰা হয়। ইয়াৰ লগতে যুৱ কংগ্ৰেছী নেতা ৰাকেশ চক্ৰৱৰ্তী, ৰাইজৰ দলৰ যুৱ নেতা আমিনুল হক, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি জাকিৰ হুছেইন, এইচ আৰ ডিৰ সঞ্চালক প্ৰধান বাহাদুৰ ইছলাম আৰু আনোৱাৰ হুছেইনক আদৰ্শ যুৱ বটাঁ প্ৰদান কৰা হয়। সভাত বিশিষ্ট কবি মোজাম্মেল সিকদাৰ, নাচিৰ আহমেদ, আলতাপ মজুমদাৰ, ফৰিদা ইয়াচমিনক প্ৰথম শান্তি বঁটা প্ৰদান কৰা হয়। 

সভাখনত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় কৃষ্ণাই হাব্ৰাঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মণ্টু কুমাৰ দাস, বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত শিক্ষক কেৰামত আলী সেখ, বিশিষ্ট কবি তথা শিক্ষক আবু শ্বামা, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ছজিমুদ্দিন আহমেদ আৰু সাংবাদিক ৰিংকু দাসক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি হাব্ৰাঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মণ্টু কুমাৰ দাসে ট্ৰাষ্টৰ এনে ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে ট্ৰাষ্টৰ মুখ্য পৃষ্ঠপোষক এন. এ. ৰুবুল মিৰ্জাক ধন্যবাদ জ্ঞাপন কৰে আৰু ট্ৰাষ্টৰ হৈ তেও গুৱাহাটী মহানগৰীত শিক্ষাৰ পৰা বঞ্চিত হোৱা ল’ৰা-ছোৱালীক শিক্ষা গ্ৰহণৰ যি ব্যৱস্থা হাতত লৈছে এই ক্ষেত্ৰত যাতে সফলতা লাভ কৰে তাৰ কামনা কৰে। 

এন. এ. ৰুবুল মিৰ্জা আৰু সংবাদ প্ৰহৰীৰ সম্পাদক চৈয়দ বুলবুল জামানুৰ হকে সঞ্চালনা কৰা সভাখনত বিশিষ্ট সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক কেৰামত আলী সেখ, অসম সাহিত্য সভাৰ কাৰ্যকৰী সদস্য তথা পি আৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ছজিমুদ্দিন আহমেদ, শিক্ষক আবুশামা আহমেদ,সাংবাদিক সন্থাৰ সভাপতি আব্দুছ ছোবাহান, সাংবাদিক ৰিংকু দাসে ভাষণ প্ৰদান কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি