Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:40 pm

Home » আঞ্চলিক » অসম » মেঘালয়ত চামিলৰ দাবী ১৩ গাঁৱৰ ৰাইজৰ

মেঘালয়ত চামিলৰ দাবী ১৩ গাঁৱৰ ৰাইজৰ

দীর্ঘদিন ধৰি চলি অহা অসম–মেঘালয় সীমাবিবাদ প্রশমিত কৰাৰ লক্ষ্যৰে শেহতীয়াকৈ উভয় ৰাজ্যৰ মুখ্যমন্ত্রী পর্যায়ত আৰম্ভ হোৱা তৎপৰতাৰ মাজতে অসমৰ ১৩খন গাঁৱৰ ৰাইজে মেঘালয়ত চামিল হোৱাৰ হুংকাৰ দিলে৷ উভয় ৰাজ্যৰ দুগৰাকীকৈ মন্ত্রীৰ উপস্থিতিতে আজি কামৰূপ জিলাৰ আপাৰ তাৰাবাৰীৰ বিস্তৃত এলেকাৰ ৰাইজে অসমৰ পৰা আঁতৰি গৈ মেঘালয়ত চামিলৰ দাবী তোলাই নহয়, অসম চৰকাৰে এই গাঁওবাসীক সুৰক্ষা দিব নোৱাৰে বুলি আনুষ্ঠানিক ঘোষণা কৰাৰ বাবেও তুলিলে দাবী৷

উল্লেখ্য যে কামৰূপ জিলা আৰু মেঘালয়ৰ পশ্চিম খাছি পাহাৰ জিলাৰ মাজৰ সীমাবিবাদ নিষ্পত্তি কৰিবলৈ সংশ্লিষ্ট অঞ্চলসমূহ ভ্রমণ কৰি প্রতিবেদন দাখিল কৰিবলৈ অসম–মেঘালয় চৰকাৰে সুকীয়া সুকীয়াকৈ গঠন কৰি দিয়া আঞ্চলিক সমিতি দুখনে আজি যুটীয়াভাৱে দুয়োখন জিলাৰ সীমান্তত থকা বিবদমান অঞ্চলসমূহ পৰিদর্শন কৰে৷ অসম চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্রী অতুল বৰা আৰু মেঘালয়ৰ জনস্বাস্থ্য–কাৰিকৰী বিভাগৰ মন্ত্রী ৰেনিকটন এল টাংখাৰ নেতৃত্বত আজি দুয়োখন ৰাজ্যৰ বৃহৎ প্রতিনিধি দলে সীমান্তৱর্তী আপাৰ তাৰাবাৰী, ডাব’কট্র’বি আৰু গমাৰিমূৰাৰ বিবদমান অঞ্চল ভ্রমণ কৰাৰ সময়তে সীমান্তৱর্তী ৰাইজে দীর্ঘদিন ভুগি অহা দুর্ভোগৰ জীয়া ছবি মন্ত্রী অতুল বৰাৰ সন্মুখত দাঙি ধৰে৷ ক্ষুব্ধ ৰাইজে সীমান্ত উন্নয়ন মন্ত্রীগৰাকীৰ ওচৰত বিভিন্ন অভিযোগ তোলাই নহয়, অসম চৰকাৰে কিদৰে এই বৃহৎ অঞ্চলৰ ৰাইজক উন্নয়নৰ নামত প্রৱঞ্চনা কৰি আহিছে, তাকো আঙুলিয়াই দিয়ে৷
উল্লেখ্য যে বিগত ২০ বছৰে আপাৰ তাৰাবাৰী ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে যাতায়াতৰ বাবে পথ নির্মাণ কৰি আহিছে৷ ৰাইজৰ অভিযোগ– অসম চৰকাৰ তথা অসমৰ ৰাজনৈতিক নেতাসকল কেৱল ভোটৰ সময়তহে আপাৰ তাৰাবাৰীলৈ আহে৷ এনেদৰে বছৰ বছৰ ধৰি সীমান্তৱর্তী ৰাইজক অৱহেলা কৰি অহা অসমৰ সৈতে থকাৰ কোনো যুক্তি নাই বুলিও ক্ষোভ প্রকাশ কৰে সীমান্তৱর্তী ৰাইজে৷ আজি দুপৰীয়াৰ ভাগত আপাৰ তাৰাবাৰী প্রাথমিক বিদ্যালয়ত এখন সভা অনুষ্ঠিত কৰা হৈছিল৷ এই সভাত অসম–মেঘালয়ৰ দুয়োগৰাকী মন্ত্রীৰ লগতে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস আৰু স্থানীয় গাঁওবুঢ়া উপস্থিত থাকে৷ এই সভাৰ আৰম্ভণিতে ৰাজ্য চৰকাৰৰ প্রতিনিধি আৰু প্রশাসনৰ বিষয়াসকলৰ পৰিভ্রমণৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ গাঁওবুঢ়া থিয় হওঁতেই প্রতিবাদমুখৰ হৈ পৰে সভা৷ একাংশ গাঁওবাসীয়ে মুকলিকৈ মন্ত্রী অতুল বৰাৰ সন্মুখতে ক্ষোভেৰে কয়– গাৰোসকল অসমৰ লোক নহয় নেকি? অসমৰ সীমান্ত ভূমি আপাৰ তাৰাবাৰীৰ গাৰোসকলে ধৰি ৰাখি আছে৷ কিন্তু অসমৰ লোক হিচাপে আমাক তিলমাত্রও গুৰুত্ব প্রদান কৰা নহয়৷ যদি আমি অসমৰ লোক নহয়, তেন্তে আমাক মেঘালয়ত চামিল কৰি দিয়ক৷ আমি জোৰকৈ মেঘালয়ত চামিল হ’ব খোজা নাই৷ অসম চৰকাৰে আনুষ্ঠানিক ঘোষণাৰে আমাক মেঘালয়ৰ সৈতে চামিল কৰক৷ দুগৰাকীকৈ মন্ত্রীৰ সন্মুখতে ১৩খন গাঁৱৰ ৰাইজে দিয়া এনে হুংকাৰত পৰিস্থিতি উত্তেজনাময় হৈ পৰে৷ এনে অৱস্থাত স্থানীয় গাঁওবুঢ়াই ৰাইজক বুজাবলৈ চেষ্টা কৰে যদিও ক্ষুব্ধ ৰাইজে মন্ত্রী অতুল বৰাৰ সন্মুখত এটাৰ পাছত এটাকৈ ক্ষোভৰ উদ্গিৰণ ঘটায়৷ এনে অৱস্থাত পৰিস্থিতি চম্ভালিবলৈ আৰক্ষী আৰু অর্ধসামৰিক বাহিনী উপস্থিত হ’বলগা হয়৷ অর্ধসামৰিক বাহিনীৰ উপস্থিতিতহে উত্তেজনা কিছু শাম কাটে৷
ইফালে, সমগ্র পৰিস্থিতি সন্দর্ভত মন্ত্রী অতুল বৰাই কয় যে সীমান্তৰ এই বিবাদ বহু পুৰণি৷ এই বিবাদৰ সমাধানৰ বাবে পূর্বৰ চৰকাৰসমূহে কোনো ব্যৱস্থাই গ্রহণ নকৰিলে৷ ই এক ৰাজনৈতিক সমস্যা আৰু এই সমস্যাৰ প্রতি সদিচ্ছা দেখুৱাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সমাধানৰ বাবে তৎপৰতা আৰম্ভ কৰিছে৷ মেঘালয় চৰকাৰেও সহযোগিতা আগবঢ়াইছে৷ এক আলোচনা আৰু বুজাবুজিৰ মাধ্যমেৰে দুয়োখন ৰাজ্যই এই বিবাদ সমাধান কৰিবলৈ সক্ষম হ’ব৷ উল্লেখ্য যে অসম আৰু মেঘালয়ৰ মাজত ৰিভ’ই, পশ্চিম খাছি পাহাৰ আৰু পূব জয়ন্তীয়া পাহাৰৰ সীমান্তৱর্তী অঞ্চলসমূহৰ সমস্যা নিষ্পত্তিৰ বাবে যোৱা ছেপ্ঢেম্বৰ মাহত দুয়োখন ৰাজ্যৰ চৰকাৰে তিনিখন কমিটী গঠন কৰিছিল৷ অসম চৰকাৰৰ হৈ এই তিনি কমিটীৰ নেতৃত্বত আছে অতুল বৰা, পীয়ূষ হাজৰিকা আৰু চন্দ্রমোহন পাটোৱাৰী৷ পীয়ূষ হাজৰিকাক ৰিভ’ই জিলা, অতুল বৰাক পূব খাছি পাহাৰ জিলা, চন্দ্রমোহন পাটোৱাৰীক পূব জয়ন্তীয়া জিলাৰ দায়িত্ব অর্পণ কৰা হৈছে৷ মন্ত্রীকেইগৰাকীৰ নেতৃত্বত গঠন হোৱা সমিতিসমূহে ইতিমধ্যে দাখিল কৰা প্রতিবেদনৰ ভিত্তিত সীমাবিবাদ নিষ্পত্তিৰ পৰৱর্তী ব্যৱস্থা গ্রহণৰ বাবে ইতিমধ্যে পদক্ষেপ আৰম্ভ কৰিছে৷ সেই অনুসৰিয়েই আজি আপাৰ তাৰাবাৰীৰ বিস্তৃত অঞ্চল পৰিদর্শন কৰে মন্ত্রী অতুল বৰাই৷ আজিৰ এই পৰিদর্শনকালত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ আয়ুক্ত সচিব জি ডি ত্রিপাঠী, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাস কার্তিক, আৰক্ষী অধীক্ষক হিতেশ ৰয়ৰ লগতে পশ্চিম খাছি পাহাৰ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু অন্য প্রশাসনিক বিষয়াসকলো উপস্থিত থাকে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি