Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:19 pm

Home » দেশ-বিদেশ » উত্তৰ প্রদেশত ৩৪০ কিঃমিঃ দৈর্ঘ্যৰ এক্সপ্রেছ ৱে’ মুকলি মোদীৰ

উত্তৰ প্রদেশত ৩৪০ কিঃমিঃ দৈর্ঘ্যৰ এক্সপ্রেছ ৱে’ মুকলি মোদীৰ

দেশৰ যোগাযোগ আৰু নিৰাপত্তাৰ ক্ষেত্রত ইতিহাস ৰচি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মঙলবাৰে উত্তৰ প্রদেশত উদ্বোধন কৰে অত্যাধুনিক পূর্বাঞ্চল এক্সপ্রেছ ৱে’৷ ২২,৫০০ কোটি টকাৰে নির্মিত ৩৪০ কিলোমিটাৰ দৈর্ঘ্যৰ এই পথছোৱা প্রধানমন্ত্রী মোদীয়ে উদ্বোধন কৰাৰ লগে লগে দেশৰ যোগাযোগ খণ্ডত এক ন–দিগন্তৰ সূচনা হয়৷ ভাৰতীয় বায়ুসেনাৰ হাৰকিউলিছ বিমান চি–১৩০জে বিমানেৰে প্রধানমন্ত্রী মোদীয়ে এই ছুপাৰ এক্সপ্রেছ হাইৱে’ত অৱতৰণ কৰি পথছোৱা মুকলি কৰে৷ দিল্লীৰ পৰা উত্তৰ প্রদেশৰ সীমান্তৱর্তী অঞ্চল স্পর্শ কৰা এই এক্সপ্রেছ ৱে’ত ভাৰতীয় বায়ুসেনাৰ অত্যাধুনিক ৰাফেল আৰু ছুখয় বিমান অৱতৰণ কৰিবলৈ সক্ষম৷ ছটা লেনযুক্ত এই এক্সপ্রেছ ৱে’টোৰ অদূৰ ভৱিষ্যতে আঠটা লেনলৈ পৰিসৰ বৃদ্ধি কৰিব পাৰিব৷ লক্ষ্ণৌৰ সমীপৱর্তী ছান্তছাৰাই গাঁৱৰ পৰা আৰম্ভ হোৱা এই এক্সপ্রেছ ৱে’ সমাপ্ত হৈছে উত্তৰ প্রদেশ–বিহাৰ সীমান্তৱর্তী হাইদাৰিয়া গাঁৱত৷

উল্লেখ্য যে তিনি বছৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে আজমগড়ত পূর্বাঞ্চল এক্সপ্রেছ ৱে’ পথৰ আধাৰশিলা স্থাপন কৰিছিল৷ অত্যাধুনিক এই পথে উত্তৰ প্রদেশৰ ৰাজধানী লক্ষ্ণৌৰ সৈতে বাৰাবাংকি, আমেথি, অযোধ্যা, চুলতানপুৰ, আম্বেদকাৰ নগৰ, আজমগড়, মাও আৰু গাজীপুৰৰ যোগাযোগ ব্যৱস্থা সুচল কৰি তুলিব আৰু স্বাভাৱিকতেই এই উন্নত যোগাযোগ ব্যৱস্থাই অঞ্চলটোৰ অর্থনৈতিক উন্নয়নত প্রভুত প্রভাৱ পেলাব৷ ‘মই যেতিয়া তিনি বছৰ পূর্বে পূর্বাঞ্চল এক্সপ্রেছ ৱে’ৰ আধাৰশিলা স্থাপন কৰিছিলোঁ, তেতিয়া মই সপোনতো ভবা নাছিলোঁ যে ইমান কম সময়ৰ ভিতৰতে হাৰকিউলিছ বিমানৰ দৰে এখন বৃহৎ বিমানেৰে এই পথত অৱতৰণ কৰিবলৈ সক্ষম হ’ম৷ যিসকলে উত্তৰ প্রদেশ আৰু ৰাজ্যখনৰ বাসিন্দাসকলৰ সামর্থ্যক লৈ সন্দেহ কৰে তেওঁলোকে আজি চুলতানপুৰলৈ আহি প্রত্যক্ষ কৰক ৰাজ্যখনৰ উন্নয়নৰ ধাৰা৷’– এক্সপ্রেছ ৱে’ উদ্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয়৷
বিৰোধী দলক তীব্র সমালোচনা কৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে যোগী আদিত্যনাথ চৰকাৰৰ দিনত উত্তৰ প্রদেশত হোৱা বিশাল উন্নয়নে বিৰোধী সমাজবাদী দল আৰু কংগ্রেছত ভোটবেংক হেৰুওৱাৰ আশংকাত উদ্বিগ্ণ কৰি তুলিছে৷ ‘এই দলসমূহৰ শাসনৰ সময়ত উত্তৰ প্রদেশৰ উন্নয়ন সীমিত আছিল, শাসনাধিষ্ঠিত দলসমূহৰ পৰিয়ালে বসবাস কৰা অঞ্চলসমূহতহে৷ কিন্তু আদিত্যনাথৰ চৰকাৰৰ দিনত ৰাজ্যখনৰ সমূহ অঞ্চললৈ উন্নয়ন প্রসাৰিত হৈছে৷’ তেওঁ নিজেই উত্তৰ প্রদেশৰ এগৰাকী সাংসদ হিচাপে দেশৰ শাসনভাৰ লোৱাৰ পিছত ৰাজ্যখনৰ উন্নয়নত যথেষ্ট গুৰুত্ব দিছে৷ ‘উত্তৰ প্রদেশত অচিৰেই কেইবাখনো নতুন মেডিকেল কলেজ স্থাপন হ’ব৷ মাত্র কেইদিনমান আগতে কুছিনগৰত মই এখন আন্তর্জাতিক বিমানবন্দৰ মুকলি কৰিছোঁ৷ আৰু আজি মুকলি কৰা এই এক্সপ্রেছ ৱে’ই দুখীয়া লোকৰ উপৰি মধ্যবিত্ত, কৃষক আৰু সকলো ব্যৱসায়ীক লাভান্বিত কৰিব৷’–প্রধানমন্ত্রী মোদীয়ে এইদৰে কয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি