Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 10:32 am

Home » আঞ্চলিক » অসম » কাঠ ছিণ্ডিকেট মেঘালয়ৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা ৫ কাঠভর্তি ট্রাক জব্দ

কাঠ ছিণ্ডিকেট মেঘালয়ৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা ৫ কাঠভর্তি ট্রাক জব্দ

চোৰাং বেহাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বহু ছিণ্ডিকেট কাণ্ডাৰীক গ্রেপ্তাৰ কৰিছে যদিও প্রশাসন তথা আৰক্ষীৰ চকুত ধূলি দি এতিয়াও ৰাজ্যত পূৰাদমে চলি আছে কাঠৰ বৃহৎ ছিণ্ডিকেট৷ মুখ্যমন্ত্রীয়ে দুর্নীতি তথা ছিণ্ডিকেটৰ বিৰুদ্ধে ঘোষণা কৰা জেহাদৰ বিপৰীতে বন বিভাগৰে একাংশ বিষয়া–কর্মচাৰীয়ে কাঠৰ চোৰাং কাৰবাৰীৰ সৈতে মিলিত প্রচেষ্টাৰে নামনি আৰু উজনি অসমলৈ প্রতিদিনে সৰবৰাহ কৰিছে চোৰাং কাঠ৷ প্রতিদিনে চুবুৰীয়া মেঘালয়ৰ পৰা বৃহৎ পৰিমাণৰ কাঠ চোৰাংভাৱে আনি বন বিভাগৰ সহযোগতে সৰবৰাহ কৰিছে৷ ৰাজ্যৰ ভিন্ন প্রান্তলৈ যোৱা সময়ছোৱাত এনে ছিণ্ডিকেটৰ বিৰুদ্ধে একাধিক বাতৰি প্রচাৰ হোৱাত বিষয়টো কিছু শাম কাটিছিল যদিও শেহতীয়াকৈ পুনৰ সক্রিয় হৈ পৰিছে এই ছিণ্ডিকেটকাৰী চক্র৷ প্রতিদিনে ৰাজধানী চহৰ গুৱাহাটীৰ মাজেৰে ছিণ্ডিকেট চক্রটোৱে পাৰ কৰাই আহিছে লক্ষ লক্ষ টকাৰ কাঠভর্তি ট্রাক৷

লক্ষণীয়ভাৱে কালি নিশা গড়চুক আৰক্ষীয়ে চোৰাংভাৱে কাঠ কঢ়িয়াই অনা চাৰিখন ট্রাক জব্দ কৰিবলৈ সক্ষম হয়৷ খানাপাৰাৰ দিশৰ পৰা জালুকবাৰী অভিমুখে গৈ থকা অৱস্থাত গড়চুক আৰক্ষীয়ে জব্দ কৰা ট্রাককেইখনত উদ্ধাৰ হৈছে শাল, চেগুন, তিতাচপাকে ধৰি বহু মূল্যৱান কাঠ৷ জব্দকৃত বাহনকেইখন হ’ল এ এছ–০১ জি চি–১২২৭, এ এছ–০১ এফ চি–০২৮৭, এ এছ–০১ এল চি–৯৬৭৭, এ এছ–০১ এল চি–৩৪১৬৷ আৰক্ষী সূত্রই প্রকাশ কৰা মতে, জি এছ টি ফাঁকিৰে ট্রাককেইখনে কঢ়িয়াই আনিছে কেইবালক্ষ টকাৰ কাঠ৷ তথ্য অনুসৰি চাংসাৰি আৰক্ষীয়েও কালি নিশা নামনি অসমৰ ধুবুৰীলৈ সৰবৰাহ কৰিব খোজা আন এখন কাঠভর্তি ট্রাক জব্দ কৰিবলৈ সক্ষম হৈছে৷ স্মর্তব্য যে আৰক্ষীৰ তীক্ষ্ণ নজৰৰ পাছতো ৰাজ্যত চলি থকা কাঠৰ ছিণ্ডিকেট তথা চোৰাং বেহাৰ মূল কাণ্ডাৰী হৈছে বৰপেটা জিলাৰ বহৰিৰ গোবিন্দ সৰকাৰ নামৰ এজন চোৰাং ব্যৱসায়ী৷ ৰাজ্যৰ কাঠ মাফিয়া হিচাপে চিহ্ণিত এইজন গোবিন্দ সৰকাৰৰ নেতৃত্বতে প্রতিনিশাই উজনিৰ পৰা নামনিলৈ অবাধ হাৰত চোৰাংকৈ সৰবৰাহ হয় মূল্যৱান কাঠ৷ সুদূৰ মেঘালয়ৰ জোৱাই আৰু মাইৰাঙৰ পৰা কঢ়িয়াই অনা ননশাল, পাইন, তিতাচপা আদি কাঠ ভুৱা চালানেৰে বর্ণিহাতলৈ কঢ়িয়াই অনা হয় যদিও চুবুৰীয়া ৰাজ্যখনৰ পৰা অহা এই কাঠসমূহ কোনোধৰণৰ পৰীক্ষা নকৰে বন বিভাগে৷
ছিণ্ডিকেট চক্রই প্রদান কৰা বিয়াগোম কমিছনৰ বিনিময়ত বন বিভাগে ভুৱা চালানৰ ওপৰতে ষ্টাম্প লগাই নামনি তথা উজনি অসমলৈ সৰবৰাহৰ বাবে ট্রাকসমূহ এৰি দিয়ে৷ এনেদৰে প্রতিদিনে অসমলৈ অহা ২০–৩০খন ট্রাকত অহা চোৰাং কাঠ জি এছ টি অবিহনে সৰবৰাহ হয় নামনি অসমৰ বৰপেটা, ধুবুৰী আৰু জাগীৰোড হৈ উজনি অসমৰ কেইবাখনো জিলালৈ৷ অভিযোগ অনুসৰি বন বিভাগৰ একাংশ বিষয়াৰে অতি সু–সম্পর্ক গোবিন্দ সৰকাৰৰ৷ এইসকল বিষয়াৰ সহযোগত গোবিন্দ সৰকাৰে নিশাৰ আন্ধাৰত চলাই আছে কাঠৰ ছিণ্ডিকেট৷ নিয়ম অনুসৰি মেঘালয়ৰ পৰা বৈধভাৱে কেৱল ননশাল কাঠ আনিব নোৱাৰে৷ ৫০ শতাংশ পাইন কাঠ আৰু ৫০ শতাংশ ননশাল কাঠ আনিব লাগে৷ কিন্তু গোবিন্দ সৰকাৰৰ নেতৃত্বত চলি থকা ছিণ্ডিকেট চক্রটোৱে মেঘালয়ৰ পৰা কেৱল ননশাল কাঠ অবৈধভাৱে সৰবৰাহ কৰি আছে৷ ফলত প্রতিখন ট্রাকৰ পৰা চৰকাৰে হেৰুৱাই আছে বৃহৎ পৰিমাণৰ ৰাজহ৷ অসমৰ ভিন্ন প্রান্তলৈ সৰবৰাহ কৰা এই চোৰাং কাঠসমূহ পাইন আৰু খৰিৰে ঢ়াকি আনে, যাতে ননশাল কাঠ বুলি সহজতে ধৰিব নোৱাৰে৷ যোৱা দীর্ঘদিন ধৰি গোবিন্দ সৰকাৰে এনেদৰে চলাই থকা ছিণ্ডিকেটেৰে ইতিমধ্যে বৃহৎ সম্পত্তিৰ গৰাকী হৈ পৰিছে৷ প্রশ্ণ উত্থাপন হয় বিষয়া–কর্মচাৰীক মেনেজ কৰি গোবিন্দ সৰকাৰে চলাই থকা এই ছিণ্ডিকেট বন বিভাগে দেখিও কিয় চকুমুদা কুলিৰ ভাও ধৰিছে?
ইফালে নামনি আৰু উজনি অসমলৈ গোবিন্দ সৰকাৰৰ হৈ কাঠ সৰবৰাহ কৰাত বিশেষভাৱে সহায় আগবঢ়াই আহিছে দুজন আন ছিণ্ডিকেটকাৰীয়ে৷ জাগীৰোডৰ পৰা উজনি অসমলৈ কাঠ সৰবৰাহ কৰাৰ ক্ষেত্রত ভুৱা চালান যোগান ধৰে ৰিটম নামৰ এজন দালালে৷ মেঘালয়ৰ পৰা অহা এই ট্রাকসমূহৰ চালান অথবা জি এছ টি পৰীক্ষা নকৰাকৈ মোটা অংকৰ ধনৰ বিনিময়ত বাৰমাইলত বন বিভাগে ছীল–মোহৰ মাৰি দিয়ে৷ এই সমগ্র প্রক্রিয়াটো পৰিচালনা কৰে গোবিন্দ সৰকাৰৰ সহযোগী নজৰুল আলীয়ে৷ আনহাতে, এই দুজনক সংগ দিয়ে খনীন তালুকদাৰ নামৰ আন এজন কাঠ মাফিয়াই৷ চোৰাং কাঠৰ এনে ছিণ্ডিকেটক লৈ যোৱা সময়ছোৱাত প্রকাশিত বাতৰিৰ পৰিপ্রেক্ষিতত বন বিভাগ আৰু আৰক্ষী কিছু সক্রিয় হৈছিল যদিও পৰিস্থিতি কিছু শাম কটাৰ লগে লগে পুনৰ ছিণ্ডিকেটকাৰীক মুকলি কৰি দিছে সকলো পথ৷ এইক্ষেত্রত চৰকাৰ তথা প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি