Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 11:19 am

Home » আঞ্চলিক » অসম » আজি নতুন পাঁচ বিধায়কৰ শপতগ্রহণ

আজি নতুন পাঁচ বিধায়কৰ শপতগ্রহণ

সদ্যসমাপ্ত উপ–নির্বাচনত জয়লাভ কৰা কৰা ৫ বিধানসভা সমষ্টিৰ নৱনির্বাচিত বিধায়ক গোসাঁইগাঁৱৰ জিৰণ বসুমতাৰী (ইউ পি পি এল), ভৱানীপুৰৰ ফণীধৰ তালুকদাৰ (বিজেপি), তামুলপুৰৰ জনেল দৈমাৰী (ইউ পি পি এল), মৰিয়নিৰ ৰূপজ্যোতি কুর্মী (বিজেপি) আৰু থাওৰাৰ সুশান্ত বৰগোহাঁই (বিজেপি)এ আজি বিধায়ক হিচাপে শপতগ্রহণ কৰিব৷ আজি দিনৰ ১১ বজাত অসম বিধানসভাত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শপত বাক্য পাঠ কৰোৱাব৷ শপতগ্রহণ অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি অসম চৰকাৰৰ মন্ত্রী আৰু বিধায়কসকলো উপস্থিত থাকিব৷

উল্লেখ্য যে উপ–নির্বাচনৰ ফলাফলৰ পাছত বর্তমানৰ ১২৫জনীয়া অসম বিধানসভাত বিজেপিৰ আসনৰ সংখ্যা ৫৯ৰ পৰা ৬২খনলৈ বৃদ্ধি পাইছে৷ সেইদৰে মিত্রদল ইউ পি পি এলৰ আসনৰ সংখ্যা ৬খনৰ পৰা ৭খনলৈ বৃদ্ধি পালে৷ ইয়াৰ বিপৰীতে কংগ্রেছৰ আসনৰ সংখ্যা ২৯খনৰ পৰা ২৭খনলৈ আৰু এ আই ইউ ডি এফৰ আসনৰ সংখ্যা ১৫খনলৈ হ্রাস পালে৷ বর্তমান অসম বিধানসভাৰ বিভিন্ন দলৰ স্থিতি এনেধৰণৰ– বিজেপি ৬২, কংগ্রেছ ২৭, এ আই ইউ ডি এফ ১৫, অগপ ৯, ইউ পি পি এল ৭, বি পি এফ ৩, চি পি আই (এম) ১ আৰু নির্দলীয় (ৰাইজৰ দল) ১৷ সদনৰ মজিয়াত বিজেপি মিত্রজোঁটৰ শক্তি হৈছে ৭৮৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি