Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:03 am

Home » আঞ্চলিক » অসম » বাতিল তালিকাৰ ৮ অযোগ্য প্রার্থীক যোগ্য সজাই উদ্যোগ বিভাগত নিযুক্তিৰ বাবে বাছনি

বাতিল তালিকাৰ ৮ অযোগ্য প্রার্থীক যোগ্য সজাই উদ্যোগ বিভাগত নিযুক্তিৰ বাবে বাছনি

অসম লোকসেৱা আয়োগক চাকৰিৰ নিলাম বজাৰত পৰিণত কৰা দুর্নীতিৰ সদাগৰ ৰাকেশ পাল এতিয়াও ৰঙাঘৰৰ আলহী হৈ আছে যদিও নিযুক্তি কেলেংকাৰিৰ অভিযোগৰ পৰা আজিও মুক্ত হ’ব পৰা নাই লোকসেৱা আয়োগ৷ শেহতীয়াকৈ উদ্যোগ আৰু বাণিজ্য বিভাগৰ ফাংচ’নেল মেনেজাৰ, প্রজেক্ট মেনেজাৰ, উপ–সঞ্চালকৰ ২১টা পদৰ বাবে প্রার্থী বাছনিক লৈ ব্যাপক দুর্নীতি, অনিয়ম, কেলেংকাৰি সংঘটিত হৈছে৷ কালি আয়োগে উক্ত পদসমূহ পূৰণৰ বাবে ১৯জনীয়া প্রার্থী তালিকা প্রকাশৰ লগে লগে এই বাছনিতো যে ব্যাপক দুর্নীতি–নিয়ম–কেল সংঘটিত হৈছে, সেই ছবিখন পৰিস্ফুট হৈ পৰে৷
উল্লেখ্য যে উক্ত পদসমূহ পূৰণৰ বাবে যোৱা বছৰৰ ২৬ জুনত আয়োগে এক বিজ্ঞাপন প্রকাশ কৰে৷ সেই বিজ্ঞাপনৰ চর্ত অনুসৰি স্নাতক ডিগ্রীধাৰী বহু চৰকাৰী চাকৰিয়ালে উক্ত পদৰ বাবে আবেদন কৰে৷ যোৱা ২১ অক্টোবৰত লোকসেৱা আয়োগে ৱেবছাইটযোগে ২৭গৰাকী আবেদনকাৰী সাক্ষাৎকাৰৰ বাবে যোগ্য বুলি প্রকাশ কৰে আৰু সেইদিনাই ২৪৫গৰাকীৰ আবেদন বিজ্ঞাপনত উল্লিখিত অর্হতা আৰু যোগ্যতা নথকাৰ বাবে বাতিল কৰে৷ মৌখিক সাক্ষাৎকাৰৰ জৰিয়তে বাছনি কৰিবলগীয়া সেই পদসমূহৰ বাবে সাক্ষাৎকাৰৰ দিন ২৭ অক্টোবৰ ধার্য কৰা হয়৷ কিন্তু পৰৱর্তী পর্যায়ত ৰহস্যজনকভাৱে সাক্ষাৎগ্রহণৰ দিন ৮ নৱেম্বৰলৈ পিছুৱাই দিয়ে৷ ইয়াৰ মাজতেই যোৱা ৩ নৱেম্বৰত লোকসেৱা আয়োগে ইতিমধ্যে প্রয়োজনীয় অর্হতা আৰু যোগ্যতা নথকাৰ বাবে বাতিল কৰা ২৪৫জনীয়া আবেদনকাৰীৰ তালিকাৰ পৰা ১১গৰাকী আবেদনকাৰীৰ নাম অতিৰিক্ত যোগ্য প্রার্থী তালিকাত সন্নিৱিষ্ট কৰে৷ আয়োগে যোগ্য বিবেচিত ২৭ প্রার্থীৰ লগতে অতিৰিক্ত তালিকাত নাম সন্নিৱিষ্ট কৰা ১১গৰাকী প্রার্থীৰ কালি মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত কৰে৷ মৌখিক সাক্ষাৎকাৰৰ পিছতেই আয়োগে নিযুক্তিৰ বাবে ১৯জনীয়া প্রার্থীৰ তালিকাখন কালিয়েই প্রকাশ কৰে৷
লক্ষণীয় এয়ে যে আয়োগে বাছনি কৰা ১৯জনীয়া তালিকাত স্থান লাভ কৰিছে প্রথমতে আয়োগে অযোগ্য বুলি বাতিল কৰি পৰৱর্তী পর্যায়ত অতিৰিক্ত তালিকাযোগে যোগ্য আখ্যা দিয়া ১১জনীয়া তালিকাৰ ৮জনকৈ প্রার্থী৷ সেই ‘সৌভাগ্যৱান’ প্রার্থীকেইগৰাকী হৈছে– কৃতার্থ শংকৰ শর্মা (ৰোল নং ০০০৩০), ঈশান মজিন্দাৰ বৰুৱা (ৰোল নং ০০০৩৪), পল্লৱজ্যোতি কোঁৱৰ (ৰোল নং ০০০৩৬), অর্চনা ছেত্রী (ৰোল নং ০০০২৮), তুষাৰ প্রতিম গোহাঁই (ৰোল নং ০০০৩১), সোণমণি চৌধুৰী (ৰোল নং ০০০৩২) আৰু নয়নমণি গগৈ (ৰোল নং ০০০৩৭)৷ এই বাছনি তালিকাখন প্রকাশৰ লগে লগে বিভিন্নজনে আয়োগৰ প্রতি সন্দেহৰ আঙুলি টোঁৱাইছে৷ আয়োগে প্রথমে অযোগ্য বিবেচনা কৰি আবেদন বাতিল কৰা আৰু পিছত ১১গৰাকী প্রার্থীক যোগ্যতাৰ মর্যাদা দিয়াৰ মুহূর্তৰ পৰাই এই নিযুক্তিক লৈ কেলেংকাৰি আৰম্ভ হৈছিল বুলি সন্দেহ ব্যক্ত কৰিছে৷ আনকি এই কেলেংকাৰিৰ স্বার্থতে মৌখিক পৰীক্ষাৰ দিন পিছুওৱা হৈছিল বুলিও বিভিন্নজনৰ সন্দেহ উপজিছে৷ আটাইতকৈ মাৰাত্মক কথাটো হৈছে আয়োগে প্রথমে অযোগ্য বিবেচনা কৰা তালিকাখনৰ পৰাই ৮জনকৈ প্রার্থী বাছনিত উঠাৰ বিষয়টো৷ বিভিন্নজনে এই প্রার্থী তালিকা বাছনিৰ নামত আয়োগে ব্যাপক ধনৰ লেনদেন কৰাৰো গুৰুতৰ অভিযোগ উঠিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি