Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:37 pm

Home » সম্পাদকীয় » অনন্য প্ৰতিভা কুমাৰী কাছেমা খাতুন : এক জিলিঙনি

অনন্য প্ৰতিভা কুমাৰী কাছেমা খাতুন : এক জিলিঙনি

  • ছফিক্ উজ জামান (দুলাল)
গৈছিলোঁ চাবলৈ, ২০ আৰু ২১ মে’ ১৯৯৫ চনত একাদশ বাৰ্ষিক অবিভক্ত গোৱালপাৰা জিলা সাহিত্য সভাৰ অধিবেশন, দক্ষিণ শালমাৰাত অনুষ্ঠিত হৈছিল। সভাখনত গৈ অসমৰ বহুতো প্ৰথিতযশা সাহিত্যিকক ওচৰৰ পৰা দেখাৰ বা তেখেত সকলৰ কথা শুনাৰ সৌভাগ্য হৈছিল। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসমৰ ঘৰে ঘৰে পৰিচিত নাম সাহিত্যিক শ্ৰীযুত হিতেশ ডেকা মহোদয়কো লগ পাইছিলোঁ। সেই সভাখনত লগ পোৱা সকলৰ ভিতৰত ৫(পাঁচ)গৰাকী বিশিষ্ট ব্যক্তিৰ নাম আজিও পাহৰিব পৰা নাই, সেই কেইগৰাকী হ’ল শ্ৰীযুত হিতেশ ডেকা, আব্দুল গফুৰ,দীনবন্ধু ডেকা,নৃপেন্দ্র নাথ ডিহিদাৰ আৰু কুমাৰী কাছেমা খাতুন। আটাইতকৈ ব্যস্ত আৰু সভাক সাফল্যমণ্ডিত কৰাৰ ক্ষেত্রত অধিক তৎপৰ হৈ থকা যেন দেখা গৈছিল আব্দুল গফুৰ,দীনবন্ধু ডেকা আৰু কাছেমা খাতুনক। সেই সভা চলি থকা কেউটা দিনত সকলোৰে দৃষ্টি আকৰ্ষণৰ কেন্দ্ৰ বিন্দু কাছেমা খাতুন আৰু দীনবন্ধু ডেকা। কাছেমা খাতুন এগৰাকী অতি ব্যস্ত আৰু দক্ষ মহিলা। প্রথম দৃষ্টিতে তেখেতক চাই সেই সময়ত বিখ্যাত হৈ পৰা লেখিকা তছলিমা নাচৰিনৰ কথা মোৰ মনত পৰিছিল। কুমাৰী কাছেমা খাতুনৰ সৌন্দৰ্য্য আৰু ব্যক্তিত্ব সকলোকে মোহিত কৰিব পৰা,কি চাব : মঞ্চত কবিতা আবৃত্তি, অকলেই চিৰ চেনেহী মোৰ ভাষা জননী গীত গোৱা আৰু গুৰুত্বপূৰ্ণ ভাষণ প্রদান ।সকলোতে যেন কাছেমা খাতুন অকলে এক নাৰী সকলোৰে ওপৰত বিৰাজ কৰিছিল। মানুহ এজনে প্ৰথমে মানুহৰ মন আকৰ্ষণ কৰে তেখেতৰ শাৰীৰিক সৌন্দৰ্যৰ দ্বাৰা আৰু তাৰ পিছত সাক্ষাতে অসাক্ষাতে চিৰ দিনলৈ মনত বিৰাজ কৰে অথবা প্রভাৱিত কৰে তেখেতৰ ব্যক্তিত্ব আৰু প্রতিভাৰ দ্বাৰা। মই আজিও অনুভৱ কৰোঁ কুমাৰী কাছেমা খাতুনৰ মাজত এই সকলোবোৰ গুণেই যেন বিদ্যমান।
কাছেমা খাতুনক এতিয়ালৈ তিনিবাৰ লগ পোৱাৰ সৌভাগ্য হৈছে মোৰ। আৰু মই দেখিছোঁ বহুবাৰ তেখেতক তেখেতৰ সৃষ্টিৰাজি – তেখেতৰ কিতাপ সমূহৰ পাতে পাতে : 
  • লবেজান (কাব্য সংকলন)
  • পৃথিৱীৰ দুৱাৰ বিচাৰি(কাব্য সংকলন)
  • তোমাৰ বাবে(কাব্য সংকলন)
  • নিধুৱা পাথাৰ(কাব্য সংকলন:গোৱালপৰীয়া)
  • নির্জন সৈকত(কাব্য সংকলন:বাংলা)
  • অনুভূতি(কাব্য সংকলন)
  • গোৱালপৰীয়া অভিধান
  • ডেমু (পুস্তিকা:গোৱালপাৰীয়া)
  • জন্ম:যন্ত্রণা:আশা ইত্যাদি (চুটি গল্প)
  • ৰূপালী বালিৰ সপোন (উপন্যাস)
যিমানেই পঢ়িছোঁ সিমানেই মোহিত হৈ পৰিছোঁ তেখেতৰ লিখনিৰ মাজত তেখেতক বিচাৰি পাই
অৰুন্ধতী ৰায় আৰু তছলিমা নাছৰিন আজি বিশ্ব সাহিত্যৰ দুটি পৰিচিত নাম। মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ সেই একে শাৰীতে স্থান পাব লাগিছিল অবিভক্ত গোৱালপাৰা জিলাৰ এটি জকাইচুকীয়া গাওঁ তেলীপাৰা, গেৰামাৰী-গৌৰীপুৰৰ সন্তান কাছেমা খাতুন। সাহিত্যৰ সম্পূৰ্ণ দক্ষতা থাকিও বঞ্চিত। ব্যক্তি এগৰাকীৰ কৰ্ম বা সৃষ্টিৰাজি অথবা ব্যৱহাৰত আনতকৈ ব্যতিক্ৰমী বৈশিষ্ট প্রদর্শন আৰু যদি হয় বিতর্কিত লগতে বহু সময়ত দেখা যায় প্রচাৰ মাধ্যম আৰু শাসক-প্রশাসকৰ আনুকূল্য পায় বা আশিসধন্য হয় তেতিয়া দেখা যায় ব্যক্তি গৰাকীক সহজতে সমাজত বিখ্যাত বা চর্চিত জনাজাত হৈ পৰে। মোৰ দৃষ্টিত কাছেমা খাতুনৰ যি সৃষ্টিৰাজি সেয়া সাহিত্যৰ পথাৰখনত খলকনি তুলিব পৰাকৈ যথেষ্ট যোগ্যতা আছিল বা এতিয়াও আছে। মই ভাবোঁ বিশেষকৈ তেখেতৰ ৰচিত উপন্যাস ‘ৰূপালী বালিৰ সপোন’ এখনি বিশ্বমানৰ সাহিত্য। য’ত অসমৰ চৰ সমূহত বসবাস কৰা সংগ্ৰামী পমুৱা, ন-অসমীয়া বা মিঞা জনজীৱনৰ এক উৎকৃষ্ট ছবি সফলভাৱে উপস্থাপন কৰিছে ।২০০৩ চনৰ মাৰ্চ মাহত প্রকাশিত এ উপন্যাসখন যদি ইংৰাজী ভাষাত ৰচিত হ’ল হেতেন তেতিয়া হ’লে নিশ্চয় আজি কাছেমা খাতুনৰ নাম বিশ্ব সাহিত্যৰ দৰবাৰত জিলিকি উঠিবলৈ সক্ষম হ’ল হেতেন। এই খন উপন্যাস এতিয়াও ইংৰাজী ভাষাত অনুবাদ কৰি বিশ্ববাসীৰ ওচৰ চপাই দিব পাৰিলে এতিয়াও সময় আছে।
তেখেতৰ প্রতিটো ৰচনাত নিজৰ মন-মানসিকতা আৰু দক্ষতাৰ যথেষ্ট ছাপ সফলভাৱে ৰূপায়িত কৰিব পাৰিছে। অসমীয়া, বাংলা আৰু তেখেতৰ প্ৰিয় মাতৃভাষা দেশী (গোৱালপৰীয়া) ভাষাত ৰচিত কবিতা, গল্প, উপন্যাস আৰু প্রৱন্ধ আদিৰ মাজেৰে তেখেতে নিজৰ সামাজিকভাৱে থকা দায়বদ্ধতা আৰু এজন সুনাগৰিকৰ কর্তব্যখিনি স্পষ্টকৈ উপস্থাপন কৰাত সফল হৈছে আৰু তেখেতৰ লিখনিত পাঠক সদায় তৃপ্ত। ড৹ আম্বেদকাৰ পুৰস্কাৰ বিজয়ী লেখিকা আৰু ৰাষ্ট্রপতি পুৰস্কাৰ প্ৰাপ্ত এই গৰাকী শিক্ষয়ত্রীয়ে তেখেতৰ শিক্ষা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাহিৰেও এগৰাকী দায়িত্বশীল অভিভাৱক বুলি ইতিমধ্যে তেখেতৰ সান্নিধ্য পোৱা সকলোৱে একেমুখে স্বীকাৰ কৰিবলৈ বাধ্য।
কুমাৰী কাছেমা খাতুন ভাষা-সাহিত্য তথা সামাজিক জীৱনত হেজাৰ বছৰ জীয়াই থাকিব তেখেতৰ ৰচিত কিতাপ সমূহৰ ভিতৰত অন্যতম উপন্যাস ‘ৰূপালী বালিৰ সপোন’ আৰু ‘গোৱালপৰীয়া অভিধান’ এই দুখন কিতাপৰ বাবেই অমৰ হৈ ৰ’ব, ই ধুৰূপ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি