Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:17 pm

Home » আঞ্চলিক » অসম » এআইইউডিএফ–বিপিএফ কংগ্রেছক খীৰাই থাকিলেও গাখীৰ নোলায়

এআইইউডিএফ–বিপিএফ কংগ্রেছক খীৰাই থাকিলেও গাখীৰ নোলায়

উজনিৰ পাছত নামনিত উপ–নির্বাচনৰ মাৰাথন প্রচাৰ অভিযানত নামি পৰা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণা– পাঁচোটা সমষ্টিতেই বিজেপি মিত্রজোঁটৰ জয় নিশ্চিত৷ আজি গোসাঁইগাঁও–তামুলপুৰ সমষ্টিত প্রচাৰ চলাই ভোটাৰ ৰাইজক নাঙল, তলা–চাবি আৰু হাতক গংগাধৰ নৈত পেলাই দিবলৈ আহ্বান জনালে৷ গোসাঁইগাঁৱত ইউ পি পি এলৰ প্রার্থী জিৰণ বসুমতাৰী আৰু তামুলপুৰ সমষ্টিৰ প্রার্থী জলেন দৈমাৰীৰ সমর্থনত কাছিয়াবাৰীৰ আৰনাই খেলপথাৰ, হাতীধুৰাৰ দিংদিঙা শ্রীনগৰ সত্র, শুক্লাই ছেৰফাঙৰ ঔবাৰী, লক্ষীনাৰায়ণপুৰৰ আঙাৰকাটাত চাৰিখনকৈ বিশাল নির্বাচনী সভাত অংশ লৈ বিৰোধীক তীব্র ভাষাৰে সমালোচনা কৰি এই নির্বাচনত বিৰোধীৰ অস্তিত্ব নাই বুলিও কটাক্ষ কৰে৷

২৮নং গোসাঁইগাঁও বিধানসভা সমষ্টিৰ কাছিয়াবাৰী আৰু হাতীধুৰাত নির্বাচনী সভাত ভাষণ দি মুখ্যমন্ত্রীয়ে কয় যে কেন্দ্র, ৰাজ্য আৰু বি টি আৰত এতিয়া কংগ্রেছ, এ আই ইউ ডি এফ আৰু বি পি এফৰ কোনো চৰকাৰ নাই৷ তিনিওটা দলে ৰাইজক কোনো উন্নয়ন দিব নোৱাৰে৷ একমাত্র বিজেপি–মিত্রজোঁটৰ চৰকাৰেহে ৰাইজৰ সমস্যা সমাধান কৰিব পাৰিব৷ তেওঁ কয়– কংগ্রেছ, এ আই ইউ ডি এফ আৰু বি পি এফে ৰাইজক বিপথে পৰিচালিত কৰিবলৈ উপ–নির্বাচনত প্রার্থিত্ব প্রদান কৰিছে৷ ৩০ অক্টোবৰৰ ভোটদানৰ দিনা ৰাইজে এই তিনিটা দলক ভোট দি ভোটটো নষ্ট কৰিব নালাগে৷ মুখ্যমন্ত্রীয়ে এই সন্দর্ভত কটাক্ষ কৰি কয়– গৰু দুই ধৰণৰ আছে৷ গাখীৰ দিয়া আৰু গাখীৰ নিদিয়া৷
কংগ্রেছ, এ আই ইউ ডি এফ আৰু বি পি এফ গাখীৰ নিদিয়া গৰু৷ গতিকে যি গৰুৱে গাখীৰ নিদিয়ে, সেই গৰুক দানা খুৱাই লাভ নাই৷ জনাকীর্ণ নির্বাচনী সভাত ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে কয়– দিছপুৰৰ শাসনত থকা বিজেপি মিত্রজোঁটৰ চৰকাৰখনে গোসাঁইগাঁও আৰু তামুলপুৰ বিধানসভা সমষ্টিৰ উন্নয়নক এক নতুন স্তৰলৈ লৈ যাব৷ অৰুণোদয় আঁচনিৰ অধীনত গোসাঁইগাঁও বিধানসভা সমষ্টিৰ হিতাধিকাৰীৰ সংখ্যা ১৭ হাজাৰৰ পৰা ২৭ হাজাৰলৈ বৃদ্ধি কৰা হ’ব৷ তদুপৰি কাছিয়াবাৰী অঞ্চলত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় নির্মাণৰ কাম অহা বছৰৰ এপ্রিল মাহৰ পৰাই আৰম্ভ কৰা হ’ব৷ একেদৰে যমদুৱাৰত সোণকোষ নৈৰ গৰাখহনীয়া প্রতিৰোধৰ কাম অহা নৱেম্বৰত আৰম্ভ কৰা হ’ব৷ অঞ্চলটোত ৩০খন বিছনাযুক্ত হাস্পতাল স্থাপন কৰাৰ উপৰি কাছিয়াবাৰীত এটা নতুন উন্নয়ন খণ্ড স্থাপন কৰা হ’ব৷
মুখ্যমন্ত্রীয়ে ভাষণ প্রসংগত ইয়াকো উল্লেখ কৰে যে শেহতীয়াকৈ ৰাষ্ট্রীয় উদ্যান হিচাপে ঘোষণা কৰা ৰায়মনাৰ দাঁতি–কাষৰীয়া অঞ্চলৰ গাঁওসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে অচিৰেই বিশেষ পেকেজ ঘোষণা কৰিব৷ ইফালে হাতীধুৰাৰ দিংদিঙা শ্রীনগৰ সত্রত অনুষ্ঠিত এখন নির্বাচনী সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমান বিজেপি মিত্রজোঁটৰ চৰকাৰখনে শাসনৰ দয়িত্ব লাভৰ পাছতেই জনসাধাৰণৰ আশা–আকাংক্ষা পূৰণৰ দিশত ঐকান্তিকতাৰে পদক্ষেপ লৈ আছে৷ ৰাজ্যখনৰ এক লাখ শিক্ষিত নিবনুৱা যুৱক–যুৱতীক স্বচ্ছতাৰে চৰকাৰী চাকৰিত নিয়োগ কৰাৰ বাবে চৰকাৰখনে পদক্ষেপ আৰম্ভ কৰিছে৷ মুখ্যমন্ত্রীৰ ঘোষণা– এক টকা ঘোচ নিদিয়াকৈ এক লাখ যুৱক–যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ’ব৷
কংগ্রেছৰ দিনত একোটা চাকৰিৰ নামত ২০–২৫ লাখ টকা ঘোচ দিবলগীয়া হৈছিল৷ কিন্তু এইবাৰ কোনেও এটকাকৈও ঘোচ নিদিয়াকৈ চাকৰি লাভ কৰিব৷ অচিৰেই অসম আৰক্ষীত ২৫ হাজাৰ পদ খালী হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে ইয়াৰ বাবে যুৱক–যুৱতীসকলক সকলো ধৰণৰ প্রস্তুতি সম্পূর্ণ কৰিবলৈ আহ্বান জনায়৷ মাইক্র’ ফাইনেঞ্চৰ ঋণ গ্রহণ কৰা মহিলাসকললৈ ঋণ ৰেহাই প্রক্রিয়া নৱেম্বৰ মাহৰ পৰাই আৰম্ভ হ’ব বুলি আজি মুখ্যমন্ত্রীয়ে পুনৰ ঘোষণা কৰে৷ এই সভাতে মুখ্যমন্ত্রীয়ে কয় যে তামাৰহাট আৰু হাতীধুৰা অঞ্চলৰ বিদ্যুৎ সৰবৰাহৰ ব্যৱস্থা অচিৰেই উন্নত কৰি তোলা হ’ব৷ বৃহত্তম তামাৰহাট অঞ্চলৰ সাধাৰণ ৰাইজৰ স্বাস্থ্য সেৱা উন্নত কৰাৰ লক্ষ্যৰে তামাৰহাট ক্ষুদ্র প্রাথমিক স্বাস্থ্যকেন্দ্রটো উন্নীত কৰা হ’ব৷ অঞ্চলটোৰ খহনীয়া প্রতিৰোধৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা গ্রহণৰো আশ্বাস দিয়ে মুখ্যমন্ত্রীয়ে৷ তদুপৰি তামাৰহাট অঞ্চলৰ ছাত্র–ছাত্রীসকলৰ সুবিধার্থে চৰকাৰে অঞ্চলটোত এখন বিজ্ঞান মহাবিদ্যালয় স্থাপন কৰিব৷
দিংদিঙাৰ শ্রীনগৰ সত্রত অনুষ্ঠিত নির্বাচনী সভাৰ পূর্বেই মুখ্যমন্ত্রী ড০ শর্মাই ঐতিহাসিক ৰামৰাইকুটি সত্রৰ শাখা সত্র দিংদিঙা শ্রীনগৰ সত্র দর্শন কৰি ৰাজ্যবাসীৰ কুশল–মংগল কামনা কৰি সেৱা লয়৷ আনহাতে তামুলপুৰ সমষ্টিৰ শুক্লাই ছেৰফাঙৰ ঔবাৰীত আয়োজিত আন এখন নির্বাচনী সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে বিৰোধী কংগ্রেছ, এ আই ইউ ডি এফ আৰু বি পি এফক তীব্র ভাষাৰে সমালোচনা কৰি গাখীৰ নিদিয়া গৰুক ঘাঁহ খুৱাই লাভ নাই বুলি মন্তব্য কৰে৷ তামুলপুৰ সমষ্টিৰ উপ–নির্বাচনত সেয়েহে ভোটাৰ ৰাইজে বিৰোধী দলৰ প্রার্থীক ভোট দি নিজৰ ভোট নষ্ট নকৰিবলৈ আহ্বান জনায়৷ এই সভাতে মুখ্যমন্ত্রীয়ে একাংশ সুলভ মূল্যৰ দোকানীয়ে দুখীয়া ৰাইজৰ পাব লগা চাউলৰ কিছু অংশ কাটি ৰখা সন্দর্ভত সকীয়নি দি কয় যে যিসকল ৰেচন দোকানীয়ে দুখীয়া লোকৰ চাউল কাঢ়ি ৰাখে, সেইসকল দোকানী অচিৰেই জে’ললৈ যাব লাগিব৷
ইয়াৰ বাবে জানুৱাৰী মাহত চৰকাৰে এট ট’লফ্রী ফোন নম্বৰ মুকলি কৰিব বুলি কৈ দুখীয়া ৰাইজে ইয়াৰ জৰিয়তে ৰেচন দোকানীৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে৷ তামুলপুৰ সমষ্টিৰ সুলভ মূল্যৰ দোকানীয়ে চাউল বিতৰণৰ ক্ষেত্রত গ্রাহকৰ পৰা অতিৰিক্ত ধন সংগ্রহ কৰা বুলি ৰাইজে কৰা অভিযোগ সন্দর্ভত বিহিত ব্যৱস্থা গ্রহণৰ বাবে সভাত উপস্থিত থকা মন্ত্রী ৰঞ্জিত কুমাৰ দাস আৰু বি টি আৰৰ উপ–মুখ্য কার্যবাহী সদস্য গোবিন্দ বসুমতাৰীক নির্দেশ দিয়ে৷ ভাষণত মুখ্যমন্ত্রীয়ে লগতে কয় যে বি টি আৰৰ শান্তি চুক্তিৰ পাছত সাধাৰণ ৰাইজে এতিয়া ইয়াৰ সুফল লাভ কৰা প্রক্রিয়া আৰম্ভ হৈছে৷ বিগত ৫ মাহৰ ভিতৰতে বৃহত্তৰ তামুলপুৰবাসীয়ে নতুন চৰকাৰৰ পৰা কেইবাটাও উল্লেখযোগ্য উপহাৰ লাভ কৰিছে৷
মুখ্যমন্ত্রীয়ে কয়– অচিৰেই তামুলপুৰক জিলালৈ উন্নীত কৰাৰ লগতে তামুলপুৰত স্থাপন হ’ব চিকিৎসা মহাবিদ্যালয়৷ তদুপৰি পাগলাদিয়াৰ ওপৰত নতুনকৈ আন এখন দলং নির্মাণ কৰা হ’ব৷ বাইহাটা চাৰিআলিৰ পৰা বগামাটিলৈ দুই লেনযুক্ত পথৰ কামো আৰম্ভ হ’ব অতি সোনকালে৷ মুখ্যমন্ত্রীয়ে ঔবাৰীত এখন নতুন ষ্টেডিয়াম স্থাপনৰ বাবে ৰাজ্য চৰকাৰে ১০ কোটি টকা আবণ্টন দিব বুলি আজি ঘোষণা কৰে৷ তদুপৰি অৰুণোদয় আঁচনিৰ অধীনত সমষ্টিটোৰ হিতাধিকাৰীৰ সংখ্যা ১৬ হাজাৰৰ পৰা ২৬ হাজাৰলৈ বৃদ্ধি কৰিব বুলিও উল্লেখ কৰে তেওঁ৷ ঔবাৰীত অনুষ্ঠিত নির্বাচনী সভাৰ পূর্বেই সভাস্থলীৰ নিকটৱর্তী শিৱ মন্দিৰ দর্শন কৰি ৰাজ্যবাসীৰ কুশল–মংগল কামনা কৰে মুখ্যমন্ত্রীয়ে৷ ইয়াৰ পাছতেই লক্ষীনাৰায়ণপুৰ আঙাৰকাটাত অনুষ্ঠিত আন এখন নির্বাচনী সভাত মুখ্যমন্ত্রীয়ে পাগলাদিয়া নৈৰ ওপৰত এখন নতুন দলং নির্মাণ কৰাৰ কথা পুনৰ ঘোষণা কৰে৷ তদুপৰি আঙাৰকাটাত উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হ’ব বুলিও তেওঁ প্রতিশ্রুতি দিয়ে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি