- আব্দুৰ ৰহিম আহমেদ
বহু দিনলৈ কবিতা অহা নাই….,
অত্যাচাৰবোৰো গৈছে সীমা চেৰাই…।
হিংসা, লোভ, ক্ষমতাই
মানুহৰ মাজত পাইছে ঠাই,
ক্ষমা, ত্যাগ, দয়াক
মানুহে যেন দিছে বিদাই ।
কেনে মানুহ সেইবোৰ,
মানুহক জুলুমেৰে আনন্দ পাই…!
মানুহৰ মাজতে অসহায় মানুহ,
সাগৰত কিন্তু জাহাজ ডুবা নাই !
ভাল মানুহৰেই একতা নাই
অজ্ঞজনেই সেয়ে গৰিষ্ঠতা পাই,
ক্ষমতাৰ বলেৰে যি ইচ্ছা তাকে কৰে,
ভাৱে সি তাৰ সমান কোনোই নাই….
অজ্ঞজনেই সেয়ে গৰিষ্ঠতা পাই,
ক্ষমতাৰ বলেৰে যি ইচ্ছা তাকে কৰে,
ভাৱে সি তাৰ সমান কোনোই নাই….
অথাই সাগৰত ককবকায় দৰিদ্র জনতাই ,
ক্ষমতাৰে কোবায় আকৌ দেশৰে ৰজাই,
এইবোৰো মানুহ, সেইবোৰো মানুহ,
একেই বাসিন্দা হৈও জীয়াই থকাৰ লৰাই…
পাহাৰ পুৰ কাতুলি, বৰপেটা,