Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 9:29 am

Home » দেশ-বিদেশ » ৰাষ্ট্ৰীয় » প্রথম পালি ভেকচিন ল’লে ২ কোটি লোকে

প্রথম পালি ভেকচিন ল’লে ২ কোটি লোকে

অসমত ক’ভিড প্রতিষেধক অভিযানত সফলতাৰ ক্ষেত্রত ৰাজ্যৰ স্বাস্থ্য বিভাগে আজি আন এক মাইলৰ খুঁটি অতিক্রম কৰিলে৷ লকডাউনৰ পৰা ক’ভিড পৰিস্থিতি উন্নত হৈ বর্তমান পৰিৱেশলৈ অহাৰ সময়তে আজি দুই ক’ভিড প্রতিষেধকৰ প্রথম পালি প্রদান কৰা লোকৰ সংখ্যাই ২ কোটি অতিক্রম কৰিলে৷ ভাৰত চৰকাৰৰ ক’উইন প’র্টেলৰ তথ্য অনুসৰি বুধবাৰে বিয়লি ৰাজ্যত প্রথম পালি ক’ভিড প্রতিষেধক গ্রহণ কৰা লোকৰ সংখ্যা হৈছে– ২,০০,০৩,৬২৩জন৷

আনহাতে, বুধবাৰে বিয়লি ৩.৩০ বজালৈকে ৰাজ্যৰ ৭৬,০৬,৩৩৭জন লোকে দ্বিতীয় পালি ক’ভিড প্রতিষেধক গ্রহণ কৰিছে৷ ইয়াকে লৈ ৰাজ্যবাসীৰ মাজত বুধবাৰে দিনটোত মুঠ ২,৭৬,০৯,৯৬০ ড’জ ক’ভিড প্রতিষেধক স্বাস্থ্য বিভাগে প্রদান কৰিলে৷ ইফালে ক’ভিড প্রতিষেধক অভিযানত অসমে লাভ কৰা এই আশাব্যঞ্জক সফলতাৰ ক্ষেত্রত ব্যাপক সঁহাৰি জনোৱাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্বাস্থ্যকর্মী তথা প্রতিষেধক অভিযানত জড়িত প্রত্যেককে অভিনন্দন জনোৱাৰ লগতে প্রধানমন্ত্রী নৰেন্দ্র মোদীকো এই অভিযানৰ সফলতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷
আনহাতে, দুই কোটি লোকক প্রথম প্রতিষেধক প্রদান অভিযানৰ অধীনত সামৰি লোৱাৰ বাবে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তয়ো ৰাজ্যবাসীক অভিনন্দন জনায়৷ স্বাস্থ্যমন্ত্রী মহন্তই ৰাজ্যৰ চুকে–কোণে, গাঁৱে–ভূঞে এই অভিযানক সফল কৰি তোলাৰ সবাতোকৈ গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰা প্রতিগৰাকী চিকিৎসক, স্বাস্থ্যকর্মী, আশাকর্মী, অংগনৱাড়ী কর্মী–সহায়িকা, গাঁওবুঢ়াৰ প্রতি কৃতজ্ঞতা জ্ঞাপন কৰিছে৷ তেওঁ জিলা প্রশাসনসমূহৰ লগতে জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকলে এই অভিযান সফল কৰাৰ বাবে গ্রহণ কৰা ভূমিকাৰো শলাগ লয়৷
বুধবাৰে ক’ভিডত আক্রান্ত ২৪৪, মৃত্যু ৬
ৰাজ্যত ক’ভিডৰ সংক্রমণ অব্যাহত আছে৷ আজিৰ দিনটোত ৰাজ্যখনত নতুনকৈ ২৪৪জন লোক ক’ভিডত আক্রান্ত হয়৷ সেইদৰে আজিৰ দিনটোত ক’ভিডত আক্রান্ত হৈ ৬জন লোক মৃত্যুমুখত পৰে৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমে জনোৱা অনুসৰি আজি অসমত মুঠ ৩৭,৮৩৬জন লোকৰ ক’ভিড পৰীক্ষা কৰা হয়৷ ইয়াৰে ২৪৪জনৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ আজি আক্রান্ত হোৱাসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাত ৭৫জন, শিৱসাগৰত ১৯জন, বৰপেটা আৰু কামৰূপ জিলাত ১৮জনকৈ লোক আক্রান্ত হৈছে৷ দিনটোত আক্রান্তৰ হাৰ ০.৬৪ শতাংশ৷ আনহাতে, আজি ক’ভিডত আক্রান্ত হৈ কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ দুজনকৈ, ধুবুৰী–যোৰহাট জিলাৰ এজনকৈ মুঠ ৬জন লোকৰ মৃত্যু হয়৷ ৰাজ্যখনত সুস্থতাৰ হাৰ ৯৮.৩৯ শতাংশ৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি