Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 5:29 pm

Home » আঞ্চলিক » অসম » অসমৰ জনজীৱনলৈ উন্নয়নৰ গংগা বোৱাই আনিব খুজিছে বিজেপিয়ে

অসমৰ জনজীৱনলৈ উন্নয়নৰ গংগা বোৱাই আনিব খুজিছে বিজেপিয়ে

অসমৰ নতুন প্রজন্মৰ বাবে এখন নতুন অসম নির্মাণৰ বাবে বিজেপিয়ে কাম কৰিছে৷ স্বাধীনতাৰ পূর্বে ধনে–ধানে উভৈনদী হৈ অসমখন ভাৰতৰ ভূখণ্ডত এখন শ্রেষ্ঠ ৰাজ্য আছিল৷ অসমৰ জনজীৱনলৈ বিজেপিয়ে উন্নয়নৰ গংগা বোৱাই আনিব খুজিছে৷ বিজেপিৰ উন্নয়নৰ এই যাত্রাক কোনেও ৰোধ কৰিব নোৱাৰে৷ উপ–নির্বাচনৰ পিছতে থাওৰা সমষ্টিতো উন্নয়নৰ নতুন বর্ণিল যুগৰ সূচনা হ’ব৷ উপ–নির্বাচনলৈ মাজত মাত্র তিনিটা দিন বাকী থকা অৱস্থাত মঙলবাৰে ১০৭নং থাওৰা বিধানসভা সমষ্টিত দ্বিতীয়বাৰৰ বাবে নির্বাচনী প্রচাৰলৈ আহি ভাষণত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এইদৰে কয়৷

মঙলবাৰৰ দিনটোত মুখ্যমন্ত্রী ড০ শর্মাই সমষ্টিটোৰ পানীদিহিঙৰ টেঙাপানী, গোহাঁইবাৰী বাগিচা, নিতাইপুখুৰী উচ্চতৰ মাধ্যমিক খেলপথাৰ, মহাৰাণী আৰু পালেঙী উচ্চ মাধ্যমিক খেলপথাৰত ৫খনকৈ নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰে৷ সমষ্টিটোৰ দেউৰী, মিচিং, নেপালী, সোণোৱাল কছাৰী জনগোষ্ঠীৰ বৃহৎ আৱাসিক অঞ্চলৰ পানীদিহিঙৰ টেঙাপানীত প্রথমখন নির্বাচনী সভাত ৫ সহস্রাধিক লোকক উদ্দেশ্যি দিয়া ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কেন্দ্র আৰু ৰাজ্যত এতিয়া বিজেপি নেতৃত্বাধীন চৰকাৰ অহা ২০২৪ আৰু ২০২৬লৈকে থাকিব৷ ৰাজ্যখনত এতিয়া বিৰোধী দলৰ নাম–নিচান নোহোৱা হৈছে৷ এনে পৰিৱেশত উন্নয়ন আৰু প্রগতিৰ স্বার্থত থাওৰা সমষ্টিৰ ৰাইজে অহা ৩০ অক্টোবৰত নিঃসংকোচে পদুমৰ চিনত ভোট দিব৷ সভাখনত জনগোষ্ঠীয় ৰাইজে স্বগোষ্ঠীয় সাজপাৰ পিন্ধি উপস্থিত হোৱাৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই পুলকিত হোৱা বুলি ব্যক্ত কৰে৷

ভাষণত তেওঁ ৰাইজক এইবাৰ নির্বাচনত সুশান্ত বৰগোহাঁইৰ পূর্বৰ হাতৰ চিহ্ণক লৈ ভুল নকৰিবলৈ আহ্বান জনাই কয় যে এইবাৰ সমষ্টিটোৰ উন্নয়নৰ সপোন দেখি অহা দুই প্রতিদ্বন্দ্বী কুশল দুৱৰী আৰু সুশান্ত বৰগোহাঁই একলগ হৈ ৰাইজৰ কাষ চাপিছে৷ পশ্চিম পানীদিহিং অঞ্চলৰ ৰাইজৰ সুবিধার্থে এখন পশু চিকিৎসালয় স্থাপন, হাতী–মানুহৰ সংঘাত নিবাৰণৰ বাবে সৌৰশক্তিৰ বেৰ, টেঙাপানী বলিয়াবাবা মন্দিৰক পর্যটনৰ ক্ষেত্র ৰূপে গঢ়ি তোলা, দিচাঙৰ বলমা ঘাটত স্থায়ী দলং নির্মাণৰ আশ্বাস দিয়াৰ লগতে লুইতপৰীয়া হাইস্কুলখনক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ প্রতিশ্রুতি দিয়ে৷ তদুপৰি পানীদিহিঙত দুগ্ধ সমবায় কেন্দ্র গঢ়ি তুলি প্রতিলিটাৰ গাখীৰৰ বাবে ৮ টকাকৈ চৰকাৰে সাহায্য দিয়াৰ লগতে পশুপালনৰ বাবে দিহিং–ব্রহ্মপুত্রৰ চাপৰিসমূহত হাইলেণ্ড স্থাপনৰ ব্যৱস্থা কৰা হ’ব বুলি কয়৷
ভাষণত তেওঁ আৰু কয় যে বজাৰৰ পৰা খীৰতী গাই ক্রয় কৰিবলৈ যোৱা লোকে সদায় বাছি বাছি অধিক গাখীৰ দিয়া গৰুহে কিনে৷ বিজেপিক অধিক গাখীৰ দিয়া গৰু হিচাপে তুলনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দানা বেছিকৈ খোৱা আৰু গাখীৰ নোলোৱা কংগ্রেছ আৰু ৰাইজৰ দলৰ প্রৰোচনাত থাওৰাৰ ৰাইজ যেন ভোল নাযায়৷ সেইদৰে নেপালীসকলক ডি ভোটাৰৰ অপবাদৰ পৰা বিজেপি চৰকাৰে মুক্ত কৰাৰ কথা উল্লেখ কৰে৷ আসন্ন উপ–নির্বাচনৰ পিছত থাওৰাত আৰু ব্রহ্মপুত্রৰ বানপানী নাহে, উন্নয়নৰ বানপানীহে আহিব বুলি কয় যে থাওৰাৰ নৈপৰীয়া ৰাইজে বোকাময় পিছল মথাউৰিত খোজ দিবলগীয়া পৰিস্থিতিৰ পৰাও অচিৰেই মুক্ত হ’ব৷ কংগ্রেছৰ চূড়ান্ত প্রৱঞ্চনাত থাওৰাত ভূমিপুত্র মিচিং, দেউৰী, কছাৰী জনগোষ্ঠীয় যিসকল লোক আজিও ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে, তেওঁলোকক এই চৰকাৰে মর্যাদাসহকাৰে জীয়াই থাকিবলৈ অচিৰেই ভূমিৰ স্বত্ব প্রদান কৰিব৷ অহা ২০২৬ বর্ষৰ সাধাৰণ নির্বাচনত ভোট বিচাৰি অহাৰ পূর্বে ভূমি পট্টনৰ কাম সম্পূর্ণ হ’ব লাগিব বুলিও সভাত উপস্থিত থকা ৰাজহ মন্ত্রী যোগেন মহনক নির্দেশ দিয়ে৷
আনহাতে জনগোষ্ঠীসকলৰ স্বকীয় কলা, ভাষা–সংস্কৃতি ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে কেবিনেটত সিদ্ধান্ত গ্রহণ কৰি ১০০ কোটি টকা ধার্য কৰাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জনগোষ্ঠীসকলক বিশ্বদৰবাৰলৈ নিয়াৰ বাবে এনে পদক্ষেপ কোনো চৰকাৰে গ্রহণ কৰা নাছিল৷ অহা ২২ নৱেম্বৰত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই আঁচনিৰ শুভাৰম্ভ কৰিব৷ নির্বাচনী প্রচাৰ সভাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈক সমালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অখিল গগৈয়ে তেওঁক থাওৰাৰ পঞ্চায়তে পঞ্চায়তে আহি নির্বাচনী প্রচাৰ চলোৱা কার্যত ধৰফৰাইছিল৷ কিন্তু অখিল গগৈয়ে জনাটো ভাল অসমৰ মুখ্যমন্ত্রীজনে ৰাজ্যখনৰ গাঁও পঞ্চায়তলৈ নাহি ক’লৈ আহিব? এজন মুখ্যমন্ত্রীৰ বাবে ৰাজ্যখনৰ গাঁও আৰু সমাজেই তীর্থভূমি৷ প্রয়োজন হ’লে তেওঁ গাঁও পঞ্চায়তে পঞ্চায়তে নহয়, গাঁৱৰ ঘৰে ঘৰে সোমাই ৰাইজৰ সমস্যাৰ বুজ লৈ সমাধানৰ কার্যসূচী প্রস্তুত কৰিব৷ অখিল গগৈয়ে বেয়া পালেও নির্বাচনত সুশান্ত বৰগোহাঁই জয়ী হোৱাৰ পিছত অহা ডিচেম্বৰ মাহত পানীদিহিঙলৈ আহি ৰাইজৰ লগত ব্রহ্মপুত্রৰ চাপৰিত দৈ–জলপানৰ উপৰি এসাঁজ ভাত খাই এটা দিন উদ্যাপন কৰিব বুলিও ঘোষণা কৰে৷ টেঙাপানীৰ পিছত গোহাঁইবাৰী বাগিচাত অনুষ্ঠিত সভাখনত মুখ্যমন্ত্রী ড০ শর্মাই থাওৰাৰ পৰা ডিব্রুগড়লৈ ক্ষিপ্র যোগাযোগৰ বাবে দিহিঙৰ ওপৰত ইটাখুলিত দলং নির্মাণৰ কথা ঘোষণা কৰে৷
সেইদৰে নিতাইপুখুৰী এইচ চি ডি জি কলেজত বিজ্ঞান শাখা মুকলি, নিতাইপুখুৰীৰ পৰা আৰম্ভ হোৱা জননেতা ভীমবৰ দেউৰী পথৰ বহলীকৰণ, নিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰক গ্রাম্য ক্রীড়াংগনলৈ উন্নীতকৰণ, ৭৫ বছৰ গৰকা নিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ তিনি কোটি টকাৰ অনুদান আগবঢ়োৱাৰো প্রতিশ্রুতি দিয়ে৷ সেইদৰে মহাৰাণীৰ নির্বাচনী সভাখনত মুখ্যমন্ত্রী ড০ শর্মাই অঞ্চলটোৰ ৰাইজক শীঘ্রে ভূমি পট্টা প্রদান কৰাৰ প্রতিশ্রুতি দিয়ে৷ আটাইকেইখন নির্বাচনী প্রচাৰ সভাত সমষ্টিটোৰ বিজেপি প্রার্থী সুশান্ত বৰগোহাঁই আৰু প্রাক্তন বিধায়ক কুশল দুৱৰীয়ে ভাষণ দিয়ে৷ নির্বাচনী প্রচাৰ সভাকেইখনত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকা, ৰাজহ মন্ত্রী যোগেন মহন, প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গোহাঁই, সাংসদ তপন কুমাৰ গগৈ, প্রদান বৰুৱা, বিধায়ক প্রশান্ত ফুকন, ভুবন পেগু, উৎপল বৰা, মানৱ ডেকা, প্রাক্তন মন্ত্রী হিৰণ্য কোঁৱৰ, প্রাক্তন বিধায়ক নৱনীতা সন্দিকৈ, গুৰুজ্যোতি দাস, বিজেপিৰ জিলা সভাপতি ময়ূৰ বৰগোহাঁই, ৰাজ্যিক মুখপাত্র ৰূপম গোস্বামী, সুভাষ দত্ত, কেন্দ্রীয় সাংগঠনিক সম্পাদক কুশল দত্ত আদি উপস্থিত থাকে৷ ইফালে, মুখ্যমন্ত্রী ড০ শর্মাই টেঙাপানী হাইস্কুল খেলপথাৰত অনুষ্ঠিত নির্বাচনী সভাখনত ৭০ বছৰীয়া আইতা বাঢ়ৈ দেউৰীক সাবট মাৰি ধৰি তেওঁৰ মনৰ কথা বুজ লোৱাৰ লগতে আশিস বিচাৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি