অসমৰ জনজীৱনলৈ উন্নয়নৰ গংগা বোৱাই আনিব খুজিছে বিজেপিয়ে
অসমৰ নতুন প্রজন্মৰ বাবে এখন নতুন অসম নির্মাণৰ বাবে বিজেপিয়ে কাম কৰিছে৷ স্বাধীনতাৰ পূর্বে ধনে–ধানে উভৈনদী হৈ অসমখন ভাৰতৰ ভূখণ্ডত এখন শ্রেষ্ঠ ৰাজ্য আছিল৷ অসমৰ জনজীৱনলৈ বিজেপিয়ে উন্নয়নৰ গংগা বোৱাই আনিব খুজিছে৷ বিজেপিৰ উন্নয়নৰ এই যাত্রাক কোনেও ৰোধ কৰিব নোৱাৰে৷ উপ–নির্বাচনৰ পিছতে থাওৰা সমষ্টিতো উন্নয়নৰ নতুন বর্ণিল যুগৰ সূচনা হ’ব৷ উপ–নির্বাচনলৈ মাজত মাত্র তিনিটা দিন বাকী থকা অৱস্থাত মঙলবাৰে ১০৭নং থাওৰা বিধানসভা সমষ্টিত দ্বিতীয়বাৰৰ বাবে নির্বাচনী প্রচাৰলৈ আহি ভাষণত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এইদৰে কয়৷ মঙলবাৰৰ দিনটোত মুখ্যমন্ত্রী ড০ শর্মাই সমষ্টিটোৰ পানীদিহিঙৰ টেঙাপানী, গোহাঁইবাৰী বাগিচা, নিতাইপুখুৰী উচ্চতৰ মাধ্যমিক খেলপথাৰ, মহাৰাণী আৰু পালেঙী উচ্চ মাধ্যমিক খেলপথাৰত ৫খনকৈ নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰে৷ সমষ্টিটোৰ দেউৰী, মিচিং, নেপালী, সোণোৱাল কছাৰী জনগোষ্ঠীৰ বৃহৎ