Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 1:19 pm

Home » আঞ্চলিক » অসম » একাংশ ৱেব প’র্টেলে সংবাদ মাধ্যমলৈ ভাবুকি কঢ়িয়াই আনিছে

একাংশ ৱেব প’র্টেলে সংবাদ মাধ্যমলৈ ভাবুকি কঢ়িয়াই আনিছে

একাংশ ৱেব প’র্টেলে সংবাদ মাধ্যমলৈ ভাবুকি কঢ়িয়াই আনিছে৷ সংবাদ এটা পৰিৱেশন কৰাৰ পূর্বে সেইসমূহ ৱেব প’র্টেলে ঘটনাৰ সত্যাসত্য বাছ–বিচাৰ নকৰাকৈ জধেমধে বাতৰি পৰিৱেশন কৰি নিৰীহ–নিৰপৰাধী লোককো মনোকষ্ট দিয়ে৷ এইক্ষেত্রত ৱেব প’র্টেলসমূহ নিয়ন্ত্রিত হোৱাৰ প্রয়োজন আছে৷ –এই মন্তব্য ৰাজ্যৰ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাৰ৷ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত দিছপুৰৰ পি ডব্লিউ ডি কনভেনচন চেণ্টাৰত মঙলবাৰে ৰাজ্যিক ভিত্তিত আয়োজন কৰা ৰাষ্ট্রীয় প্রেছ দিৱসৰ কার্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি মন্ত্রী হাজৰিকাই কয় যে ভাৰতীয় গণতান্ত্রিক ব্যৱস্থা বিশ্ববন্দিত৷ ভাৰতৰ সৈতে একে সময়তে স্বাধীনতা লাভ কৰা প্রতিৱেশী ৰাষ্ট্র পাকিস্তানত গণতন্ত্রৰ নামত ভেঁকো–ভাওনা চলি থকাৰ বিপৰীতে ভাৰতীয় গণতন্ত্র অতি মহান আৰু ইয়াৰ এক সুকীয়া মাত্রা আছে৷ ভাৰতীয় গণতন্ত্রত সংবাদ মাধ্যমে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে৷

গণতন্ত্রৰ চতুর্থ স্তম্ভৰূপে জনাজাত সংবাদ মাধ্যমৰ ভূমিকা সমাজ ব্যৱস্থাক সুশৃংখলিত কৰাৰ বাবে সমানেই প্রয়োজনীয়৷ সাংবাদিকতাৰ ক্ষেত্রত স্বাধীনতা, নিৰপেক্ষতা আৰু সামাজিক দায়বদ্ধতা অতি প্রয়োজনীয় বুলি উল্লেখ কৰি মন্ত্রী হাজৰিকাই কয় যে সংবাদ মাধ্যমে বাতৰি প্রচাৰ কৰাৰ ক্ষেত্রত সন্তুলন মানি চলাটো প্রয়োজনীয়৷ ভাল–বেয়া দুয়োটা দিশ সমানে প্রচাৰ কৰিলেহে সাংবাদিকতাৰ প্রকৃত উদ্দেশ্য সফল হ’ব৷ উদ্দেশ্যপ্রণোদিতভাৱে সংবাদ সেৱা কৰিলে সাংবাদিকতাৰ মান নিম্ন হ’ব৷ মানুহ এজনক ভয় খুৱাবলৈ উদ্দেশ্যপ্রণোদিতভাৱে বাতৰি পৰিৱেশন কৰিলে তেনে বাতৰিয়ে সমাজ শৃংখলিত কৰিব নোৱাৰে৷ কোনো কোনোৱে সাংবাদিকৰ পৰিচয়–পত্রখন লৈ ব্লেকমেইলিং কৰাৰো উল্লেখ কৰি ভাষণত মন্ত্রী হাজৰিকাই কয় যে এইক্ষেত্রত জ্যেষ্ঠ সাংবাদিকসকলে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি নতুন সংবাদকর্মীসকলক উপযুক্ত মার্গদর্শন দিব লাগিব৷
ৰাজ্যিক ভিত্তিত আয়োজিত ৰাষ্ট্রীয় প্রেছ দিৱসত মন্ত্রী হাজৰিকাই অসমৰ বিভিন্ন প্রান্তৰ ১২জন জ্যেষ্ঠ সাংবাদিকক সম্বর্ধনা জনায়৷ তেওঁলোক হৈছে– কামৰূপ মেট্র’ৰ পদ্ম পাটৰ, বৈকুণ্ঠনাথ গোস্বামী, হোজাইৰ অনিমেষ মজুমদাৰ, ৰমেশ মুণ্ডা, দৰঙৰ প্রদীপ ঘোষ, শোণিতপুৰৰ সুনীল মোৰ, কুস্মাখাৰ উপাধ্যায়, নগাঁৱৰ কনক হাজৰিকা, দীপক কুমাৰ শর্মা, জিতেন বৰকটকী, মৰিগাঁৱৰ ডালিম ফুকন আৰু অজিত শর্মা৷ ৰাষ্ট্রীয় প্রেছ দিৱসৰ কার্যসূচীত তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ অধ্যাপক ড০ চন্দন কুমাৰ শর্মাই মুখ্য বক্তা হিচাপে উপস্থিত থাকি কয় যে বিশ্বাসযোগ্যতা সংবাদ মাধ্যমৰ বাবে অতি প্রয়োজনীয় সম্পদ৷ মানুহৰ মাজত সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা নথকাৰ বাবেই উৰাবাতৰি সৃষ্টিৰে বিভিন্ন সময়ত বিভ্রান্তিৰ সৃষ্টি হয়৷ ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰেও বক্তব্য ৰাখে৷
এই অনুষ্ঠানত তথ্য আৰু জনসংযোগ, মুদ্রণ আৰু লেখন সামগ্রী বিভাগৰ সচিব নীৰা গগৈ সোণোৱাল, তথ্য আৰু জনসংযোগৰ সঞ্চালক বিষ্ণুকমল বৰাও উপস্থিত থাকে৷ ইফালে, নিখিল ভাৰত ট্রেড ইউনিয়ন কংগ্রেছৰ অসম ৰাজ্যিক কমিটীয়ে ৰাষ্ট্রীয় প্রেছ দিৱস উপলক্ষে এক বিবৃতিযোগে সকলো সাংবাদিক, সংবাদকর্মীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি কয় যে চৰকাৰে সংবাদ মাধ্যমক স্বাধীনভাৱে কাম কৰাত কোনো বাধা দিব নালাগে বা আক্রোশমূলক আচৰণ কৰাৰ পৰাও বিৰত থাকিব লাগে৷ সেইদৰে দেশত কিছুমান সাংবাদিকৰ মানসিকতা থকা চৰিত্রৰো সলনি হোৱাৰ উল্লেখ কৰি বিবৃতিটোত কয় যে চৰকাৰৰ হৈ অবিৰত অসত্য বাতৰি পৰিৱেশন কৰা তেওঁলোকৰ পেছা হৈ পৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি