Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:15 pm

Home » সাহিত্য » কবিতা » তোমাৰ চকুত চকু থৈ খুলিম প্ৰেমৰ টোপোলা

তোমাৰ চকুত চকু থৈ খুলিম প্ৰেমৰ টোপোলা

  • দ্বীপশিখা গগৈ তৃষ্ণা, গোলাঘাট, (মুৰফুলনী)

আবেলি বোৰ আহে আকৌ যায় আনদিনাৰ দৰে.,
বেলিটোও পাহাৰখনৰ আঁৰত লুকাই বালিমাহী চৰাইজনীৰ দৰে.,
মোৰ পদূলিৰ ন-কৈ গাভৰু হোৱা খৰিকাজাই জোপাই আলসুৱা সুগন্ধি বিলাই
নিশা এপৰলৈ…
বুকুখনে বিচাৰে তেতিয়া উদভ্ৰান্ত যৌৱনে আমনি কৰা সুগন্ধি পখিলা।
তোমাৰ চকুত চকু থৈ খোলো বুলিয়েই খুলি দিব নোৱাৰো মোৰ সেই প্ৰেমৰ টোপোলা।
মোৰ প্ৰিয় মৌ নিগৰা বৰষুণজাক আহিব দিয়া একে লগে তিতিম ওৰে নিশা,
নিশা ফুলা ফুল বোৰ ফুলক,
উত্তেজিত নহবা,
মলয়া দুপাখিত ধৰি সুগন্ধি বোৰ আহক।
প্ৰকৃতিৰ প্ৰতিটো সুৰ মধুৰ হয়
প্ৰেমৰ পোচাক জোৰ পিন্ধিবলৈ মনত যেতিয়া এখন উৎসৱ পতা হয়,
নহয়নে…
প্ৰেম মই কৰিব জানো অন্ধৰ দৰে,
অভিমানবোৰ মইও সামৰিব জানো আবতৰিয়া বৰষুণজাক দায়ীত্বশীল মাটিয়ে সামৰি থোৱাৰ দৰে,
মৰমবোৰ এবাৰ চটিয়াই দিবাচোন
পিতাই শাওনৰ বুকুত সোণগুটি চটিওয়াৰ দৰে,
চেনেহবোৰ বুলাই দিবাচোন
আইৰ তাম বৰণীয়া দুহাতে সেউজীয়াবোৰ বোকাত গুজি দিয়াৰ দৰে,
মোৰ পিতাই মটীয়া ৰঙৰ পাগুৰিটো দেখি সংজ্ঞা নিৰূপন নকৰিবা গঞা…
মইহে জানো মোৰ পিতাই আঘোণ দিনৰ গীতবোৰ কিমান যে সুৰীয়া।
মইও কেঁচা মাটিৰ গোন্ধত মতলীয়া,
আমাৰ গাঁও জকাই চুকীয়া…
তুমি জোনাকী জনী হৈ আন্ধাৰ নিশা এটি চাই আহিবা,
মোৰ প্ৰিয় বোৰ যদি তোমাৰো ভাল লগা কবিতাৰ সুৰ হয়,
সেইদিনাই খুলিম
তোমাৰ চকুত চকু থৈ প্ৰেমৰ টোপোলা…।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি