মই অস্পৃশ্য প্ৰাণী
ছানোৱাৰ ৰহমান, বৰপেটাৰোড পথৰ দাঁতিত পৰি থকা বাবেইলোকৰ দৃষ্টিত মই অস্পৃশ্য প্ৰাণী,মোক দেখিলেই কাষেৰে পাৰ হোৱাসভ্য সমাজৰ ঘৃণাত নাক কোঁচ খায়। মলিয়ন মোৰ সাজ পোচাকদেহত মোৰ মাখিৰ বাসস্থানজঠৰ লগা চুলি আৰু মুখত একোছা দাড়ি।পথৰ দাঁতিত পৰি থকামই অস্পৃশ্য প্ৰাণী। এমুঠি অন্নৰ প্ৰয়োজনত কেতিয়াবাখুচৰি ফুৰো আৱৰ্জনাভৰ্তি ডাষ্টবিননতুবা কোনোবাৰ চুৱাপাতউৎস লাগিলে যিয়েই নহওঁকপালেই উদৰ পূৰাই খাওঁনাপালেও নৰখাদক নহওঁকাৰণ মুখা পিন্ধা সভ্যতাৰঅংশ নহওঁ মই। অন্যৰ ভাগ নিজৰ কৰিবলৈকত ছল চাতুৰী,কতযে হত্যা হিংসাৰ দাবানলআনক মাৰি নিজে জীয়াৰদানবীয় হাবিয়াস মোৰ নাই সেয়ে প্ৰশ্ন হয়,আচলতে অস্পৃশ্য কোন, পাগল কোন? মোৰ দৰে মলিয়ন বস্ত্ৰৰ আঁৰত থকা হতভাগানে শুভ্ৰ বস্ত্ৰৰ আঁৰত লুকা থকা কুৎসিত মানুহ… আটকধুনীয়া অট্টালিকা,আৰু শীততাপ নিয়ন্ত্ৰিত শোৱনি কোঠাৰকোমল তুলিৰ বিচনাএইবোৰ যে মোৰ সপোনৰো অগোচৰতাৰ সলনি