Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 9:36 am

Home » আঞ্চলিক » অসম » ৭ জিলাৰ ধর্মীয় নেতৃত্বৰে স্বাস্থ্যমন্ত্রী–মুখ্য সচিবৰ বৈঠক

৭ জিলাৰ ধর্মীয় নেতৃত্বৰে স্বাস্থ্যমন্ত্রী–মুখ্য সচিবৰ বৈঠক

অসমত চলিত নৱেম্বৰ মাহৰ ভিতৰতে ১০০ শতাংশ যোগ্য লোকৰ প্রথম পালি ক’ভিড টিকাকৰণ সম্পূর্ণ কৰিবলৈ জোৰদাৰ প্রয়াস চলাইছে ৰাজ্য চৰকাৰে৷ এতিয়াও ক’ভিড প্রতিষেধক নোলোৱাকৈ থকা সকলো যোগ্য লোকক ক’ভিডৰ সুৰক্ষাকৱচস্বৰূপ প্রতিষেধক গ্রহণৰ বাবে উৎসাহী কৰি তোলাৰ বাবে ধর্মগুৰু, খিলঞ্জীয়া পন্থাৰ নেতৃত্ব তথা স্থানীয় সামাজিক কর্মীসকলক বিশেষ উদ্যোগ ল’বলৈ আহ্বান জনাইছে ৰাজ্য চৰকাৰে৷ এই সন্দর্ভত দিছপুৰৰ জনতা ভৱনত আজি সাতখন জিলাৰ থলুৱা লোক–বিশ্বাস অনুসৰণকাৰী পন্থাৰ প্রতিনিধি, খ্রীষ্টান ধর্মীয় নেতৃত্ব আৰু সামাজিক কর্মকর্তাৰ সৈতে স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত আৰু মুখ্য সচিব জিষ্ণু বৰুৱাই এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ কোকৰাঝাৰ, কার্বি আংলং, পশ্চিম কার্বি আংলং, গোৱালপাৰা, ওদালগুৰি, শোণিতপুৰ আৰু কামৰূপ (মহানগৰ) জিলাৰ একুৰিৰো অধিক ধর্মীয় নেতা, থলুৱা পন্থাৰ প্রতিনিধি আৰু সামাজিক কর্মীয়ে এই বৈঠকত অংশগ্রহণ কৰে৷ স্বাস্থ্য বিভাগৰ সচিব সিদ্ধার্থ সিং, এনএইচএমৰ ৰাজ্যিক সঞ্চালক ডাঃ এছ লক্ষ্মণন, পৰিয়াল কল্যাণ সঞ্চালক মুনীন্দ্রনাথ নাটে আৰু কামৰূপ (মহানগৰ)ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে চাৰিখন জিলাৰ অতিৰিক্ত উপায়ুক্তয়ো ভাগ লোৱা বৈঠকত এইকেইখন জিলাৰ লগতে ডিমা হাছাও, কাছাৰ, বাক্সা, দৰং আৰু চিৰাঙকে ধৰি কেইবাখনো জিলাৰ বহু ভিতৰুৱা, পাহাৰীয়া, সীমান্তৱর্তী তথা চাহ বাগিচা অঞ্চলৰ বহু অংশত এতিয়াও বেছিভাগ লোকেই ক’ভিড প্রতিষেধক ল’বলৈ অনিচ্ছুুক হৈ ৰোৱাৰ কাৰকসমূহৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰা হয়৷

বৈঠকত স্বাস্থ্যমন্ত্রী, মুখ্য সচিব, স্বাস্থ্য বিভাগৰ সচিব আৰু এনএইচএমৰ ৰাজ্যিক সঞ্চালকে ক’ভিড প্রতিষেধক গ্রহণৰ জৰুৰী প্রয়োজনীয়তা আৰু উপযোগিতা সম্পর্কে সকলোৰে দৃষ্টি আকর্ষণ কৰাৰ লগতে ৰাজ্যবাসীক ক’ভিড অতিমাৰীৰ পৰা সুৰক্ষিত কৰাৰ বাবে নৱেম্বৰৰ ভিতৰতে ৰাজ্যখনে এশ শতাংশ যোগ্য লোকক প্রথম পালি ক’ভিড প্রতিষেধক দি সম্পূর্ণ কৰিবলৈ চৰকাৰে লক্ষ্য নির্দিষ্ট কৰাৰ বিষয়েও অৱগত কৰে৷ ইতিমধ্যে ৰাজ্যত ১৮ বছৰৰ ঊর্ধ্বৰ ২.০৪ কোটিৰো অধিক লোকে ক’ভিড প্রতিষেধক গ্রহণ কৰাৰ বিপৰীতে এতিয়াও কোকৰাঝাৰ জিলাৰ কচুগাঁও, চৰাইবিল, শোণিতপুৰৰ ঢ়েকীয়াজুলি, গোৱালপাৰাৰ ৰঙাজুলি, পশ্চিম কার্বি আংলঙৰ জিৰিকান্দিং, উমপাইনাইৰ লগতে গোৱালপাৰা আৰু ওদালগুৰিৰ বহু ভিতৰুৱা গাৰো গাঁও, বিটিআৰৰ ভূটান সীমান্তৱর্তী এলেকাত কেইবা হাজাৰ লোকে বিভিন্ন উৰাবাতৰি, অপপ্রচাৰ, অন্ধবিশ্বাস আদিৰ বাবে ক’ভিড প্রতিষেধকক লৈ দ্বিধাগ্রস্ত আৰু অনিচ্ছুক হৈ আছে৷ জিলাকেইখনৰ এই অঞ্চলসমূহৰ বাসিন্দাসকলৰ মাজত ক’ভিড প্রতিষেধক গ্রহণৰ উপযোগিতাৰ বিষয়ে জনসজাগতা বৃদ্ধি আৰু ক’ভিড প্রতিষেধক সম্পর্কীয় উৰাবাতৰি–পপ্রচাৰ আদিয়ে সৃষ্টি কৰা বিভ্রান্তি আঁতৰাই ৰাইজক প্রতিষেধক ল’বলৈ উৎসাহী কৰিবলৈ স্থানীয় গির্জাঘৰ, থলুৱা পন্থাৰ প্রতিনিধি আৰু সামাজিক কর্মীসকলে জিলা প্রশাসনৰ সহযোগত অহা ১৪ নৱেম্বৰৰ পৰাই সক্রিয়তাৰে উদ্যোগ ল’বলৈ স্বাস্থ্যমন্ত্রী আৰু মুখ্য সচিবে জনোৱা আহ্বানলৈ বৈঠকত অংশগ্রহণকাৰী ধর্মীয় নেতা–প্রতিনিধিসকলে পূর্ণ সঁহাৰি জনায়৷ এইক্ষেত্রত তেওঁলোকক সকলো ধৰণৰ সহযোগিতা আগবঢ়াবলৈ সংশ্লিষ্ট জিলাৰ উপায়ুক্ত আৰু স্বায়ত্ত পৰিষদৰ প্রধান সচিবসকলক আজিৰ ভিতৰতে মুখ্য সচিবে নির্দেশনা আগবঢ়াব৷ জিলা উপায়ুক্তসকলে স্থানীয় ধর্মীয় নেতা–সামাজিক কর্মী আৰু বিশিষ্ট লোকৰ সহযোগত এনে গাঁও অঞ্চলসমূহত বাসিন্দাসকলৰ মাজত ক’ভিড প্রতিষেধকক লৈ থকা দ্বিধাগ্রস্ততা আঁতৰোৱাৰ বাবে প্রয়োজনীয় কার্যপৰিকল্পনা স্থিৰ কৰিব৷ ইফালে আজি ৰাজ্যত নতুনকৈ ২৫১জন লোক ক’ভিড আক্রান্ত হয়৷ ৰাজ্যখনত ৪০,৬১৩জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল৷ আক্রান্তৰ হাৰ ০.৬২ শতাংশ৷ আক্রান্তৰ ৮৭জন কামৰূপ মহানগৰ জিলাৰ৷ আনহাতে ক’ভিডত আক্রান্ত হৈ আজি এজন লোকৰ মৃত্যু হয়৷ আৰোগ্যৰ হাৰ ৯৮.৪৯ শতাংশ৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি