|

ছমহীয়া পৰীক্ষাত অনুপস্থিত ছাত্র–ছাত্রীয়ে দিব নোৱাৰিব মেট্রিক

ছমহীয়া পৰীক্ষাত অনুপস্থিত থকা তথা অৱতীর্ণ নোহোৱা দশম শ্রেণীৰ ছাত্র–ছাত্রীসকলে আগন্তুক ২০২২ বর্ষৰ হাইস্কুল–হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষাত বহিব নোৱাৰিব৷ মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ সচিব সুৰঞ্জনা সেনাপতিয়ে এই সন্দর্ভত জাৰি কৰা এক গুৰুত্বপূর্ণ নির্দেশত এই কথা স্পষ্ট কৰি দিছে৷ ইফালে সংশ্লিষ্ট বিদ্যালয় তথা জিলা পর্যায়ৰ আভ্যন্তৰীণ পৰীক্ষা কমিটীয়ে অনুষ্ঠিত কৰা আভ্যন্তৰীণ পৰীক্ষাৰ নম্বৰ অন্তর্ভুক্তিৰ বাবে ছেবাই আজি এটা প’র্টেল মুকলি কৰে৷ ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ সভাপতিত্বত ছেবাৰ কার্যালয়ত অনুষ্ঠিত তথা অনলাইনযোগে শিক্ষামন্ত্রী ৰণোজ পেগু আৰু শিক্ষা বিভাগৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তীয়ে অংশগ্রহণ কৰা এখন সভাত এই প’র্টেলটো মুকলি কৰা হয়৷ শিক্ষামন্ত্রী ৰণোজ পেগুক প্রতিনিধিত্ব কৰি বিশিষ্ট অতিথি হিচাপে সভাত উপস্থিত থকা ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ড০ ননীগোপাল মহন্তই প’র্টেলটো