Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:27 pm

Home » আঞ্চলিক » অসম » ৰাজ্যৰ উপ–নির্বাচনৰ ফলাফলত সুখী বিজেপিৰ কেন্দ্রীয় নেতৃত্ব

ৰাজ্যৰ উপ–নির্বাচনৰ ফলাফলত সুখী বিজেপিৰ কেন্দ্রীয় নেতৃত্ব

দেশৰ প্রতিটো বুথত ভাৰতীয় জনতা পার্টীৰ সংগঠন শক্তিশালী কৰাৰ বাবে আজি অনুষ্ঠিত দলৰ ৰাষ্ট্রীয় কার্যনির্বাহকৰ ভার্চুৱেল বৈঠকত সিদ্ধান্ত গ্রহণ কৰা হয়৷ দলৰ সভাপতি জে পি নাড্ডাই ৰাজনৈতিক প্রস্তাৱৰ জৰিয়তে বৈঠকত বুথ সংগঠনৰ বিষয়টো উত্থাপন কৰে আৰু বৈঠকে প্রস্তাৱটোৰ ওপৰত চর্চা কৰি বুথৰ জৰিয়তে সমাজৰ সর্বস্তৰত সংগঠন শক্তিশালী কৰাৰ বিষয়ে আজি সিদ্ধান্ত গ্রহণ কৰে৷ বুথ সমিতিৰ জৰিয়তে পৃষ্ঠাপ্রমুখসকলক শক্তিশালী কৰা আৰু প্রতিটো বুথত মন কী বাত আয়োজন কৰি সমাজৰ সর্বস্তৰৰ লোকৰ অংশীদাৰ নিশ্চিত কৰাৰ জৰিয়তে সংগঠন শক্তিশালী কৰাৰ বাবে দেওবাৰে ভার্চুৱেল বৈঠকে দলৰ প্রতিজন কার্যকর্তালৈ আহ্বান জনায়৷
উল্লেখ্য যে নতুন দিল্লীৰ দীনদয়াল উপাধ্যায় মার্গত থকা ভাৰতীয় জনতা পার্টীৰ মুখ্য কার্যালয়ৰ পৰা দলৰ ৰাষ্ট্রীয় সভাপতিয়ে ভার্চুৱেল বৈঠকত অংশগ্রহণ কৰে৷ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, অসম প্রদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা, উত্তৰ–পূবৰ ক্ষেত্রীয় সাংগঠনিক সাধাৰণ সম্পাদক অজয় জামৱাল, প্রাক্তন সাংসদ বিজয়া চক্রৱর্তী, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা আৰু সাংসদ তপন কুমাৰ গগৈয়ে হেঙেৰাবাৰীস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত উপস্থিত থাকি ভার্চুৱেল বৈঠকত অংশগ্রহণ কৰে৷
এই বৈঠকত অসম তথা উত্তৰ–পূর্বাঞ্চলৰ কেইবাটাও ৰাজনৈতিক বিষয়ে বিশেষ স্থান লাভ কৰে৷ বড়ো শান্তি চুক্তি আৰু ৰিয়াং চুক্তিৰ কথা বিশেষভাৱে আলোচনা হোৱাৰ লগতে অসমৰ সদ্যসমাপ্ত ৫ বিধানসভা সমষ্টিৰ উপ–নির্বাচনৰ ফলাফলক লৈ বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্ব সুখী হৈছে৷ বিজেপিৰ ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে অসমৰ ফলাফলক লৈ সুখী বুলি বৈঠকখনত মন্তব্য কৰে৷ সেইদৰে অনাগত সময়ত হ’বলগীয়া উত্তৰ প্রদেশ, পঞ্জাব, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰৰ বিধানসভা নির্বাচনৰ বিষয়েও বিস্তৃতভাৱে আলোচনা কৰা হয় আৰু সংশ্লিষ্ট ৰাজ্যকেইখনৰ নেতৃত্বই তেওঁলোকৰ প্রস্তুতি সম্পর্কত দলৰ ৰাষ্ট্রীয় নেতৃত্বক অৱগত কৰে৷ ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয়ত অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতিত কয় যে অহা ছমাহৰ ভিতৰত দেশৰ প্রতিটো বুথতে বিজেপিয়ে বুথ কমিটী গঠন প্রক্রিয়া সম্পূর্ণ কৰিব৷
বর্তমান দলৰ ৮ লাখ বুথ সমিতি আছে৷ আনহাতে, ভার্চুৱেল বৈঠক সমাপ্ত হোৱাৰ পাছতেই বাজপেয়ী ভৱনত দলৰ আন দুখনকৈ সাংগঠনিক সভা অনুষ্ঠিত হয়৷ দলৰ ৪০খন সাংগঠনিক জিলাৰ কোষাধ্যক্ষ আৰু কার্যালয় সম্পাদকৰ সৈতে ৰাজ্যিক নেতৃত্বই বিভিন্ন দিশ সামৰি আলোচনা কৰে৷ বিয়লি ৫ বজাৰ পৰা ৰাজ্যিক কার্যালয়ত সভাপতি ভৱেশ কলিতাৰ সভাপতিত্বত ৰাজ্যিক বিষয়ববীয়াসকলৰ বৈঠক অনুষ্ঠিত হয়৷ নিশাৰ ভাগত কইনাধৰাত বিজেপিৰ জিলা সভাপতিসকলৰ সৈতেও আন এখন বৈঠক অনুষ্ঠিত হয়৷ আটাইকেইখন বৈঠকত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত থাকে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি