Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 12:46 pm

Home » আঞ্চলিক » অসম » আজি ছুপাৰ মার্কেটৰ উৰণীয়া সেতু মুকলি কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

আজি ছুপাৰ মার্কেটৰ উৰণীয়া সেতু মুকলি কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

উত্তৰ–পূবৰ দুৱাৰমুখস্বৰূপ ৰাজ্যৰ ৰাজধানী দিছপুৰ অঞ্চলক যান–জঁটৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে দিছপুৰ ছুপাৰ মার্কেটৰ নৱনির্মিত উৰণীয়া সেতুখন আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উদ্বোধন কৰে৷ আজি মুকলি হোৱা উৰণীয়া সেতুখন নির্ধাৰিত সময়তকৈ ১৪ মাহ পূর্বেই নির্মাণকার্য সম্পূর্ণ কৰি অসমৰ লোকনির্মাণ বিভাগৰ ইতিহাসত এক নতুন মাত্রাৰ সূচনা কৰিবলৈ সক্ষম হৈছে৷

নৱনির্মিত উৰণীয়া সেতুখনত ৰাজ্যৰ বিভিন্ন প্রান্তৰ শিল্পীসকলে অংকন কৰিছে অসমীয়া কলা–সংস্কৃতিক প্রতিনিধিত্ব কৰা বহু ছবি৷ তদুপৰি উৰণীয়া সেতুখনত অত্যধিক বৈদ্যুতিক লাইটেৰে সু–সজ্জিত কৰি সজাই–পৰাই তোলা হৈছিল৷
উল্লেখ্য যে নৱনিযুক্ত উৰণীয়া সেতুখন মুকলিৰ পূর্বে প্রত্যক্ষ কৰাৰ বাবে মহানগৰীৰ বিভিন্ন প্রান্তৰ বহু লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে৷
উল্লেখ্য যে উৰণীয়া সেতুখন অলপতে পর্যবেক্ষণ কৰে লোকনির্মাণ পথ বিভাগৰ আয়ুক্ত সচিব ৰাজেশ কেম্পৰাই আৰু মুখ্য অভিযন্তা সঞ্জীৱ শ্যামে ৷ দুয়োজনকে সংগ দিয়ে বিভাগৰ দিছপুৰ ক্ষেত্রীয় পথ সংমণ্ডলৰ কার্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকা, সহকাৰী কার্যবাহী অভিযন্তাত্রয় ক্রমে বিশ্বজিৎ কলিতা, প্রাণজিত তালুকদাৰ আৰু বন্দনা শইকীয়া, সহকাৰী অভিযন্তাত্রয় ক্রমে ৰূপক ডেকা, আবু চৈয়দ আৰু পংকজ নাথ, কনিষ্ঠ অভিযন্তা বুৰহাউদ্দিন আহমেদে৷ আনহাতে আয়ুক্ত আৰু বিশেষ সচিব ৰাজেশ কেম্পৰায়ে দিছপুৰ ক্ষেত্রীয় পথ সংমণ্ডলৰ কার্যবাহী অভিযন্তাকে ধৰি সংশ্লিষ্ট অভিযন্তা, ক্ষেত্র সহায়ক সকলোকে উৰণীয়া সেতুখনৰ নির্মাণকার্য নির্ধাৰিত ৩৬ মাহৰ সলনি মাত্র ২২ মাহৰ ভিতৰতে নির্মাণ কৰি বিভাগলৈ গৌৰৱ কঢ়িয়াই অনা বাবে ধন্যবাদ জ্ঞাপন কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি