Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:00 am

Home » আঞ্চলিক » অসম » শোৱনিকোঠাত হত্যাকাৰী আকাশৰ আঙুলিৰ ছাপ

শোৱনিকোঠাত হত্যাকাৰী আকাশৰ আঙুলিৰ ছাপ

গুৱাহাটীৰ বেলতলাৰ চন্দন নগৰত শোৱাপাটীতে অশীতিপৰ বৃদ্ধ দম্পতী ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাৰ লোমহর্ষক হত্যাকাণ্ডৰ কেতবোৰ নতুন ক্লু লাভ কৰিছে আৰক্ষীয়ে৷ মহানগৰ আৰক্ষীয়ে হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত কালি বৃদ্ধ দম্পতীটোৰ দীর্ঘদিনৰ পৰিচর্যাকাৰী (কেয়াৰটেকাৰ) আকাশ চৌধুৰীক গ্রেপ্তাৰ কৰাৰ লগতে বন্ধু পৰেশ চৌধুৰী আৰু সত্যেন্দ্র সিঙক আটক কৰি মাৰাথন জেৰা কৰিছিল৷ কেয়াৰটেকাৰ আকাশ, দুই বন্ধু ক্রমে পৰেশ আৰু সত্যেন্দ্রৰ স্বীকাৰোক্তিৰ ভিত্তিত কালি নিশাই মহানগৰ আৰক্ষীয়ে অ’টোচালক জোন শইকীয়া আৰু বুদ্ধদেৱ নামৰ দুজনক আটক কৰে৷
সম্প্রতি আটাইকেইজনকে মাৰাথন জেৰা চলাই থকা হৈছে৷ আজি পুনৰ মহানগৰ আৰক্ষী, ক্রাইম ব্রাঞ্চ, চি আই ডিৰ এটা দলে ঘটনাস্থলীত অভিযান চলাই বৰুৱা দম্পতীৰ ঘৰৰ ভিতৰৰ পৰা এটা পটাগুটি, এডাল লোৰ খন্তা জব্দ কৰে৷ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে জানিবলৈ দিয়া মতে, হত্যাকাণ্ড সংঘটিত হোৱা শোৱনি কোঠাটোৰ খিৰিকী–চৌকাঠ–গ্রীলৰ্ পৰা কালি ফৰেনছিকৰ দলে সংগ্রহ কৰা হাতৰ ছাপ আকাশ চৌধুৰীৰ আছিল৷ কোঠাটোত হত্যাকাৰীয়ে সন্মুখেৰে প্রৱেশ কৰাৰ কোনো চিন নাই৷ ইয়াৰ বিপৰীতে হত্যাকাৰীয়ে পিছফালৰ দুৱাৰেৰে প্রৱেশ কৰি বৰুৱা দম্পতীক পটাগুটিৰে মূৰত মৰিয়াই হত্যা কৰাৰ সন্দেহ কৰা হৈছে৷ হত্যাকাৰীয়ে কোঠাৰ ভিতৰৰ পৰাই লোহাৰ খন্তাৰে গ্রীল ভাঙি খিৰিকীৰে ওলাই গৈছিল৷ বৰুৱা দম্পতীৰ কেয়াৰটেকাৰ হিচাপে থকা আকাশ চৌধুৰীৰ পত্নী পুতু দাসৰ হাতত ঘৰটোৰ আন এপাট চাবি আছিল৷ এই চাবিটোৰে আকাশ চৌধুৰীয়ে পিছফালৰ দুৱাৰ খুলি ঘৰৰ ভিতৰত প্রৱেশ কৰিছিল৷ কোঠাটোত আকাশ চৌধুৰীৰ হাতৰ চাপৰ বাহিৰে আন লোকৰ হাতৰ ছাপ পোৱা নাই৷
বুধবাৰে সংবাদ মাধ্যমক চিঞৰি চিঞৰি আকাশে এই হত্যাকাণ্ডত জড়িত নহয় বুলি কয়৷ ইয়াৰ মাজতে আজি আৰক্ষীয়ে কেয়াৰটেকাৰ আকাশ চৌধুৰীক কামৰূপ মহানগৰ জিলা দণ্ডাধীশৰ আদালতত হাজিৰ কৰি ১৪ দিনৰ জিম্মাত বিচাৰে৷ অৱশ্যে আদালতে আকাশ চৌধুৰীক ৭ দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে৷ মহানগৰ আৰক্ষীৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি কি কাৰণত আকাশ চৌধুৰায়ে বৰুৱা দম্পতীক হত্যা কৰিলে, সেই কথা এতিয়াও স্বীকাৰ কৰা নাই৷ আৰক্ষীৰ তদন্তত কেয়াৰটেকাৰ আকাশ চৌধুৰী এই হত্যাকাণ্ডত জড়িত থকাৰ কেইবাটাও ক্লু লাভ কৰিছে৷ মহানগৰ আৰক্ষীৰ শীর্ষ বিষয়াই পৃথকে পৃথকে আকাশ চৌধুৰী আৰু তেওঁৰ পত্নী পুতু দাসক জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষীৰ জেৰাত প্রতিবাৰে ভাষ্য সলনি কৰিছে কেয়াৰটেকাৰ আকাশ চৌধুৰী আৰু তেওঁৰ পত্নীয়ে৷ ভূ–সম্পত্তিৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি প্রাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে৷ হত্যাকাৰীয়ে বৰুৱা দম্পতীৰ আহাৰত নিচাজাতীয় দ্রব্য মিহলাই দিয়া বুলিও সন্দেহ কৰিছে৷ কিন্তু ফৰেনছিকৰ প্রতিবেদনৰ পাছতহে এই তথ্য পোহৰলৈ আহিব৷ বিগত তিনি মাহ ধৰি আকাশ চৌধুৰীয়ে মাটিৰ দালাল চক্রৰ সৈতে জড়িত হৈ পৰাৰ তথ্যও আৰক্ষীয়ে লাভ কৰিছে৷ সকলো দিশ চালি–জাৰি চাই মহানগৰ আৰক্ষীয়ে বৰুৱা দম্পতীৰ হত্যাকাণ্ডৰ তদন্ত ক্ষিপ্রগতিত আগবঢ়াইছে৷
জীয়ৰী সোণালী বৰুৱাই দিছপুৰ থানাত ৰুজু কৰিলে গোচৰ
কর্মসূত্রে মুম্বাইত থকা বৰুৱা দম্পতীৰ কনিষ্ঠ কন্যা সোণালী বৰুৱা কালি বিয়লি গুৱাহাটীত উপস্থিত হয়৷ নিশা কন্যা সোণালীয়ে মুম্বাইৰ ঠিকনা দি দিছপুৰ থানাত পিতৃ–মাতৃৰ লোমহর্ষক হত্যাকাণ্ডৰ তদন্ত বিচাৰি এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪৫৮/৩৮০/৩০২ ধাৰাৰ অধীনত ৩৯০০/২০২১ নম্বৰত এটা গোচৰ ৰুজু কৰে৷ উক্ত গোচৰটোৰ ভিত্তিতে আৰক্ষীয়ে আকাশ চৌধুৰীক আজি আদালতত হাজিৰ কৰাই সাত দিনৰ জিম্মাত লয়৷
উদ্ধাৰ হোৱা নাই বৰুৱা দম্পতীৰ ম’বাইল
মহানগৰ আৰক্ষীয়ে এতিয়াও উদ্ধাৰ কৰিব পৰা নাই হত্যাৰ বলি হোৱা বৰুৱা দম্পতীৰ ম’বাইল ফোন৷ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা হত্যাকাণ্ডত ব্যৱহূত পটাগুটি, লোৰ খন্তাকে ধৰি অন্যান্য সামগ্রী জব্দ কৰিছে৷ কিন্তু এতিয়ালৈকে বৰুৱা দম্পতীয়ে ব্যৱহাৰ কৰা দুটাকৈ ম’বাইল ফোন উদ্ধাৰ কৰিব পৰা নাই৷ হত্যাকাৰীয়ে বৰুৱা দম্পতীক হত্যা কৰি ম’বাইল ফোন দুটা লুকুৱাই থোৱা বুলি সন্দেহ কৰা হৈছে৷ ম’বাইল ফোন দুটা বিচাৰি আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে৷ এই ম’বাইল দুটা উদ্ধাৰ হ’লে আৰু কিছু তথ্য লাভ কৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷
আকাশে ম’বাইলত ভিডি’ ৰেকর্ডিং কৰিছিল
বেলতলাৰ চন্দন নগৰৰ ১নং বাসগৃহত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে কালি পুৱা শোৱাপাটীত বৰুৱা দম্পতীৰ মৃতদেহ প্রত্যক্ষ কৰি ম’বাইলত ভিডি’ ৰেকর্ডিং কৰিছিল৷ ইতিমধ্যে সেই ভিডি’টো আৰক্ষীয়ে লাভ কৰিছে৷ আৰক্ষীৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে ভিডি’ ৰেকর্ডিং কৰি ককা আৰু আইতাক ডকাইতে হত্যা কৰি ঘৰৰ সা–সম্পত্তি লুটি নিয়া বুলি চিঞৰি চিঞৰি কান্দিছিল৷ আৰক্ষীৰ সূত্রটোৱে জানিবলৈ দিয়া মতে, এই হত্যাকাণ্ডক ডকাইতিৰ ৰূপ দিয়াৰ বাবে আৰু অতি পৰিকল্পিতভাৱেই আকাশে ভিডি’ ৰেকর্ডিং কৰি নিজকে দোষমুক্ত কৰিব বিচাৰিছিল বুলিও আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে৷

বৰুৱা দম্পতীৰ বাসগৃহত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা
বেলতলাৰ চন্দন নগৰত সংঘটিত হত্যাকাণ্ডই সমগ্র ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে আজি সন্ধিয়া মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উপস্থিত হয় দুর্ভগীয়া ননীগোপা বৰুৱাৰ বাসগৃহত৷ মুখ্যমন্ত্রী ড০ শর্মাই সমগ্র ঘটনাৰ বুজ লোৱাৰ লগতে বৰুৱা দম্পতীৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে৷ পাছত মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাৰ হত্যাকাণ্ড সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কয় যে এটা শান্তিপ্রিয় জীৱন যাপন কৰা বৰুৱা দম্পতীক যিদৰে হত্যা কৰা হ’ল, সেয়া সমাজখনৰ বাবে চিন্তা আৰু দুর্ভাগ্যৰ বিষয়৷ গুৱাহাটীত বহুত এনেকুৱা পিতৃ–মাতৃ আছে, যাৰ ল’ৰা–ছোৱালী বাহিৰত থাকি কেয়াৰটেকাৰৰ প্রতিপালনত পিতৃ–মাতৃ সুখেৰে ঘৰতে থকা বুলি বিশ্বাস কৰে৷ এই ঘটনাই মোক শোকান্বিত কৰি তুলিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আৰক্ষী আয়ুক্তই এই হত্যাকাণ্ডৰ মূল অভিযুক্তক চিনাক্ত কৰা হৈছে বুলি জানিবলৈ দিছে৷ হত্যাকাণ্ডটোৰ অন্তৰালত কোন কোন জড়িত হৈ আছে, সেয়া ফৰেনছিক লেবৰেটৰীৰ প্রতিবেদন অহাৰ পাছত মহানগৰ আৰক্ষীয়ে তথ্য সহকাৰে সকলো ৰাজহুৱা কৰিব৷ ফৰেনছিকৰ প্রতিবেদন আৰু বৈজ্ঞানিক তথ্যসমূহ লাভ কৰাৰ পাছত হত্যাকাণ্ডৰ উদ্দেশ্য স্পষ্ট হৈ পৰিব৷ মুখ্যমন্ত্রীয়ে ইয়াকো স্পষ্ট কৰে যে গুৱাহাটীত এনে ধৰণৰ অপৰাধ কৰি কোনো দোষীয়ে সাৰি যাব নোৱাৰে৷ আনহাতে, চি চি টিভিৰ প্রসংগত তেওঁ কয়– ‘গুৱাহাটীৰ বিভিন্ন স্থানত চি চি টিভিৰ প্রয়োজন আছে৷ বিশেষকৈ য’ত বয়োজ্যেষ্ঠ লোকসকল থাকে, তেনে স্থানত চি চি টিভিৰ যথেষ্ট প্রয়োজন, বিষয়টো আমি আলোচনা কৰিম৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি