Krisdti Award : বৰপেটাৰোড সাহিত্য সভা ভৱনত কৃষ্টিপথাৰৰ এৱাৰ্ডচ্-২০২১ প্ৰদান অনুষ্ঠান
আজি দিনৰ ১১ বজাৰ পৰা বৰপেটাৰোড সাহিত্য সভা ভৱনত আৰম্ভ হয় বঁটা প্ৰদান অনুষ্ঠান ৷ ২০০৫ চনত “কৃষ্টিপথাৰ”ৰ প্ৰতিষ্ঠাপক তথা প্ৰধান সম্পাদক মহানন্দ সৰকাৰ দত্তৰ স্ব-ৰচিত কবিতাপুথি ‘কাৱৈমাৰী ৰিজাৰ্ভৰ শ্লোগান’ উন্মোচনেৰে যাত্ৰা আৰম্ভ কৰা উক্ত অনুষ্ঠানটিয়ে নানা ঘাত প্ৰতিঘাত অতিক্ৰম কৰি অসমীয়া ভাষা-সাহিত্য, সংস্কৃতি আৰু সামাজিক দিশত বৰঙণি আগবঢ়াই আহিছে। নিৰলস ভাৱে ২০০৫ চনৰ পৰাই সমাজৰ বিশিষ্ট ব্যক্তি সকলক সম্বৰ্ধনা, কৃতী ছাত্র ছাত্ৰীক সম্বৰ্ধনা, সমাজৰ বিভিন্ন স্পৰ্শকাতৰ বিষয়ৰ ওপৰত আলোচনা চক্ৰ, কবি সন্মিলন, কিতাপ পত্ৰ ইত্যাদি প্ৰকাশ কৰি আহিছে ৷ ড০ বাণীকান্ত কাকতি দেৱক স্মৰণ কৰাৰ উদ্দেশ্য আগত ৰাখি প্ৰতিবছৰে আয়োজন কৰা “কৃষ্টি এৱাৰ্ডচ্”ৰ জড়িয়তে এইবাৰো ৩৮ গৰাকী ব্যক্তিৰ প্ৰদান কৰা হৈছে। বিশিষ্ট সাহিত্যিক তথা হোজাইস্থিত ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০