| | |

ছাঁ চেৰিটেবল ট্ৰাষ্টৰ উদ্যোগ : ২৪ গৰাকীলৈ বঁটা-সম্বৰ্ধনা প্ৰদান

এন হক জানৰ ‘গৰু’ আৰু আব্দুৰ ৰহিম আহমেদৰ প্ৰজ্ঞাময়’ উন্মোচন গোৱালপাৰা : আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা ‘ছাঁ চেৰিটেবল ট্ৰাষ্ট’ৰ উদ্যোগত বঁটা -সম্বৰ্ধনা প্ৰদান আৰু গ্ৰন্থ উন্মোচন সভা অনুষ্ঠিত হয়৷ গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত দেওবাৰে অনুষ্ঠিত হোৱা সভাত বিশিষ্ট কবি এন হক জানৰ ‘গৰু’ আৰু আব্দুৰ ৰহিম আহমেদৰ ‘প্ৰজ্ঞাময়’ শীৰ্ষক দুখনকৈ কাব্য গ্ৰন্থ উন্মোচন কৰে ক্ৰমে বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কেৰামত আলী সেখ আৰু অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ছজিমুদ্দিন আহমেদে।  সভাত জিলাখনৰ পাহাৰসিংপাৰা এম ই মাদ্ৰাছা নামৰ ভেঞ্চাৰ স্কুলৰ প্ৰধান শিক্ষক ছাইদুৰ ৰহমান, সহকাৰী শিক্ষক জয়নাল আবেদিন চৌধূৰী, আবু শামা মোল্লা, মনোৱাৰ হুছেইন, বাহাৰুল ইছলাম আৰু এচ এম ফজলুল হকক আদৰ্শ শিক্ষক বটাঁ প্ৰদান কৰা হয়। তাৰোপৰি গোৱালপাৰা