- ছুৰমান আলী
হিন্দুস্তানৰ হিন্দু মই
এয়া মোৰ ভৌগলিক পৰিচয়
ধৰ্মত মই ইছলাম বিশ্বাসী
এয়া মোৰ আধ্যাত্মিক পৰিচয়
অসমৰ অসমীয়া মই
এয়া মোৰ জাতীয় পৰিচয়
ঘৰত মই বঙালী
এয়া মোৰ বংশগত পৰিচয়
মই ভাৰতীয়
এয়া মোৰ ৰাষ্ট্ৰীয় পৰিচয়
অসমৰ বাসিন্দা মই
এয়া মোৰ ৰাজ্যিক পৰিচয়
লুঙী-টুপি-দাড়ি মোৰ প্ৰিয়
এয়া মোৰ গোত্ৰীয় পৰিচয়
হৃদয়ত মোৰ মুহাম্মদৰ আদৰ্শ
এয়া মোৰ মানৱতাৰ পৰিচয়
মানুহৰ বাবে কাম কৰোঁ মই
এয়া মোৰ নিৰপেক্ষ পৰিচয়
মই মানুহ
এয়া মোৰ বিশ্ব পৰিচয়
ৰাক্ষসিনী,গোৱালপাৰা
৯১০১১৫৪০৪২