নীলাম হৃদয়খনত প্ৰাপ্তিহীনতাৰ বেদনা
ৰিতুমণি কলিতা জীৱনৰ যুদ্ধত হাৰি যোৱাৰ সন্ধিক্ষণহেৰুৱা নদীৰ ঘাটত বাখৰুৱা প্ৰণয়ৰসমৰ্পন । অশ্ৰুসিক্ত নয়নৰ লোতকতপাহাৰ ভৈয়ামক সাক্ষী কৰিপ্ৰেমৰ বিদায় বেলাত কেঁচা ঘা টুকুৰা হৈসাঁচ বহি ৰ’ল ৰঙা কলিজাৰ এফালত । ৰান্ধনি বেলিৰ পোহৰত উদ্ভাসিতজীৱনৰ স্বচ্ছতা হেৰাই বাকৰুদ্ধ । মণি-মুকুতা সদৃশ চকুলোবোৰ ক্ৰমাৎএখন বিশাল জলপ্ৰপাত সৃষ্টি ,চুক্তিপত্ৰ উৱলি বিলীন জলধাৰত ।নীলাম হৃদয়খনত প্ৰাপ্তিহীনতাৰ বেদনা ! সপোন কোঁৱৰৰ তেজীঘোঁৰা চেকুৰাইমহতীয়াই লৈ যোৱা প্ৰবল বালি ধুমুহাতঅপ্ৰেমৰ দলিলখন নিৰৱধি সময়ৰ লেখজোখৰ বিন্দুত উৰুৱাইবিলুপ্ত জগতৰ মাজত আৱদ্ধ । লিখিবলৈ পংক্তি অস্তিত্বহীনৰাধা-কৃষ্ণৰ দৰে আধৰুৱা প্ৰেমেকুশলহীনতাৰ পৰিধিত কন্দুৱাইবহু কথা নোকোৱাকৈ ৰৈ গ’ল । বহু উজাগৰী ৰাতি নিৰ্জনতাতজীৱনৰ স্পন্দিত সুৰৰ আহত প্ৰণয় পক্ষী । মই জড় পদাৰ্থৰ নিৰ্বাক হৈস্থিৰদৃষ্টিৰে চাও আকাশলৈ ,তৰাৰ দেশত যাব পৰা হ’লেতিৰবিৰাই হাঁহি বিলাই