Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:36 am

Home » দেশ-বিদেশ » ক’ৰোনাত মৃত্যু ১.৪৯ লাখ–আত্মহত্যা ১.৫৩ লাখৰঃ ক’ৰোনাতকৈ আত্মহত্যা কৰা লোকৰ সংখ্যা ভাৰতত অধিক

ক’ৰোনাত মৃত্যু ১.৪৯ লাখ–আত্মহত্যা ১.৫৩ লাখৰঃ ক’ৰোনাতকৈ আত্মহত্যা কৰা লোকৰ সংখ্যা ভাৰতত অধিক

দেশত ঘাতক ন’ভেল ক’ৰোনা ভাইৰাছ তথা ক’ভিড–১৯ত আক্রান্ত হৈ প্রাণ হেৰুওৱা লোকৰ তুলনাত ২০২০ চনত আত্মহত্যা কৰা লোকৰ সংখ্যা অধিক৷ নেচনেল ক্রাইম ৰেকর্ডছ ব্যুৰ’, চমুকৈ এন চি আৰ বিৰ ২০২০ৰ বার্ষিক প্রতিবেদনত এই উদ্বেগজনক তথ্য প্রকাশ পাইছে৷ প্রতিবেদনৰ তথ্য মতে, ২০২০ চনত প্রতিদিনে গড়ে ৪১৮জনকৈ লোকে আত্মহত্যা কৰিছে৷
মুঠ আত্মহত্যা কৰা লোকৰ সংখ্যা ১,৫৩,০৫২৷ ঘাতক ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে ১.৪৯ লাখে৷ বিগত ১০ বছৰৰ তুলনাত ২০২০ চনত আত্মহত্যা কৰা লোকৰ সংখ্যা সর্বাধিক৷ এই আত্মহত্যা কৰাৰ আঁৰত বিভিন্ন কাৰণ আছে, বিভিন্ন শ্রেণীৰ লোক আছে যদিও দৈনিক শ্রম কৰি খোৱা লোকৰ সংখ্যা অধিক৷
তথ্য মতে, ৩৭,৬৬৬জন দৈনিক শ্রমিকে বর্ষটোত আত্মহত্যা কৰিছে৷ ক’ভিড–১৯ লকডাউনৰ বাবেই দেশজুৰি সর্বাধিক দুর্বিষহ পৰিস্থিতিৰ সন্মুখীন হৈছিল দৈনিক হাজিৰা কৰা শ্রমিক৷ মহামাৰীৰ সময়ছোৱাত আত্মহননৰ হাৰ ১০ শতাংশ বৃদ্ধি পাইছে৷ দিন মজুৰি শ্রমিকৰ লগতে গৃহিণীসকলৰ আত্মহত্যাৰ হাৰো মহামাৰীৰ সময়ত বৃদ্ধি পাইছে৷ আন এটা কাৰণ ৰোগৰ বাবেও আত্মহত্যা কৰা লোকৰ সংখ্যা ১৭ শতাংশ৷ অর্থাৎ ২০২০ চনত এই কাৰণতেই ২৭,৬৩২জনে আত্মহননৰ পথ বাছি লৈছে৷ ১৬ হাজাৰ লোকৰ আত্মহত্যাৰ কাৰণ জনা নাযায়৷
ঠিক তেনেদৰে ১৫ হাজাৰ লোকৰ আত্মহত্যাৰ কাৰণ ৰহস্যজনক৷ লিংগভিত্তিক তথ্য জুকিয়াই চালে আত্মহত্যা কৰা লোকৰ ভিতৰত মহিলাতকৈ পুৰুষ অধিক৷ মুঠ আত্মহত্যা কৰা লোকৰ ভিতৰত প্রায় ৭১ শতাংশ পুৰুষ৷ এক লাখতকৈ অধিক পুৰুষে আত্মহত্যা কৰাৰ বিপৰীতে প্রায় ৪৫ হাজাৰ মহিলাই আত্মহত্যা কৰিছে৷ ২২জন তৃতীয় লিংগয়ো মহামাৰীৰ সময়ত আত্মহত্যা কৰিছে৷ ইপিনে মুঠ আত্মহত্যাৰ ৮ শতাংশৰ অধিক শিক্ষার্থী৷ ১২,৫২৬জন শিক্ষার্থীয়ে আত্মহত্যাৰ পথ বাছি লৈছে৷
আনপিনে কৃষিখণ্ডৰ লগত জড়িত ১০,৬৭৭জনে বর্ষটোত আত্মহননৰ পথ বাছি ল’বলগীয়া হৈছে৷ এন চি আৰ বিৰ তথ্য মতে, ২০১৯ চনৰ তুলনাত ২০২০ চনত এক লাখ জনসংখ্যাৰ ভিতৰত আত্মহত্যা কৰা লোকৰ সংখ্যা অধিক৷ ২০২০ চনত হাৰ ১১.৩ শতাংশ৷ ২০১৯ চনত এই হাৰ আছিল ১০.৪ শতাংশ৷ মুঠ আত্মহত্যা কৰা লোকৰ ভিতৰত সর্বাধিক মহাৰাষ্ট্রত৷ ৰাজ্যখনত ১৯,৯০৯জনে আত্মহত্যা কৰিছে৷ ইয়াৰ পাছত ১৬,৮৮৩ৰে তামিলনাডু, ১৪,৫৭৮ৰে মধ্যপ্রদেশ, ১৩,১০৩ৰে পশ্চিমবংগ আৰু ১২,২৫৯ৰে কর্ণাটক শীর্ষ আছে৷ তথ্য মতে, বিবাহ সম্পর্কীয় কাৰণত মুঠ আত্মহত্যাৰ ৫ শতাংশ, পৰিয়ালকেন্দ্রিক কাৰণত ৩৩.৬ শতাংশ, বেমাৰত ১৮ শতাংশ আৰু অন্যান্য কাৰণত ৫৬.৭ শতাংশই আত্মহত্যা কৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি