Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:21 am

Home » আঞ্চলিক » অসম » প্ৰতিবেদন- ২ : ছাৰ্ভেৰ নামত অবৈধ ধন সংগ্ৰহ

প্ৰতিবেদন- ২ : ছাৰ্ভেৰ নামত অবৈধ ধন সংগ্ৰহ

গুৱাহাটী : একাংশ খণ্ড উন্নয়ন বিষয়া আৰু গাঁও পঞ্চায়তৰ সভাপতিক মেনেজ কৰি কমাৰ্চিয়েন ইণ্ডাষ্ট্ৰীজ অফ ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটোৱে স্বচ্চ ভাৰত অভিযান মিছনৰ অধীনত বুলি দাবী কৰি গাঁৱে গাঁৱে ছাৰ্ভে চলাই পাৰ্মানেণ্ট হাউচ নাম্বাৰ প্লেট বিতৰণৰ নামত অবাধে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমে৷
সংগঠনটোৰ মুখ্য উপদেষ্টা প্ৰদীপ কলিতাই এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী, অসম চৰকাৰৰ মুখ্য সচিব, পঞ্চায়ত আৰু গামোন্নয়ন বিভাগৰ আয়ুক্তলৈ এক অভিযোগ দাখিল কৰে৷ অভিযোগ পত্ৰত উল্লেখ কৰা অনুসৰি– ত্ৰিপুৰাত পঞ্জীয়ন কাৰ্যালয় দেখুওৱা Commercial Industry of India নামৰ প্ৰতিষ্ঠানটোৱে যোৱা কিছুদিন ধৰি অসমৰ প্ৰতিটো টাউন, গাঁও পঞ্চায়তত স্বচ্চ ভাৰত অভিযান মিছনৰ নাম ব্যৱহাৰ কৰি Survey and Fixing Logo House/Shop/Hotel Numbering Plateৰ কাম কৰি আছে৷
বিশেষকৈ বৰপেটা জিলাৰ টাউন আৰু গাঁওসমূহত সম্প্ৰতি এই কাম ক্ষীপ্ৰতৰ গতিত চলি আছে৷ প্ৰতিষ্ঠানটোৱে একাংশ ট্ৰপ্স-odinator আৰু Field Worker নিয়োগ কৰি এই কাম কৰি থকাৰ লগতে খৰচ বাবদ প্ৰতিটো পৰিয়ালৰ পৰা ৫০ টকাকৈ ধন সংগ্ৰহ কৰি আছে৷ উল্লেখ কৰা বাহুল্য যে গাঁওবাসীয়ে এই কাৰ্যৰ অনুমতিৰ তথ্য বিচৰাৰ লগতে আমাৰ হাতত পৰা তথ্য অনুসৰি বৰপেটা জিলা উপাযুক্তৰ কাৰ্যালয়ৰ পৰা জিলা উন্নয়ন আয়ুক্তই বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু টাউন কমিটিৰ কাৰ্যবাহী বিষয়াসকললৈ লিখা এক পত্ৰত উল্লেখ কৰিছে যে ‘Commercial Industry of India নামৰ প্ৰতিষ্ঠানটোৱে Survey and Fixing Logo House/Shop/Hotel Numbering Plateৰ বাবে ছাৰ্ভে কৰিব বিচাৰিছে৷ গতিকে এই সন্দৰ্ভত নিয়মানুসৰি যথোচিত ব্যৱস্থা ল’বলৈ জনায়৷’ সেই পত্ৰ লাভ কৰি বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াইও জিলাখনৰ প্ৰতিটো খণ্ড উন্নয়ন বিষয়াসকললৈ এক পত্ৰ প্ৰেৰণ কৰি একেখিনি কথাকে উল্লেখ কৰে৷
কিন্তু ৰহস্যৰ বিষয়টো হ’ল যে চৰকাৰৰ ফালৰ পৰা এই ছাৰ্ভে কৰাৰ নামত কোনো ধৰণৰ নি(য়তা লাভ নকৰাকৈয়ে কেৱল বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ ‘নিয়মানুসৰি যথোচিত ব্যৱস্থা ল’বলৈ জনোৱা’ পত্ৰটি লাভ কৰিয়েই খণ্ড উন্নয়ন বিষয়াসকলে কোন নিয়মৰ অধীনত প্ৰতিষ্ঠানটোৱে এই ছাৰ্ভে কাৰ্য চলাই নিয়াৰ অনুমতি প্ৰদান কৰাৰ লগতে খৰচৰ বাবদ সৰ্বাধিক ৫০ টকা কৈ ধন সংগ্ৰহ কৰিব পাৰিব বুলি স্পষ্ট উল্লেখ কৰি গাঁও পঞ্চায়তৰ সভাপতি সকললৈ এক নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰে৷ উক্ত পত্ৰ লাভ কৰিয়েই গাঁও পঞ্চায়তৰ সভাপতিসকলেও ৱাৰ্ড সদস্যসকললৈও একেই নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰে৷ ফলত এই পত্ৰসমূহৰ জৰিয়তে Commercial Industry of India নামৰ প্ৰতিষ্ঠানটোৰ বৰপেটা জিলা কো-অৰ্ডিনেটৰ চিত্তৰঞ্জন তালুকদাৰে একাংশ নিৱনুৱা যুৱক-যুৱতীক ব্যৱহাৰ কৰি অনায়াসে ছাৰ্ভে কৰি যোৱাৰ লগতে অবাধে ধন সংগ্ৰহ কৰি আছে৷ যিসময়ত চৰকাৰে কোনো আঁচনি ঘোষণা কৰাৰ লগে লগে ৰাইজৰ মজত সজাগতা সৃষ্টি কৰিবলৈ বিভিন্ন বাতৰি পৰিৱেশন নাইবা বিজ্ঞাপনৰ জৰিয়তে ব্যাপক প্ৰচাৰ চলায়, তেনে সময়তে নীৰৱে এটি প্ৰতিষ্ঠানটোৱে চলাই থকা এই কামৰ বৈধতা কিমান আৰু বিতৰণ কৰি থকা কাৰ্ডখনৰ প্ৰয়োজনীয়তা কিমান তাৰ স্থিতি স্পষ্ট কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ একেদৰে ছাৰ্ভে চলাই থকা Commercial Industry of India নামৰ প্ৰতিষ্ঠানটোও সন্দেহৰ আৱৰ্তত৷
আনহাতে চৰকাৰৰ ফালৰ পৰা কোনো নিশ্চয়তা লাভ নকৰাকৈয়ে খণ্ড উন্নয়ন বিষয়া আৰু গাঁও পঞ্চায়তৰ সভাপতিসকলে নিজাববীয়াকৈ কোন আইন বা নিয়মৰ অধীনত প্ৰতিষ্ঠান এটাক ছাৰ্ভে আৰু ধন সংগ্ৰহ কৰিবলৈ অনুমতি প্ৰদান কৰিছে সেয়াও ৰহস্যৰ বিষয়৷ গতিকে সমগ্ৰ বিষয়টো তদন্তৰ আওতালৈ আনি বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনায় সংগঠনটোৱে৷ এসপ্তাহৰ ভিতৰত উক্ত অভিযোগৰ সঠিক প্ৰত্যুত্তৰ নাপালে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাত এক গোচৰ তৰিব বুলি সকিয়াই দিয়ে সংগঠনটোৰ উপদেষ্টা প্ৰদীপ কলিতাই৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি