Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:05 am

Home » আঞ্চলিক » অসম » ছমহীয়া পৰীক্ষাত অনুপস্থিত ছাত্র–ছাত্রীয়ে দিব নোৱাৰিব মেট্রিক

ছমহীয়া পৰীক্ষাত অনুপস্থিত ছাত্র–ছাত্রীয়ে দিব নোৱাৰিব মেট্রিক

ছমহীয়া পৰীক্ষাত অনুপস্থিত থকা তথা অৱতীর্ণ নোহোৱা দশম শ্রেণীৰ ছাত্র–ছাত্রীসকলে আগন্তুক ২০২২ বর্ষৰ হাইস্কুল–হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষাত বহিব নোৱাৰিব৷ মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ সচিব সুৰঞ্জনা সেনাপতিয়ে এই সন্দর্ভত জাৰি কৰা এক গুৰুত্বপূর্ণ নির্দেশত এই কথা স্পষ্ট কৰি দিছে৷
ইফালে সংশ্লিষ্ট বিদ্যালয় তথা জিলা পর্যায়ৰ আভ্যন্তৰীণ পৰীক্ষা কমিটীয়ে অনুষ্ঠিত কৰা আভ্যন্তৰীণ পৰীক্ষাৰ নম্বৰ অন্তর্ভুক্তিৰ বাবে ছেবাই আজি এটা প’র্টেল মুকলি কৰে৷ ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ সভাপতিত্বত ছেবাৰ কার্যালয়ত অনুষ্ঠিত তথা অনলাইনযোগে শিক্ষামন্ত্রী ৰণোজ পেগু আৰু শিক্ষা বিভাগৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তীয়ে অংশগ্রহণ কৰা এখন সভাত এই প’র্টেলটো মুকলি কৰা হয়৷
শিক্ষামন্ত্রী ৰণোজ পেগুক প্রতিনিধিত্ব কৰি বিশিষ্ট অতিথি হিচাপে সভাত উপস্থিত থকা ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ড০ ননীগোপাল মহন্তই প’র্টেলটো মুকলি কৰে৷ ছেবাই নৱম শ্রেণীৰ বাবে নতুনকৈ প্রস্তুত কৰা কম্পিউটাৰ বিজ্ঞান বিষয়ৰ পাঠ্যপুথিখনো সভাত উন্মোচন কৰাৰ লগতে আজিৰে পৰা ছেবাৰ তৰফৰ পৰা আয়োজন কৰা কম্পিউটাৰ বিজ্ঞান শিক্ষকৰ দুদিনীয়া অনলাইন প্রশিক্ষণ কার্যসূচীৰো শুভাৰম্ভ কৰে শিক্ষা উপদেষ্টা অধ্যাপক ড০ মহন্তই৷ সভাখনত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব পুলক পাটগিৰি, আই আই টি, গুৱাহাটীৰ অধ্যাপক ড০ মনোজিৎ ঘোষ, ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিকে ধৰি কেইবাখনো বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্রী উপস্থিত আছিল৷
সোমবাৰে মুকলি কৰা প’র্টেলটোৰ লিংক উপলব্ধ হ’ব ছেবাৰ ৱেবছাইট sebaonline.orgত৷ এই প’র্টেলটোত ছেবাৰ অধীনস্থ বিদ্যালয়সমূহে নৱম আৰু দশম শ্রেণীৰ শিক্ষার্থীসকলৰ গোট পৰীক্ষা, ছমহীয়া পৰীক্ষা, বছৰেকীয়া পৰীক্ষা আৰু প্রাক চূড়ান্ত পৰীক্ষাত প্রাপ্ত নম্বৰসমূহ অন্তর্ভুক্ত কৰিব লাগিব৷ অৱশ্যে বর্তমান দশম শ্রেণীৰ প্রতিজন শিক্ষার্থীৰ ছমহীয়া পৰীক্ষাত প্রাপ্ত নম্বৰহে অন্তর্ভুক্ত হ’ব প’র্টেলটোত৷ এই সম্পর্কত ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে জাৰি কৰা নির্দেশটোত উল্লেখ কৰা অনুসৰি নম্বৰ অন্তর্ভুুক্তিৰ ক্ষেত্রত লগইন ইউজাৰ আইডি আৰু পাছৱর্ড পূর্বে ছেবাই নৱম শ্রেণীৰ বাবে প্রস্তুত কৰা ৰেজিষ্ট্রেচন প’র্টেলটোৰ সৈতে একে হ’ব৷ যদিহে কোনো বিদ্যালয়ে লগইন ইউজাৰ আইডি পাহৰিছে, তেন্তে বিদ্যালয়সমূহৰ পৰিদর্শকৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে৷
মন কৰিবলগীয়া যে দশম শ্রেণীৰ ছমহীয়া পৰীক্ষা অনুষ্ঠিত কৰাৰ প্রক্রিয়া অহা নৱেম্বৰ মাহৰ ভিতৰত সম্পূর্ণ কৰিবলৈ বিদ্যালয়সমূহক সময়সীমা নির্ধাৰণ কৰি দিছে ছেবাই৷ যদিহে এই নির্দেশনা তথা ব্যৱস্থাৱলী ৰূপায়ণত কোনো শিক্ষানুষ্ঠান ব্যর্থ হয়, তেন্তে ছেবাই তাৎক্ষণিকভাৱে ব্যৱস্থা গ্রহণ কৰিব৷ প্রয়োজনত আনকি সংশ্লিষ্ট শিক্ষানুষ্ঠানখনৰ স্বীকৃতিও বাতিল হ’ব পাৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি