Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 11:17 am

Home » আঞ্চলিক » অসম » গ্ৰেপ্তাৰ হ’ল সুৰাসক্ত মডেল ৰাজকন্যাঃ গ্ৰেপ্তাৰ হ’ব পাৰে GNRCৰ শীৰ্ষ চিকিৎসকো

গ্ৰেপ্তাৰ হ’ল সুৰাসক্ত মডেল ৰাজকন্যাঃ গ্ৰেপ্তাৰ হ’ব পাৰে GNRCৰ শীৰ্ষ চিকিৎসকো

গুৱাহাটী : গ্ৰেপ্তাৰ হ’ল সুৰাসক্ত মডেল ৰাজকন্যা। ৰুক্মিণীগাঁৱত ৯ জনকৈ শ্ৰমিকক বাহনেৰে মহতিয়াই আহত কৰা সুৰাসক্ত মডেল ৰাজকন্যা বৰুৱাৰ আজি প্ৰায় এঘণ্টা স্বাস্থ্য পৰীক্ষা কৰে মেডিকেল বৰ্ডে। মেডিকেল ব’ৰ্ডৰ প্ৰতিবেদনত ধৰা নপৰিল ৰাজকন্যাৰ অসুস্থতা। GNRCত চিকিৎসাধীন হৈ থকা ৰাজকন্যা বৰুৱাৰ স্বাস্থ্যৰ অৱস্থা প্ৰকৃততে কেনেকুৱা সেয়া জানিবৰ বাবে গঠন কৰা হৈছিল ৬ জনীয়া মেডিকেল বৰ্ড। মেডিকেল বৰ্ডৰ প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিয়ে আজি আৰক্ষীয়ে ৰাজকন্যাক গ্ৰেপ্তাৰ কৰে। ইপিনে GNRCত চিকিৎসাধীন হৈ থকা ৰাজকন্যা বৰুৱাক কোনো অসুস্থতা নথকা স্বত্তেও চিকিৎসালয়ৰ আইচিইউত ৰাখি ৰক্ষণাবেক্ষণ দিয়া ঘটনাৰ বাবে গ্ৰেপ্তাৰ হ’ব পাৰে GNRCৰ শীৰ্ষ চিকিৎসকো।
উল্লেখ্য যে লক্ষণীয় যে নিজকে মডেল বুলি দাবী কৰা ৰাজকন্যাই এই ভয়াৱহ দুর্ঘটনাটো সংঘটিত কৰিও অনুশোচনাত দগ্ধ হোৱা নাই৷ ইয়াৰ পৰিৱর্তে ছ’চিয়েল মিডিয়াত তেওঁৰ বিৰুদ্ধে অপপ্রচাৰ চলোৱা বুলিহে দাবী কৰাৰ লগতে শ্রমিকসকলৰহে দোষ আছিল বুলি মন্তব্য কৰিছে৷ তদুপৰি তেওঁৰ বিৰুদ্ধে অপপ্রচাৰ চলোৱাসকলৰ বিৰুদ্ধে তেওঁ আইনী সহায় ল’ব বুলিও উল্লেখ কৰিছে৷ সান্ধ্য আইন উলংঘাৰে সুৰামত্ত হৈ ৰাজকন্যাই গাড়ী চলোৱা, কর্তব্যৰত আৰক্ষীক বাধা প্রদান কৰা, ৰাজহুৱা স্থানত আৰক্ষী আৰু শ্রমিকক দুর্ব্যৱহাৰ কৰাৰ পাছতো দিছপুৰ থানাৰ আৰক্ষীয়ে ৰাজকন্যাৰ বিৰুদ্ধে বহুকেইটা ধাৰা আৰোপ কৰা নাছিল৷ সুৰামত্ত হৈ গাড়ী চলোৱা ৰাজকন্যাৰ বিৰুদ্ধে আৰক্ষীয়ে আই পি চি ৩০৪ (এ) আৰু যান–বাহন আইনৰ ১৮৫ ধাৰা প্রয়োগ নকৰিলে৷ দিছপুৰ আৰক্ষীয়ে ৰাজকন্যাক ৰক্ষণাবেক্ষণ দিবলৈকে গুৰুতৰ অপৰাধ সংঘটিত কৰাৰ পাছতো বহুকেইটা ধাৰা আৰোপ নকৰা বিষয়টোৱে ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰিছিল৷
স্মর্তব্য যে দুর্ঘটনাটোত আহত হোৱা এজন শ্রমিকে চিৰজীৱনৰ বাবে দুয়োটা ভৰি হেৰুৱাই পংগুত্বক সাবটি ল’বলগীয়া হয়৷ আহত ৮গৰাকী শ্রমিকৰ ভিতৰত ২জনৰ পৰিচয় এতিয়াও আৰক্ষীয়ে লাভ কৰা নাই৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি