Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:16 pm

Home » ক্ৰীড়া » ৰোহিত টি–২০ৰ নতুন অধিনায়ক

ৰোহিত টি–২০ৰ নতুন অধিনায়ক

তাৰকা অ’পেনাৰ ৰোহিত শর্মাই ভাৰতীয় টি–২০ দলৰ নতুন অধিনায়কৰ দায়িত্ব লাভ কৰিছে৷ নিউজিলেণ্ডৰ বিৰুদ্ধে অহা ১৭ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া তিনিখন মেচৰ টি–২০ শৃংখলাত ৰোহিতে ভাৰতীয় দলক নেতৃত্ব দিব৷ ৰাষ্ট্রীয় নির্বাচক মণ্ডলীয়ে এই কথা ঘোষণা কৰে৷
১৬জনীয়া দলটোত নৱাগত খেলুৱৈ হিচাপে স্থান লাভ কৰিছে আই পি এলত চমক সৃষ্টি কৰা উদীয়মান তাৰকা ভেংকটেশ আয়াৰ আৰু হর্ষল পেটেলে৷ আই পি এলত কলকাতা নাইট ৰাইডার্ছৰ হৈ তিনিটা অর্ধশতকসহ ৩৭০ ৰান সংগ্রহ কৰাৰ লগতে তিনিটা উইকেট দখল কৰি ভেংকটেশ আয়াৰে ৰাষ্ট্রীয় নির্বাচক মণ্ডলীৰ দৃষ্টি আকর্ষণ কৰিছিল৷
একেদৰে ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ হৈ খেলা হর্ষল পেটেলে এইবাৰৰ আই পি এলত সর্বাধিক ৩২টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল৷ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে তেওঁ হেটট্রিকো অর্জন কৰিছিল৷
ইফালে, আশা কৰা অনুসৰি বিৰাট কোহলি, যশপ্রীত বুমৰাহ আৰু মহম্মদ ছামিয়ে আগন্তুক শৃংখলাটোৰ পৰা বিশ্রাম লাভ কৰিছে৷ টীম ইণ্ডিয়াৰ এই তাৰকা ত্রিমূর্তিয়ে আগষ্ট মাহৰ পৰা দলৰ সৈতে জৈৱ সুৰক্ষিত বলয়ত আছিল৷ ডিচেম্বৰৰ দক্ষিণ আফ্রিকা ভ্রমণৰ প্রতি লক্ষ্য ৰাখি অভিজ্ঞ তাৰকা তিনিগৰাকীক বিশ্রাম দিয়া হৈছে৷ আনহাতে, টি–২০ বিশ্বকাপত ব্যর্থ হোৱা তাৰকা অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়া দলৰ পৰা বাদ পৰিছে৷
উল্লেখ্য যে আই চি চি টি–২০ বিশ্বকাপত ভাৰতে অভিযান সামৰাৰ লগে লগে অধিনায়ক হিচাপে কোহলিৰ কার্যভাৰ অন্ত পৰে৷ বিশ্বকাপৰ পিছতে টি–২০ৰ নেতৃত্ব ত্যাগ কৰিব বুলি তাৰকাগৰাকীয়ে আগতীয়াকৈ ঘোষণা কৰিছিল৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি