Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:06 pm

Home » আঞ্চলিক » অসম » বীজ ৰোপণ কৰিছোঁ এবছৰ পাছত সুফল পাব

বীজ ৰোপণ কৰিছোঁ এবছৰ পাছত সুফল পাব

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰৰ ছয় মাহ কার্যকাল পূর্ণ কৰাৰ বিষয়টোক লৈ বৃহস্পতিবাৰে নতুন দিল্লীৰ পঞ্চতাৰকা হোটেল ‘লা মেৰিডিয়ান’ত অসমৰ সাংবাদিকসকলৰ সৈতে হোৱা এক বার্তালাপত প্রতিক্রিয়া ব্যক্ত কৰি কয়– ‘সদ্যহতে আমি বীজহে ৰোপণ কৰিছেছা৷ ইয়াৰ সুফল আমি এটা বছৰ সম্পূর্ণ কৰাৰ পাছত দেখা পাম৷’ পিছে যোৱা ছয় মাহত বডো চুক্তি, এন এফ এল বি, কার্বি, আলফা আদিৰ পৰা আৰম্ভ কৰি ড্রাগ্ছৰ বিৰুদ্ধে যি সংগ্রাম– আমি সকলো কৰাৰ চেষ্টা কৰিছেছা৷ তৰো উপৰি মিছন বসুন্ধৰা, প্রজেক্ট সদ্ভাৱনাৰ নিচিনা বহুতো কাম যি আমি আগতে ভাবিব পৰা নাছিলোঁ, সেয়া আমি যেৱা ৬ মাহত আগবাঢ়াই লৈছেছা৷ কিন্তু তাক লৈ সন্তুষ্টি আহিব নালাগে৷ ‘মোৰ যদি লক্ষ্য ১০০ হয়, এতিয়া মই ৫ত থিয় হৈ আছোঁ আৰু বহুদূৰ যাত্রা বাকী আছে৷’ –মুখ্যমন্ত্রীয়ে এনেদৰে কয়৷ তেওঁ লগতে কয় যে অহা পাঁচ বছৰত বহুতো কাম কৰাৰ ইচ্ছা আছে৷ চলিত মাহত ‘প্রজেক্ট সদ্ভাৱনা’ৰ পৰা এই প্রক্রিয়া আগবঢ়াই নিয়া হ’ব৷

ইফালে মুখ্যমন্ত্রী ড০ শর্মাই জনায় যে নৱেম্বৰ মাহৰ ভিতৰত অসমত এশ শতাংশ প্রথম পালি টিকাকৰণৰ কাম সম্পন্ন কৰা হ’ব৷ অহা বছৰ ফেব্রুৱাৰী মাহৰ ভিতৰত অসমত টিকাকৰণ প্রক্রিয়া সম্পূর্ণ কৰা হ’ব৷ ইয়াৰ বাবে অসম চৰকাৰে শেহতীয়াকৈ ব্লুপ্রিণ্ট ৰচনা কৰিছে৷ কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডাভিয়াৰ সৈতে দিল্লী ভ্রমণৰত মুখ্যমন্ত্রীৰ আলোচনাৰ পাছত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই সাংবাদিকৰ আগত এই কথা ঘোষণা কৰে৷ দৰাচলতে নির্বাচনী প্রচাৰ অভিযানৰ দৰেই অসমত টিকাকৰণ অভিযান চলিব৷ ৰাজনৈতিক পর্যায়ৰ সমান্তৰালকৈ বিষয়া পর্যায়তো এই অভিযান চলিব৷ মুখ্যমন্ত্রীৰ পৰা মুখ্য সচিবলৈকে সকলো মন্ত্রী, বিষয়াই এই অভিযানত অংশগ্রহণ কৰিব৷ সাংবাদিকক এই বিষয়ে সবিশেষ অৱগত কৰি কয় যে ২৬ নৱেম্বৰৰ ভিতৰত ৰাজ্যৰ স্বাস্থ্য বিভাগে অসমৰ চুকে–কোণে এশ শতাংশ প্রথম পালি টিকা দিয়াৰ কাম সম্পন্ন কৰিব৷ ইয়াৰ বাবে ৰাজ্যৰ সকলো চৰকাৰী কর্মচাৰীক নিয়োজিত কৰা হ’ব৷ এসপ্তাহৰ বাবে চৰকাৰী আন সকলো কাম এৰি ৪২ হাজাৰ ৰাজপত্রিত বিষয়া, শিক্ষক, অধ্যাপককো টিকাকৰণৰ কামত নিয়োগ কৰা হ’ব৷ গুণোৎসৱৰ দৰেই সম্পন্ন কৰা হ’ব এই কাম৷
ইয়াৰ পাছত প্রতিখন গাঁৱত থকা আশা আৰু অংগনৱাড়ী কর্মীসকলক নিয়োজিত কৰা হ’ব সংশ্লিষ্ট গাঁৱত এশ শতাংশ টিকা প্রদানৰ কাম সম্পন্ন হোৱাৰ প্রমাণ–পত্র প্রদানৰ বাবে৷ ইয়াতেই সমাপ্ত নহয় প্রথম পালি টিকাকৰণৰ অভিযান৷ আশা আৰু অংগনৱাড়ী কর্মীসকলে প্রদান কৰা চার্টিফিকেটৰ সত্যতা নিৰূপণৰ বাবে নমুনা স্বৰূপে বুথ পর্যায়ত মুখ্যমন্ত্রীৰ পৰা মুখ্য সচিবলৈকে মন্ত্রী–বিষয়াসকলে ভ্রমণ কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা মতে, প্রয়োজনত তেওঁলোক ঘৰে ঘৰে গৈ খবৰ ল’ব যে প্রতিজন নাগৰিকে টিকা ল’লে নে নাই৷ মুখ্যমন্ত্রীৰ মতে, নৱেম্বৰৰ ভিতৰত প্রথম পালি টিকাকৰণৰ কাম সম্পন্ন হ’লে স্বাভাৱিকতেই তিনি মাহৰ ভিতৰত দ্বিতীয় পালি টিকাকৰণৰ কামো সম্পন্ন হ’ব৷ সেই অনুসৰি অহা বছৰ ফেব্রুৱাৰী মাহৰ ভিতৰত অসমত টিকাকৰণ অভিযান সামৰিব পাৰিম বুলি ড০ শর্মাই মত ব্যক্ত কৰে৷
উল্লেখ্য যে সোমবাৰে দিল্লীলৈ অহা মুখ্যমন্ত্রীজনে মঙল আৰু বুধবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীকে ধৰি গৃহমন্ত্রী অমিত শ্বাহ, কেন্দ্রীয় স্বাস্থ্য তথা সাৰ আৰু ৰসায়ন মন্ত্রী মনসুখ মাণ্ডাভিয়া, পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰি, বিত্তমন্ত্রী নির্মলা সীতাৰমণ আদিক সাক্ষাতৰ পাছত বৃহস্পতিবাৰে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং আৰু কেন্দ্রীয় বিদেশ মন্ত্রী এছ জয়শংকৰকো সাক্ষাৎ কৰে৷ প্রতিৰক্ষা মন্ত্রীৰ সৈতে হোৱা আজিৰ বৈঠকত ৰাজনাথ সিঙে অসমত ৫খন নতুন সৈনিক বিদ্যালয় স্থাপনত সেউজ সংকেত দিয়া বুলি মুখ্যমন্ত্রীয়ে সাংবাদিকক জানিবলৈ দিয়ে৷ পাছত টুইটাৰত ড০ শর্মাই প্রকাশ কৰা মতে, গোলাঘাট, কাছাৰ, ধেমাজি, কার্বি আংলং আৰু কোকৰাঝাৰত সংশ্লিষ্ট জিলা উপায়ুক্তসকলে ইতিমধ্যে ভূমি চিহ্ণিত কৰিছে৷ আনহাতে, ব্রহ্মপুত্রৰ তলেৰে গাড়ী আৰু ৰে’লপথবিশিষ্ট তেজপুৰ–নগাঁও সংযোগী সুৰংগ নির্মাণৰ কাম কেন্দ্রীয় চৰকাৰে শীঘ্রে আৰম্ভ কৰিব বুলিও ৰাজনাথ সিঙে আজি মুখ্যমন্ত্রীক অৱগত কৰিছে৷ এই সুৰংগ নির্মাণৰ কাম ব’ৰ্ডাৰ ৰোড অর্গেনাইজেচনে আগবঢ়াই নিব বুলিও মুখ্যমন্ত্রীয়ে সাংবাদিকক জানিবলৈ দিয়ে৷
আনহাতে, কেন্দ্রীয় পথ আৰু পৰিবহণ মন্ত্রী নীতিন গাডকাৰিয়ে কাজিৰঙাৰ বন্য জীৱ–জন্তুৰ সুৰক্ষাৰ বাবে ৰাষ্ট্রীয় উদ্যানখনৰ মাজেদি ৩৫ কিলোমিটাৰ দৈর্ঘ্যৰ উৰণীয়া ঘাইপথ নির্মাণৰ বিষয়টোত সেউজ সংকেত দিয়াৰ লগতে প্রকল্প প্রতিবেদনৰ কাম প্রায় ইতিমধ্যে সম্পন্ন হোৱাৰ কথাও মুখ্যমন্ত্রীজনে জানিবলৈ দিয়ে৷ ইয়াৰ উপৰি ব্রহ্মপুত্রৰ ওপৰেদি নাৰেংগী–কুৰুৱা দলং নির্মাণৰ প্রসংগতো গাডকাৰিৰ সৈতে মুখ্যমন্ত্রীজনে আলোচনা কৰিছে৷ লগতে গুৱাহাটীক কেন্দ্র কৰি এটা ৰিং ৰোড নির্মাণৰ বিষয়টোতো প্রাৰম্ভিক আলোচনা সম্পন্ন হোৱা বুলি ড০ শর্মাই জানিবলৈ দিয়ে৷
ইপিনে মঙলবাৰে কেন্দ্রীয় সাৰ আৰু ৰসায়ন মন্ত্রী মনসুখ মাণ্ডাভিয়াক সাক্ষাতৰ পাছত মুখ্যমন্ত্রীজনে আজি পুনৰ বিভাগীয় মন্ত্রীজনক সাক্ষাৎ কৰি নামৰূপ সাৰ কাৰখানাৰ চতুর্থ গোট স্থাপনৰ বিষয়টোত আলোচনাত মিলিত হোৱাৰ কথা জানিবলৈ দিয়ে৷ ইপিনে অসমত দৈনিক ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে বুলি জানিবলৈ দি মুখ্যমন্ত্রীজনে কয় যে ইয়াৰ বাবে নেচনেল ডায়েৰী ডেভেলপমেণ্ট ব’ডৰ (এন ডি ডি বি) আজি আলোচনা কৰা হৈছে৷ অহা ১৩ নৱেম্বৰত এইক্ষেত্রত এন ডি ডি বিৰ সৈতে অসম চৰকাৰে এখন বুজাবুজি চুক্তি সম্পাদন কৰাৰ সম্ভাৱনা আছে৷
আনহাতে মার্ঘেৰিটাত থকা কল ইণ্ডিয়াৰ যিখিনি সমস্যা আছে, তাক লৈ কেন্দ্রীয় কয়লা আৰু খনি মন্ত্রী প্রহ্লাদ যোশীৰ সৈতে মুখ্যমন্ত্রীয়ে আলোচনা কৰা বুলি জানিবলৈ দিয়ে৷ এইবাৰৰ দিল্লী ভ্রমণকালত ৰাজ্যৰ বিভিন্ন সমস্যা সমাধান কৰিব পাৰিছেছা বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে৷ ‘মই অত্যন্ত সুখী যে এইবাৰৰ দিল্লী ভ্রমণৰ কালছোৱাত পূর্বে কৰি যোৱা আবেদনসমূহৰ ফলাফল পাইছেছা৷ যোৱা ছয় মাহৰ কার্যকালত এয়া মোৰ এটা ডাঙৰ প্রাপ্তি৷’ –মুখ্যমন্ত্রীয়ে সাংবাদিকৰ আগত এনেদৰে কয়৷
উল্লেখ্য যে সাংবাদিকৰে হোৱা আজিৰ বার্তালাপত ৰাজ্যৰ জনসংযোগ মন্ত্রী পীয়ূষ হাজৰিকাও উপস্থিত থাকি মত বিনিময় কৰে৷ সাংবাদিকৰ সৈতে হোৱা বার্তালাপৰ পাছত মুখ্যমন্ত্রীজনে কেন্দ্রীয় বিদেশ মন্ত্রী এছ জয়শংকৰকো সাক্ষাৎ কৰে৷ মন কৰিবলগীয়া যে আজিৰে পৰা মুম্বাইত আৰম্ভ হ’বলগীয়া বিজেপি বিধায়কসকলৰ বাবে দলৰ কেন্দ্রীয় নেতৃত্বই আয়োজন কৰা তিনিদিনীয়া কর্মশালাত অংশগ্রহণৰ বাবে মুখ্যমন্ত্রীজনে বৃহস্পতিবাৰে নিশা মুম্বাইলৈ উৰা মাৰিব৷ ১২ নৱেম্বৰত মুম্বাইত থাকি ১৩ নৱেম্বৰত আকৌ তেওঁ দিল্লীলৈ উভতি আহিব আৰু ১৪ নৱেম্বৰত মুম্বাইৰ কর্মশালাৰ সামৰণি কার্যসূচীত অংশগ্রহণ কৰিব৷ ১৫ অক্টোবৰত মুখ্যমন্ত্রীজনে অসমলৈ উভতি যোৱাৰ কথা৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি