- কাজল লতা মেধি
মণিমালা ,
তোমাৰ ৰক্তিম ওঁঠৰ পনিয়ল
মই হেতুলুকা চৰাই হৈ খুটি খুটি খাম!
তুমি কেনেকৈ বাধা দিবা মোক
মণিমালা…
আৱতৰীয়া সামুদ্ৰিক ধুমুহা হৈ
উৰুৱাই নিম তোমাৰ হিয়াৰ মুধছ
অাৰু উৰুৱাই নিম পছোঁৱা হৈ তোমাৰ
লাজৰ তৰাফুলীয়া আঁচল!
তুমি কেনেকৈ বাধা দিবা মোক
মণিমালা..
মই যে প্ৰেম …মই যে প্ৰেম…মণিমালা!
গভাইত চোৰৰ দৰেই অতি নিঃশব্দে
চুৰ কৰি নিব পাৰোঁ দিন দুপৰতে
বুকুৰ বৰপেৰাত সযতনে সাঁচি ৰখা
তোমালোকৰ ৰঙা ৰঙা কেঁচা কলিজা!
সেই প্ৰেম মণিমালা…
যি প্ৰেমে শিৰত সৌন্দৰ্য্যৰ মুকুট পিন্ধি
মাটিত ভৰিও নথোৱা গাভৰুবোৰৰ
দেহতো পিন্ধাই দিয়ে
দুখৰ শতছিন্ন পোছাক আৰু ডিঙিত
কাঁইটীয়া কেকটাছৰ মালা!
সেই প্ৰেম মণিমালা
যি প্ৰেমে কোনো পাহোঁৱাল ডেকাৰ
শিলৰ দৰে কঠিনতম হৃদয়ো
নিমিষতে মমৰ দৰে গলাই
দুচকুত আঁকি দিব পাৰে অশ্ৰুফুলৰ মালা!
মই প্ৰেম মণিমালা …
মোৰ প্ৰেমৰ জুইত কলিজাবোৰ তোমালোকৰ ডেই যোৱাকৈ সেকি
নিজ হাতেই বিষাদৰ লুণীয়া সাগৰত যে
ডুৱাই থওঁ আলফুলে!
য’ত তোমালোকে খেপিয়াই খেপিয়াই
হয়তো মাণিক বিচাৰি ফুৰা!
মই আকৌ আহিছোঁ আজি
তোমাৰ কাষলৈ…
তুমি কেনেকৈ বাধা দিবা মোক মণিমালা!
মই যে প্ৰেম…মই যে প্ৰেম….
জোনাকী চৰাই হৈ তোমাৰ অজানিতে
তোমাৰেই হৃদয়ৰ ফেৰেঙণিত
বাহ এটি সাজিম
হেঁপাহৰ খেৰকুটি কঢ়িয়াই পূনৰাই আজি!