Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 12:41 pm

Home » দেশ-বিদেশ » আন্তঃৰাষ্ট্ৰীয় » ‘দ্য প্রমিজ’: দক্ষিণ আফ্রিকাৰ ঔপন্যাসিক ডেমন গলগুটলৈ সন্মানীয় বুকাৰ বঁটা

‘দ্য প্রমিজ’: দক্ষিণ আফ্রিকাৰ ঔপন্যাসিক ডেমন গলগুটলৈ সন্মানীয় বুকাৰ বঁটা

‘দ্য প্রমিজ’ শীর্ষক উপন্যাসৰ বাবে ২০২১ বর্ষৰ বুকাৰ বঁটা লাভ কৰিছে দক্ষিণ আফ্রিকাৰ ঔপন্যাসিক–নাট্যকাৰ ডেমন গলগুটে৷ দক্ষিণ আফ্রিকাত এটা শ্বেতাংগ পৰিয়ালৰ সংগ্রাম প্রতিফলিত হোৱাৰ লগতে জেকব জুমাৰ ৰাষ্ট্রপতিলৈকে দেশখনৰ ইতিহাসস্বৰূপ ‘দ্য প্রমিজ’ শীর্ষক উপন্যাসখনৰ বাবে ঔপন্যাসিক ডেমন গলগুটলৈ আগবঢ়োৱা ২০২১ বর্ষৰ বুকাৰ বঁটাটো যোৱানিশা লণ্ডনত টেলিভিছাইড ছেৰিমনিৰ জৰিয়তে গ্রহণ কৰে ঔপন্যাসিক গলগুটে৷ সন্মানীয় বুকাৰ বঁটাৰ বাবে ইয়াৰ পূর্বে ঔপন্যাসিক গলগুটৰ দুখনকৈ উপন্যাস ছুটী তালিকাত অন্তর্ভুক্ত হৈছিল যদিও উক্ত দুবাৰ সেই বঁটা লাভ কৰা নাছিল৷ এইবেলি তৃতীয়বাৰৰ বাবে ‘দ্য প্রমিজ’ ছুটী তালিকাত অন্তর্ভুক্ত হোৱাই নহয়, সন্মানীয় বঁটাটো লাভ কৰিলে ঔপন্যাসিক গলগুটে৷

বুকাৰ বঁটা বিজয়ী নাট্যকাৰ ডেমন গলগুটৰ ১৯৬৩ চনৰ ১২ নৱেম্বৰত দক্ষিণ আফ্রিকাৰ প্রিট’ৰীয়াত জন্ম৷ পিতৃ ইহুদী আৰু ইহুদীলৈ ধর্মান্তৰিত মাতৃৰ সন্তান ডেমন গলগুটে ৬ বছৰ বয়সতে কর্কট ৰোগত আক্রান্ত হয়৷ ১৯৮১ চনত প্রিট’ৰীয়া বয়জ হাইস্কুলৰ পৰা মেট্রিকুলেচন কৰা গলগুটে কেপটাউন বিশ্ববিদ্যালয়ত নাটকৰ পাঠ্যক্রমত অধ্যয়ন কৰে৷
১৭ বছৰতে ‘এ ছিনলেছ ছিজন’ শীর্ষক উপন্যাসেৰে সাহিত্য ক্ষেত্রখনত আত্মপ্রকাশ কৰা ডেমন গলগুটে কর্কটৰ সৈতে যুঁজি থাকিয়েই ১৯৮৮ চনত ছুটী গল্প সংকলন ‘স্মল চার্কোল অৱ বিংছ’ প্রকাশ কৰে৷ ১৯৯১ চনত দ্য বিউটীফুল স্ক্রীমিং অৱ পিগ্ছ, ১৯৯৫ চনৰ দ্য কুৱেৰী, যিখন পিছলৈ চলচ্চিত্র হিচাপে নির্মাণ হৈছিল৷ দ্য গুড ডক্টৰ, দ্য ইনপ’ষ্টৰ, ইন এ ষ্ট্রেঞ্জ ৰুম, আর্কটিক ছামাৰ আৰু দ্য প্রমিজ তেওঁৰ দ্বাৰা ৰচিত বহুপঠিত উপন্যাস৷ দ্য ষ্ট্রেঞ্জ ৰুম আৰু দ্য গুড ডক্টৰ শীর্ষক উপন্যাস দুখন ক্রমে ২০১০ আৰু ২০০৩ বুকাৰ বঁটাৰ বাবে ছুটী তালিকাভুক্ত হৈছিল৷
বুকাৰ বঁটা লাভ কৰাৰ পূর্বে ঔপন্যাসিক, নাট্যকাৰ গলগুটে কমনৱেল্থ ৰাইটার্ছ বঁটা, বেৰি ৰঞ্জ ফিকচন প্রাইজ লাভ কৰিছিল৷ উপন্যাসৰ উপৰি গলগুটে ৰচনা কৰা নাটককেইখন হৈছে ইক’জ অৱ এংগাৰ, পার্টী ফৰ মাডাৰ, এলাইভ এণ্ড কিকিং আৰু দ্য গ্রীনছ কীপাৰ৷ লণ্ডনত বঁটাটো গ্রহণ কৰি ৫৭ বছৰীয়া ঔপন্যাসিক গলগুটে বঁটাটো লাভ কৰি কৃতজ্ঞ বুলি প্রকাশ কৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি