|

দক্ষিণ শালমাৰা-মানকাচৰত গাঁওবুঢ়া নিযুক্তিত কেলেংকাৰী

নাম সাঙোৰ খাইছে তদানীন্তন জিলা উপায়ুক্ত আতিকা সুলতানাৰ নাম জাঙুৰ খাই উঠিছে মানকাচৰ সমষ্টিৰ বঞ্চিত পুৰণি বেচৰকাৰী গাওঁবুঢ়া আৰু সমাজ সচেতন মহল মানকাচৰ : দূৰ্নীতিপৰায়ণ চৰকাৰী বিষয়া, কৰ্মচাৰী, ৰাজনৈতিক নেতা পালি নেতা, দালালক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰি ৰাজ্যখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক নজিৰ সৃষ্টি কৰিছে। সমান্তৰাল ভাৱে দক্ষিণ শালমাৰা-মানকাচৰ জিলখনতো চৰকাৰৰ কঠোৰ নিৰ্দেশৰ ফলত আৰক্ষী, জিলা প্ৰশাসনে কেইবাগৰাকী দালালক আটক কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে। তাৰে মাজতে এইবাৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ তদানীন্তন উপায়ুক্ত আতিকা সুলতানাৰ কলা অধ্যায় খোল খাইছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ তদানীন্তন অতিৰিক্ত উপায়ুক্ত ছইবৰ ৰহমানক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰাৰ পিছত দক্ষিণ শালমাৰা মানকাচৰ জিলাত বিভিন্ন বিভাগত দীৰ্ঘদিন ধৰি চলি থকা দুৰ্নীতি, দালালৰাজৰ

|

বাবুৰহাট বজাৰত ছিণ্ডিকেটৰাজ : প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাৰ প্ৰতিক্ৰিয়া

গুৱাহাটী : ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত গোৱালেৰচৰ-বাবুৰহাট বজাৰত যোৱা কিছুদিন ধৰি দুই পক্ষৰ মাজত অৰিয়া-অৰিক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে যোৱা ১৯৯৬ ইং চনত আলী আকবৰ মিঞাই প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয়৷ তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈয়েই দুৰ্নীতিৰ বিৰুদ্ধে আপোচহীন এক সংগ্ৰাম আৰম্ভ কৰে৷  ১৯৯৮ ইং চনত বিলাসীপাৰা বজাৰত সমবায় সমিতিৰ চেনি ক’লা বজাৰত বিক্ৰী কৰি থকা অৱস্থাত চৰাঞ্চলৰ ২-৪জন যুৱকে হাতে-লোটে ধৰা পেলায়৷ বজাৰৰ দোকানীসকলে একগোট হৈ চৰাঞ্চলৰ দুজন যুৱ সমাজকৰ্মীক বেয়াকৈ মাৰধৰ কৰে৷ ঘটনাস্থলীত তদান্তীন্তন বিধায়ক আলী আকবৰ মিঞাই উপস্থিত হৈ উক্ত ঘটনাটো মীমাংসাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল৷ কিন্তু দোকানীসকলে ওলোটাই তদানীন্তন বিধায়কগৰাকীৰ গাড়ীৰ ওপৰত আক্ৰমণ চলায়৷ পৰৱৰ্তী সময়ত ঘটনাটোৱে সাম্প্ৰদায়িক ৰূপ লয়৷