Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 12:55 pm

Home » আঞ্চলিক » অসম » নাছাৰ সহযোগত ৰাজ্যৰ ১৪ শিক্ষক–ছাত্রই সন্ধান পালে ১২ গ্রহাণুৰ

নাছাৰ সহযোগত ৰাজ্যৰ ১৪ শিক্ষক–ছাত্রই সন্ধান পালে ১২ গ্রহাণুৰ

তেজপুৰৰ এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী কীর্তিমান ছাত্রই ভাৰত চৰকাৰৰ এক শৈক্ষিক মঞ্চৰ দ্বাৰা মহাকাশ গৱেষণা সংস্থা অর্থাৎ নাছাৰ সহযোগত মহাকাশত ঘূৰি থকা গ্রহাণুৰ অনুসন্ধান লাভ কৰি কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছে৷ ৰাজ্যখনৰ ভিন্ন প্রান্তৰ দহগৰাকী শিক্ষক আৰু চাৰিগৰাকী শিক্ষাথ্ৰ এটা গোটে ‘আন্তঃৰাষ্ট্রীয় জ্যোতির্বিজ্ঞান অনুসন্ধান কলেবৰেচন’ৰ দ্বাৰা আয়োজিত গ্রহাণু অনুসন্ধান গৱেষণাত অংশগ্রহণ কৰি ১২টাকৈ গ্রহাণুৰ সন্ধান লাভ কৰিছে আৰু এটা গ্রহাণুৰ সন্ধান গৱেষণাৰ জৰিয়তে লাভ কৰা তেজপুৰৰ ছাত্রগৰাকী দলটোৰ সর্বকনিষ্ঠ সদস্য হিচাপে বিবেচিত হোৱাত স্বাভাৱিকতে তেজপুৰৰ বিদ্যালয়খনত আনন্দৰ জোৱাৰ উঠিছে৷

উল্লেখ্য যে দেশৰ ছাত্র–ছাত্রীসকলক বিজ্ঞান মানসিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বৈজ্ঞানিক দৃষ্টিভংগীসম্পন্ন হিচাপে গঢ়ি তুলিবলৈ ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্রালয়ে বিশেষ তৎপৰতা গ্রহণ কৰি অহাৰ সময়তে তেজপুৰ বেংগলী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আয়ুস কুমাৰ ঝা নামৰ একাদশ শ্রেণীৰ ছাত্রজনে নিজৰ গৱেষণালব্ধ প্রয়াসেৰে মহাকাশৰ এক গ্রহাণুৰ সন্ধান লাভ কৰিবলৈ সক্ষম হৈছে৷ যোৱা ১ অক্টোবৰৰ পৰা ২৭ অক্টোবৰলৈ এক বিশেষ শৈক্ষিক প্রকল্পৰ জৰিয়তে গ্রহাণুৰ অনুসন্ধানৰ এই অভিযানত অংশগ্রহণ কৰিছিল অসমৰ দহগৰাকী শিক্ষক–শিক্ষয়িত্রীৰ লগতে চাৰিগৰাকী শিক্ষাথ্য়ে৷ আন্তঃৰাষ্ট্রীয় জ্যোতির্বিজ্ঞান অনুসন্ধান কলেবৰেচনৰ দ্বাৰা এই গ্রহাণুৰ অনুসন্ধান কার্যসূচীত ‘পান ষ্টাটার্ছ অবজাৰভেটৰী’য়ে পঠো মহাকাশৰ বিশেষ ছবিৰ পৰা অসমৰ শৈক্ষিক ক্ষেত্রৰ এই দলটোৱে সর্বমুঠ ১২টা ম’ভিং অবজেক্ট বিচাৰিবলৈ সক্ষম হয়৷
উল্লেখ্য যে এই দলটোৰ ভিতৰত সর্বকনিষ্ঠ তেজপুৰ বেংগলী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্রেণীৰ ছাত্র আয়ুস কুমাৰ ঝাই নিজে মহাকাশৰ পৰা লাভ কৰা তিনিখন ছবিৰ পৰা এটা ঘূৰি থকা গ্রহাণুৰ অৱস্থিতি ধৰা পেলাই কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱাৰ পাছত ছাত্রগৰাকীয়ে স্বীকৃতি–পত্র লাভ কৰাৰ পাছতেই আজি বিদ্যালয়খনত আনন্দমুখৰ পৰিৱেশ সৃষ্টি হয়৷ আনহাতে, চৰকাৰী বিদ্যালয়ৰ বিৰুদ্ধে সততে বিভিন্ন অভিযোগ উত্থাপন হৈ অহা দিশটোত আক্ষেপ প্রকাশ কৰি অধ্যক্ষ সৰকাৰে বর্তমানে চৰকাৰী বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্রীস অধিক নিষ্ঠাৱান হৈছে আৰু এনেধৰণৰ মেধাৱী ছাত্র–ছাত্রীসকলক অনুপ্রাণিত কৰাত ব্রতী হৈছে বুলি মন্তব্য কৰি অভিভাৱকসকলক সেই ভুল পৰিহাৰ কৰিবলৈ আহ্বান জনায়৷ মন কৰিবলগীয়া যে আয়ুসে আজি বিদ্যালয়ত সেই কার্যসূচীত কেনেদৰে অংশগ্রহণ কৰিছিল, সেই বিশেষ ছবিকেইখন নিজৰ লেপটপৰ জৰিয়তে দেখুৱায় শিক্ষাগুৰুসকলক৷
আনহাতে, বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনা আয়ুসক আজি আন শিক্ষাৰ্থী আৰু শিক্ষাগুৰুসকলৰ সন্মুখত লৈ অধ্যক্ষগৰাকীয়ে অভিনন্দন জ্ঞাপন কৰে৷ উল্লেখ্য যে এই অনুসন্ধানকাৰী দলটোত আছিল– গোৱালপাৰাৰ ভেল্টাৰঘাট দ্বিতীয় খণ্ড প্রাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মিৰাজুল ৰছিদ, গুৱাহাটীৰ ৰবীন্দ্র বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ৰ ৰঞ্জন ধৰ, যোৰহাটৰ বামুণ পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ কংকণ কিশোৰ দত্ত, গুৱাহাটীৰ গংগাচৰণ ধনদা বিদ্যাশ্রম মধ্য ইংৰাজী বিদ্যালয়ৰ দেৱাস্মিতা পল, শোণিতপুৰৰ ঢ়েকীয়াজুলিৰ অৰবিন্দ বিদ্যা নিকেতনৰ ৰাজা সৰকাৰ, গুৱাহাটীৰ ২নং মঠঘৰীয়া প্রাথমিক বিদ্যালয়ৰ ৰাবিয়া বেগম, তেজপুৰৰ পর্বতীয়া প্রাথমিক বিদ্যালয়ৰ দক্ষিণা বৰকাকতি বৰা, যোৰহাটৰ চাৰিঘৰীয়া প্রাথমিক বিদ্যালয়ৰ শিক্ষয়িত্রী লুনাজ্যোতি শইকীয়াৰ লগতে আন শিক্ষাথ্কেইজন আছিল– নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ হিৰণ্যকক্ষা দাস, যোৰহাটৰ বামুণ পুখুৰী হাইসুকলৰ ৰিম্পী বৰা আৰু প্রিয়ম ৰঞ্জন পাগবন্ধা৷ উল্লেখ্য যে সন্ধান লাভ কৰা এই গ্রহাণুকেইটাৰ সন্ধানত নাছাৰ বিজ্ঞানীয়ে গৱেষণা কৰাৰ পাছতেই এক উল্লেখযোগ্য কৃতী হিচাপে পৰিগণিত হ’ব অসমৰ এই দলটোৰ সদস্যসকল৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি