Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:03 pm

Home » আঞ্চলিক » অসম » আজি পোহৰৰ উৎসৱ দীপাৱলী

আজি পোহৰৰ উৎসৱ দীপাৱলী

অভাৱনীয় মূল্যবৃদ্ধিৰ মাজতে কাইলৈ পোহৰ আৰু আনন্দৰ উৎসৱ দীপান্বিতা৷ যুগ পুৰুষোত্তম শ্রীৰামচন্দ্রই ১৪ বছৰ বনবাস খাটি সীতাৰ সৈতে অযোধ্যালৈ ঘূৰি অহাৰ আনন্দতেই প্রজাগণে আলোকেৰে অযোধ্যাক উদ্ভাসিত কৰি তোলাৰ সেই পৰম্পৰা অনুসৰিয়েই আজি সমগ্র ৰাজ্যতে পালন কৰা হ’ব দীপাৱলী৷ পুৰণি কামৰূপতো ভগৱান শ্রীকৃষ্ণই নৰকাসুৰক বধ কৰাৰ পাছত বন্তি জ্বলাই প্রকাশ কৰা আনন্দৰ পৰম্পৰা আৰু নিয়মক আদৰি আজি দেশৰ লগতে ৰাজ্যত প্রতিটো পৰিয়ালৰ ঘৰ উজলি উঠিব পোহৰেৰে৷ পৰম্পৰা যিয়েই নহওক, অতীজৰে পৰা চলি অহা এই উৎসৱ পালনৰ বাবে জাতি–ধর্ম–বর্ণ নির্বিশেষে সকলোৱে চলাইছে ব্যাপক প্রস্তুতি৷ নিজৰ ঘৰখন মাটিৰ চাকিৰে উজলাই তুলিবলৈ চলোৱা এনে প্রস্তুতিয়ে কার্যতঃ আজি সমগ্র ৰাজ্যবাসীৰে ব্যস্ততা বঢ়াই তুলিছে৷

দীপাৱলীৰ বাবে গুৱাহাটী মহানগৰীৰ বজাৰসমূহতো ব্যাপক হাৰত মাটিৰ চাকিৰ চাহিদা বৃদ্ধি পাইছে৷ অৱশ্যে এনে চাহিদা বৃদ্ধিৰ মাজতো আধ্যাত্মিকতা একাষৰীয়া কৰি কিছু বাহ্যিক প্রদর্শনকামিতাই স্থান পাইছে৷ চীনৰ পৰা অহা অত্যাধুনিক ৰং–বিৰঙৰ লাইটেৰে ঘৰখন সজাবলৈ ৰাজ্যৰ বজাৰসমূহত সাধাৰণ গ্রাহকৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয়৷ অত্যাৱশ্যকীয় সামগ্রীৰ লগতে খাদ্য–সামগ্রীৰো মূল্যবৃদ্ধিত দীপান্বিতাৰ উৎসাহ যথেষ্ট হ্রাস পাইছে যদিও অতীজৰ পৰম্পৰা বজাই ৰাখিবলৈ মাটিৰ চাকিৰ লগতে চীনৰ পৰা অহা লাইটেও যথেষ্ট চাহিদা বৃদ্ধি কৰিছে৷ সমান্তৰালভাৱে ঘৰৰ সন্মুখত কলপুলি পুতি দেৱালীৰ আনন্দ ল’বৰ বাবে বহুতেই বজাৰত কলপুলি ক্রয় কৰাও আজি পৰিলক্ষিত হয়৷ সমান্তৰালভাৱে আতচবাজীৰ বিক্রীও আজি যথেষ্ট পৰিমাণে হোৱা দেখা যায়৷ আনহাতে কাইলৈ পালন কৰা হ’ব কালী পূজা৷ ৰাজ্যৰ ভিন্ন প্রান্তত কালী পূজাৰ বাবে ব্যাপক প্রস্তুতি পৰিলক্ষিত হৈছে৷
অসমবাসীক দেৱালীৰ শুভেচ্ছা জনালে ৰাজ্যপালে
পোহৰৰ উৎসৱ দেৱালী উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনাইছে ৰাজ্যপাল জগদীশ মুখীয়ে৷ এক শুভেচ্ছা বার্তাত ৰাজ্যপালগৰাকীয়ে কয়– এন্ধাৰক আঁতৰ কৰি দীপাৱলীৰ পোহৰে সকলোৰে মাজত আনন্দ জগাই তোলক৷ এই উৎসৱ তথা আনন্দৰ মুহূর্তত মই ৰাজ্যৰ প্রতিগৰাকী লোকৰ মাজত ভাতৃত্ব আৰু বন্ধুত্বৰ ভাব অক্ষুণ্ণ থাকিব বুলি আশা প্রকাশ কৰিলোঁ৷
আলোকৰ উৎসৱ দীপান্বিতা উপলক্ষে মুখ্যমন্ত্রীৰ শুভেচ্ছা
আলোকৰ উৎসৱ দীপাৱলী উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যবাসীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে৷ এক বিবৃতিত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পোহৰৰ উৎসৱ দীপাৱলী হৈছে এন্ধাৰ নাশ কৰি আলোকৰ জয়যাত্রাৰ এক পৱিত্র উৎসৱ৷ ভাৰতীয় সভ্যতা–সংস্কৃতি বিশ্বাস আৰু পৰম্পৰাৰ সৈতে সংপৃক্ত এই উৎসৱে অসূয়া–শান্তি আঁতৰাই সকলোকে এখন সুন্দৰ সমাজ নির্মাণৰ দিশত সংকল্পবদ্ধ হ’বলৈ প্রেৰণা যোগায়৷ মুখ্যমন্ত্রীয়ে কয় যে এই উৎসৱ হ’ল এন্ধাৰৰ বিপৰীতে পোহৰ, অজ্ঞতাৰ বিপৰীতে জ্ঞান আৰু প্রজ্ঞা, অন্যায়ৰ বিৰুদ্ধে ন্যায়, নেতিবাচকৰ বিপৰীতে ইতিবাচক আৰু নিৰাশাৰ বিপৰীতে আশাৰ বিজয় উৎসৱ৷ মুখ্যমন্ত্রীয়ে দীপাৱলীৰ এই শুভক্ষণত অপশক্তিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈ সমাজখনক অধিক স্পন্দনশীল আৰু গতিশীল কৰি তোলাৰ সংকল্প ল’বলৈ জনসাধাৰণক আহ্বান জনায়৷ তেওঁ লগতে পৰম্পৰা, আধ্যাত্মিকতা তথা ৰীতি–নীতিৰে এই উৎসৱ পালনৰ লগতে সম্পূর্ণ সাৱধানতা অৱলম্বনৰ বাবেও ৰাজ্যবাসীক আহ্বান জনায়৷ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়েও দীপাৱলী উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি