Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:39 pm

Home » আঞ্চলিক » অসম » প্ৰাক্তন মন্ত্ৰী, প্ৰখ্যাত আইনজীৱি তথা আব্দুল মুহিব মজুমদাৰ আৰু নাই

প্ৰাক্তন মন্ত্ৰী, প্ৰখ্যাত আইনজীৱি তথা আব্দুল মুহিব মজুমদাৰ আৰু নাই

অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, প্ৰখ্যাত আইনজীৱি তথা আব্দুল মুহিব মজুমদাৰ আৰু নাই। বুধবাৰে পুৱা ৮-৪৫ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মজুমদাৰে শেষ নিশ্বাস ত্যাগ কৰে। বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ পৰা প্ৰবীন আইনজ্ঞগৰাকীক প্ৰায় ১মাহৰ পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পাছতেই তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু তেওঁক আই চি ইউত ভৰ্তি কৰোৱা হৈছিল। মঙ্গলবাৰে নিশা আব্দুল মুহিব মজুমদাৰৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে আৰু চিকিৎসকৰ আপ্ৰাণ প্ৰচেষ্টাক ব্যৰ্থ কৰি ৩ নৱেম্বৰ বুধবাৰে পুৱা ৮-৪৫ মিনিটত হৃদযন্ত্ৰৰ ক্ৰীয়া বন্ধ হৈ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ।
১৯৩২ চনৰ ২০ আগষ্টত হাইলাকান্দিত জন্মগ্ৰহণ কৰা আব্দুল মুহিব মজুমদাৰে হাইলাকান্দিৰ ভিক্টৰিয়া মেমৰিয়েল স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পাছত কটন কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। ইয়াৰ পাছতে তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা এম এ আৰু এল এল বি সম্পূৰ্ণ কৰে। এগৰাকী স্বাধীনতা সংগ্ৰামীৰ পুত্ৰ আব্দুল মুহিব মজুমদাৰ বহু চৰ্চিত আই এম ডি টি আইনৰ প্ৰস্তুত কৰ্তা আছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লগতে উচ্চতম ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা মজুমদাৰে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, আগশাৰীৰ আইনী কৰ্তৃপক্ষ জগদীশ মেধিৰ সৈতে কাম কৰিছিল। তেওঁ কেইবা বছৰধৰি জ্যেষ্ঠ চৰকাৰী অধিবক্তা হিচাপেও কৰ্মৰত আছিল। ইয়াৰোপৰি মজুমদাৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয় (১৯৫৬-১৯৬১) আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ত (১৯৬১-১৯৮০) অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞানৰ প্ৰবক্তা হিচাপে কৰ্মৰতা আছিল। তেওঁ ১৯৮০ চনৰ পৰা ১৯৮৩ চনলৈকে অসমৰ এডভোকেট জেনেৰেল আৰু তাৰ পিছত অৰুণাচল প্ৰদেশত ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ এডভোকেট জেনেৰেল হিচাপে দায়িত্ব পালন কৰিছিল।১৯৭০ ৰ দশকত ৰাজনীতিত প্ৰৱেশ কৰা আব্দুল মুহিব মজুমদাৰে ১৯৮৩ চনৰ পৰা ১৯৯১ চনলৈ, ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ আৰু ২০১১ চনৰ পৰা ২০১৬ চনলৈ অসম বিধানসভাৰ সদস্য তথা বিধায়ক হিচাপে চাৰিবাৰ ৬নং হাইলাকান্দিক প্ৰতিনিধিত্ব কৰিছিল। হাইলাকান্দি সমষ্টিত আব্দুল মুজিব মজুমদাৰৰ পিতৃ আব্দুল মতলিব মজুমদাৰে ১৯৪৬ চনৰ পৰা ১৯৭২ চনলৈ এৰা ধৰাৰ মাজেৰে প্ৰতিনিধিত্ব কৰিছিল।
১৯৮৫ চনলৈকে হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা মজুমদাৰে ১৯৯০ ৰ দশকত ইউনাইটেড পিপলছ পাৰ্টি অৱ আছাম নামৰ এটা নতুন দল গঠন কৰে। ইয়াৰ পাছত তেওঁ প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অগপ নেতৃত্বাধীন মিত্ৰজোঁটত চামিল হৈ কেবিনেট মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰত তেওঁ জলসিঞ্চন বিভাগৰ মন্ত্ৰীত্বৰ দায়িত্ব পালন কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ইউ পি পি এ ভাঙি দিয়ে আৰু অসমত সমাজবাদী পাৰ্টিৰ সভাপতি হয় যদিও তেওঁ পুন কংগ্ৰেছলৈ ঘূৰি আহে।
১৯৮৬ চনৰ পৰা ১৯৯১ চনলৈ বিৰোধী দলৰ উপনেতা আৰু পূৰ্বতে অসমৰ ৰাজ্যিক পৰিকল্পনা পৰিষদৰ উপাধ্যক্ষৰ দায়িত্ব পালন কৰা মজুমদাৰে ৰাজ্যিক সুৰক্ষা আয়োগৰ সদস্য, অল ইণ্ডিয়া কংগ্ৰেছ কমিটী, অসম প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন পদবী গ্ৰহণ কৰিছিল। এগৰাকী মেধা সম্পন্ন ব্যক্তি আব্দুল মুহিব মজুমদাৰে ছাত্ৰৱস্থাত কটন কলেজৰ উপৰিও আলিগড় মুছলিম বিশ্ববিদ্যালয়ত কেইবাটাও বঁটা লাভ কৰিছিল।এগৰাকী প্ৰখ্যাত আইনজীৱি আব্দুল মজুমদাৰে কেৰিয়াৰত কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ সৈতে জড়িত হৈ বিখ্যাত হৈ পৰিছিল। এইসমূহৰ ভিতৰত তেওঁ ১৯৭৭-৭৮ চনত উচ্চ ন্যায়ালয়ত তিৰ্খা আয়োগৰ দ্বাৰা তেওঁৰ গোচৰৰ বিৰুদ্ধে স্বৰ্গীয় প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক ৰক্ষা কৰাটো লক্ষণীয় আছিল। তেওঁৰ কৰ্মজীৱনৰ আন দুটা স্থান আছিল অসমৰ তদানীন্তন আইন মন্ত্ৰী হিচাপে আইএমডিটি আইন (ন্যায়াধিকৰণ আইনৰ দ্বাৰা অবৈধ প্ৰব্ৰজনকাৰী নিৰ্ধাৰণ) ১৯৮৩ আৰু অসম চুক্তি ১৯৮৫ ৰ খচৰা ।
উল্লেখ্য যে মৃত্যুৰ পিছত আব্দুল মুহিব মজুমদাৰক চৰকাৰীভাৱে উপযুক্ত সন্মান প্ৰদৰ্শন নকৰাৰ বাবে আক্ষেপ প্ৰকাশ কৰে প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই৷ এইক্ষেত্ৰত সংখ্যালঘু জনপ্ৰতিনিধিসকলেও নীৰৱ ভূমিকা পালন কৰি থকা কাৰ্যকো দুৰ্ভাগ্য বুলি উল্লেখ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে৷ লগতে একাংশ সংবাদ মাধ্যমকো সমালোচনা কৰে প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি