Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 11:41 am

Home » আঞ্চলিক » অসম » চাকৰি–মাটিৰ প্রলোভন দি নগাঁৱৰ যুৱকৰ কাঢ়িলে কিড্নী

চাকৰি–মাটিৰ প্রলোভন দি নগাঁৱৰ যুৱকৰ কাঢ়িলে কিড্নী

ৰাজ্যখনত কিড্নী বিক্রীক লৈ সক্রিয় হৈ উঠিছিল এক দালাল চক্র৷ এই দালাল চক্রৰ কুকার্যৰ চাঞ্চল্য মাৰ নৌযাওঁতেই শেহতীয়াকৈ পোহৰলৈ আহিছে কিড্নী লৈ নগাঁৱৰ এজন দৰিদ্র লোক প্রৱঞ্চিত হোৱাৰ আন এক জঘন্য ঘটনা৷ যোৱা ২৬ অক্টোবৰত ভুক্তভোগীয়ে জিলা উপায়ুক্তক এই সম্পর্কত এক অভিযোগ পত্র প্রদান কৰি পৰৱর্তী সময়ত মুখ্যমন্ত্রী, শক্তিমন্ত্রী আৰু শক্তি বিভাগৰ ঊর্ধ্বতন কর্তৃপক্ষলৈকো সুকীয়াকৈ অভিযোগ পত্র প্রেৰণ কৰিও কোনো সুফল নোপোৱাত মঙলবাৰে নগাঁও প্রেছ ক্লাবত এখন সংবাদ মেল আয়োজন কৰি সমস্ত ঘটনা প্রকাশ কৰে৷ এই ভুক্তভোগীজনৰ নাম হীৰুমণি শইকীয়া৷ তেওঁৰ ঘৰ নগাঁও চহৰৰ পার্শ্বৱর্তী ডিফলুত৷

নগাঁৱৰ ডিফলুৰ হীৰুমণি শইকীয়া নামৰ লোকজনে মঙলবাৰে সংবাদ মেলত অভিযোগ উত্থাপন কৰি কয়, ‘মই এ পি ডি চি এলৰ চিজিএম কৰৱী ডেকা বৰাৰ স্বামী দীপ্তাক্ষ বৰাক ২০২০ বর্ষৰ ডিচেম্বৰ মাহত মোৰ এটা কিড্নী দান কৰিছিলোঁ৷ কাকতত বিজ্ঞাপন পাই মই কৰৱী বৰা ডেকাৰ লগত যোগাযোগ কৰোঁ৷ আমি গাড়ীতে তেওঁৰ লগত কথা পাতিছিলোঁ৷ তেতিয়া তেওঁ মোক সুধিছিল– ‘তোমাক কিমান লাগিব’ বুলি৷ তেতিয়া মই কৈছিলোঁ পইচা নালাগে, শেষ হৈ যাব৷ আপোনালোকে যদি মোক দুটা বস্তু দিয়ে মই কিড্নী দিম৷ মোক এডোখৰ মাটি আৰু এটা চাকৰি লাগিব৷ তেতিয়া বাইদেৱে মোক কৈছিল– এ পি ডি চি এলত আগতে কিমানক চাকৰি দিলোঁ৷ পিয়নৰ চাকৰি দিয়াটো মোৰ কাৰণে সাধাৰণ কাম৷ তোমাক মই দুই–তিনি মাহৰ ভিতৰত চাকৰি দিম৷ আৰু ছাৰ ভাল হ’লে মাটিডোখৰ চাই দিব৷’
সংবাদ মেলত হীৰুমণি শইকীয়াই আৰু কয়, ‘মই তেওঁলোকৰ প্রলোভনত পৰি যোৱা বছৰৰ ৩১ ডিচেম্বৰত গুৱাহাটীৰ এপ’ল’ হাস্পতালত ভর্তি হৈ তাতে অপাৰেচন কৰাই মোৰ কিড্নী এটা দান কৰোঁ৷ আচলতে তেওঁলোকে প্রলোভনেৰেহে মোৰ পৰা কিড্নী ল’লে আৰু পিছত প্রতাৰণা কৰিলে৷ পিছত আৰু মোৰ কোনো খবৰ নোলোৱা হ’ল৷ বহুত দিন ফোন কৰিলোঁ, কিন্তু ব্যস্ত থকা বুলি কয়৷ পিছত ফোন কৰিলে মই বাইদেউ বুলি কওঁতেই ফোন কাটি দিয়ে৷তিনি চাৰি দিন মই বিজুলী ভৱনলৈ গৈছিলোঁ তেওঁক লগ কৰিবলৈ৷ কিন্তু মোক তাৰ ছিকিউৰিটীয়ে বাইদেউক লগ কৰিবলৈ নিদিলে৷ বাৰে বাৰে কয়– বাইদেউ বিজি আছে বুলি৷ এতিয়া যদি মই তেওঁলোকক সন্মুখত পাওঁ বহুত টানকৈয়ে কথা শুনাম৷ মোক নিম্নবর্গৰ চাকৰি এটা দিম বুলি কোৱাতহে মোৰ দেহৰ নিজা অংগ এটা দিছিলোঁ৷ মোক চাকৰিটোও নিদিলে৷ উপায়হীন হৈ মই চি এম ছাৰ, শক্তিমন্ত্রী, বিভাগটোৰ এম ডিক অভিযোগ দিছোঁ৷ নগাঁও জিলাৰ উপায়ুক্তকো অভিযোগ দিছোঁ৷ ন্যায় পোৱা নাই বাবেই আজি মই সংবাদ মাধ্যমৰ কাষ চাপিছোঁ৷ মোক ন্যায় লাগে৷’ মূলতঃ আর্থিক দুৰৱস্থাৰ বাবেই তেওঁ নিজৰ শৰীৰৰ অংগ বিক্রী কৰিবলগীয়া হৈছিল৷ বাস্তৱিকতে নিম্নবর্গৰ এটা চাকৰি লাভৰ আশাতে তেওঁ নিজৰ বৃক্ক বিক্রী কৰা বুলি সংবাদ মাধ্যমক বাৰম্বাৰ কয়৷ সংবাদ মেলতে হীৰুমণি শকীয়াই গাৰ চোলা দাঙি কিড্নী দানৰ সময়ত কৰা অস্ত্রোপচাৰৰ ক্ষতচিহ্ণও প্রদর্শন কৰে৷ সংবাদ মেলত ভুক্তভোগী শইকীয়াই প্রকাশ কৰা অনুসৰি, শক্তি বিভাগৰ বিষয়া কৰৱী বৰা ডেকাৰ স্বামী গুৱাহাটী অভিযান্ত্রিক মহাবিদ্যালয়ৰ অধ্যাপক৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে সমগ্র ৰাজ্য জোকাৰি যোৱা এপিডিচিএলৰ নিযুক্তি কেলেংকাৰি সন্দর্ভত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষ (চিএম ভিজিলেঞ্চ)–এ কৰৱী বৰা ডেকাক জেৰা কৰিছিল৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি